--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা কেইবছৰমানৰ পৰা বাৰে বাৰে অভিযোগ উত্থাপন হৈছে যে এই দেশত সাম্প্ৰদায়িক হিংসাৰ সংখ্যা বৃদ্ধি পাইছে। অভিযোগ কৰা হৈছে যে ‘লাভ জেহাদ’ বৃদ্ধি পাইছে। তাৰ ছাঁ বৰ্তমান পাটনাৰ সিনহা পৰিয়ালত পৰিছে। অভিনেতা তথা সাংসদ শত্ৰুঘন সিনহাৰ কন্যা অভিনেত্ৰী সোনাক্ষী সিনহাই শেহতীয়াকৈ মুছলমান জাহিৰ ইকবালৰ সৈতে বিবাহপাশত আবদ্ধ হয়। বিবাহৰ ঘোষণাৰ পিছতে অভিনেত্ৰীগৰাকীৰ লগতে তেওঁৰ পৰিয়ালে বিভিন্ন পক্ষৰ সমালোচনাৰ সন্মুখীন হ’বলগীয়া হয়।

বিয়াৰ পিছতে ‘লাভ জেহাদ’ৰ ধূলি উঠাই পাটনাত এটা দলে প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ পিছত শত্ৰুঘ্নৰ স্পষ্ট উত্তৰ, "মোৰ ছোৱালীয়ে যিয়েই নকৰক দেশৰ সংবিধান মানি চলিছে৷ মাইণ্ড ইউৰ অউন বিজনেছ।''

পাটনাৰ হিন্দু শিৱ ভৱনী সেনাই সোণাক্ষীৰ বিবাহক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে। পাটনা চহৰত দেখা গৈছে প্ৰতিবাদ। অভিনেত্ৰীগৰাকীৰ বিবাহক ‘লাভ জেহাদ’ হিচাপে চিহ্নিত কৰা হৈছে। সোণাক্ষীৰ বিবাহক লৈও ক্ষুব্ধ নেটিজেনৰ এটা অংশ।

এইবাৰ গৃহ চহৰ পাটনাত কন্যা সোনাক্ষীক লৈ সমালোচকক কঠোৰ উত্তৰ দিলে অভিনেতাগৰাকীয়ে। তেওঁ ক'লে, "মোৰ ছোৱালীয়ে একো ভুল কৰা নাই। তেওঁ যি কৰিছে সেয়া সংবিধান অনুযায়ী কৰিছে। যিসকলে এই সকলোবোৰ কৰি আছে তেওঁলোকৰ নিজৰ কোনো জীৱন নাই। জীৱনত বাস্তৱ কিবা এটা কৰক। ইয়াতকৈ বেছি নকওঁ।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ