--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আইনী শাস্তিৰ পৰা হাত সাৰিবলৈ এগৰাকী শিক্ষকে হাতত ল’লে এক অদ্ভূত পন্থা। যি কথা শুনিলে আপোনাৰ চকু কপালত উঠিব। শিক্ষকগৰাকী এক ধৰ্ষণৰ গোচৰত অভিযুক্ত হৈছিল। বিহাৰৰ ভগলপুৰ জিলাৰ পৰা পোহৰলৈ আহিছে এটা অদ্ভুত গোচৰ। ইয়াত ধৰ্ষণৰ অভিযোগত অভিযুক্ত এগৰাকী শিক্ষকে জে’ললৈ যোৱাৰ পৰা হাত সাৰিবলৈ মৃত্যুৰ নাটক ৰচনা কৰিছিল। সেই অনুসৰি গাত কফন পিন্ধি জ্বলন্ত চিতাৰ ওপৰত শুই পৰে অভিযুক্ত শিক্ষকজন। আৰু তেতিয়াই পিতৃয়ে মৃত পুত্ৰৰ মুখাগ্নি কৰাৰ ছবি তুলি তাৰ আধাৰত পঞ্চায়ত সম্পাদকৰ পৰা পুত্ৰৰ মৃত্যুৰ প্ৰমাণপত্ৰ বনায় আৰু আদালতত দাখিল কৰে। পৰৱৰ্তী সময়ত মৃত্যুৰ প্ৰমাণ পত্ৰ আৰু শ্মশানত কাঠ ক্ৰয় কৰাৰ ৰচিদো আদালতত দাখিল কৰে পিতৃয়ে। 

অভিযুক্ত শিক্ষকগৰাকী ইশিপুৰ বৰাহাট থানা এলেকাৰ বাসিন্দা। ২০১৮ চনৰ ১৪ অক্টোবৰত এজনী নাবালিকা ছোৱালীক ধৰ্ষণ কৰাৰ অপৰাধত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল। আদালতত বিচাৰধীন এই গোচৰৰ শাস্তিৰ পৰা হাত সাৰিবলৈকে শেহতীয়াকৈ অভিযুক্তজনে পিতৃৰ সৈতে মিলি চিনেমা কায়দাৰে বুদ্ধি পাঙে। অভিযুক্ত শিক্ষকজনৰ পিতৃয়ে ২০২২ চনৰ ১৯ ​​এপ্ৰিলত মৃত্যুৰ প্ৰমাণ পত্ৰ প্ৰদান কৰিছিল, য’ত ২০২২ চনৰ ২৭ ফেব্ৰুৱাৰীত তেওঁৰ ভুৱা মৃত্যুৰ তথ্য দিয়া হৈছিল। এই মৃত্যুৰ প্ৰমাণ পত্ৰৰ ভিত্তিত আদালতে গোচৰটো বন্ধ কৰি দিয়ে। কিন্তু শপতনামা দাঙি ধৰা ভুক্তভোগীৰ পৰিয়াল তথা অধিবক্তা উমেশ প্ৰসাদে যেতিয়া জিলা জনসংযোগ প্ৰতিকাৰ বিষয়াৰ ওচৰত অভিযোগ কৰে তেতিয়া সমগ্ৰ বিষয়টো পোহৰলৈ আহে।

সোমবাৰে তেওঁ বিশেষ POCSO আদালতত আত্মসমৰ্পণ কৰে। বৰ্তমান আদালতে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে শিক্ষকজনক।

এই ক্ষেত্ৰত জিলা পৰিসংখ্যা বিষয়া ৰবি ৰঞ্জন ৰাকেশৰ প্ৰতিবেদনে সমগ্ৰ ৰহস্য উদঙাই দিলে। এই গোচৰটো POCSO Case No. 5754/2018 (TR-232/20) বিশেষ আদালতত আছে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু