--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আইনী শাস্তিৰ পৰা হাত সাৰিবলৈ এগৰাকী শিক্ষকে হাতত ল’লে এক অদ্ভূত পন্থা। যি কথা শুনিলে আপোনাৰ চকু কপালত উঠিব। শিক্ষকগৰাকী এক ধৰ্ষণৰ গোচৰত অভিযুক্ত হৈছিল। বিহাৰৰ ভগলপুৰ জিলাৰ পৰা পোহৰলৈ আহিছে এটা অদ্ভুত গোচৰ। ইয়াত ধৰ্ষণৰ অভিযোগত অভিযুক্ত এগৰাকী শিক্ষকে জে’ললৈ যোৱাৰ পৰা হাত সাৰিবলৈ মৃত্যুৰ নাটক ৰচনা কৰিছিল। সেই অনুসৰি গাত কফন পিন্ধি জ্বলন্ত চিতাৰ ওপৰত শুই পৰে অভিযুক্ত শিক্ষকজন। আৰু তেতিয়াই পিতৃয়ে মৃত পুত্ৰৰ মুখাগ্নি কৰাৰ ছবি তুলি তাৰ আধাৰত পঞ্চায়ত সম্পাদকৰ পৰা পুত্ৰৰ মৃত্যুৰ প্ৰমাণপত্ৰ বনায় আৰু আদালতত দাখিল কৰে। পৰৱৰ্তী সময়ত মৃত্যুৰ প্ৰমাণ পত্ৰ আৰু শ্মশানত কাঠ ক্ৰয় কৰাৰ ৰচিদো আদালতত দাখিল কৰে পিতৃয়ে। 

অভিযুক্ত শিক্ষকগৰাকী ইশিপুৰ বৰাহাট থানা এলেকাৰ বাসিন্দা। ২০১৮ চনৰ ১৪ অক্টোবৰত এজনী নাবালিকা ছোৱালীক ধৰ্ষণ কৰাৰ অপৰাধত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল। আদালতত বিচাৰধীন এই গোচৰৰ শাস্তিৰ পৰা হাত সাৰিবলৈকে শেহতীয়াকৈ অভিযুক্তজনে পিতৃৰ সৈতে মিলি চিনেমা কায়দাৰে বুদ্ধি পাঙে। অভিযুক্ত শিক্ষকজনৰ পিতৃয়ে ২০২২ চনৰ ১৯ ​​এপ্ৰিলত মৃত্যুৰ প্ৰমাণ পত্ৰ প্ৰদান কৰিছিল, য’ত ২০২২ চনৰ ২৭ ফেব্ৰুৱাৰীত তেওঁৰ ভুৱা মৃত্যুৰ তথ্য দিয়া হৈছিল। এই মৃত্যুৰ প্ৰমাণ পত্ৰৰ ভিত্তিত আদালতে গোচৰটো বন্ধ কৰি দিয়ে। কিন্তু শপতনামা দাঙি ধৰা ভুক্তভোগীৰ পৰিয়াল তথা অধিবক্তা উমেশ প্ৰসাদে যেতিয়া জিলা জনসংযোগ প্ৰতিকাৰ বিষয়াৰ ওচৰত অভিযোগ কৰে তেতিয়া সমগ্ৰ বিষয়টো পোহৰলৈ আহে।

সোমবাৰে তেওঁ বিশেষ POCSO আদালতত আত্মসমৰ্পণ কৰে। বৰ্তমান আদালতে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে শিক্ষকজনক।

এই ক্ষেত্ৰত জিলা পৰিসংখ্যা বিষয়া ৰবি ৰঞ্জন ৰাকেশৰ প্ৰতিবেদনে সমগ্ৰ ৰহস্য উদঙাই দিলে। এই গোচৰটো POCSO Case No. 5754/2018 (TR-232/20) বিশেষ আদালতত আছে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক