--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা কেইবছৰমানৰ পৰা বাৰে বাৰে অভিযোগ উত্থাপন হৈছে যে এই দেশত সাম্প্ৰদায়িক হিংসাৰ সংখ্যা বৃদ্ধি পাইছে। অভিযোগ কৰা হৈছে যে ‘লাভ জেহাদ’ বৃদ্ধি পাইছে। তাৰ ছাঁ বৰ্তমান পাটনাৰ সিনহা পৰিয়ালত পৰিছে। অভিনেতা তথা সাংসদ শত্ৰুঘন সিনহাৰ কন্যা অভিনেত্ৰী সোনাক্ষী সিনহাই শেহতীয়াকৈ মুছলমান জাহিৰ ইকবালৰ সৈতে বিবাহপাশত আবদ্ধ হয়। বিবাহৰ ঘোষণাৰ পিছতে অভিনেত্ৰীগৰাকীৰ লগতে তেওঁৰ পৰিয়ালে বিভিন্ন পক্ষৰ সমালোচনাৰ সন্মুখীন হ’বলগীয়া হয়।

বিয়াৰ পিছতে ‘লাভ জেহাদ’ৰ ধূলি উঠাই পাটনাত এটা দলে প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ পিছত শত্ৰুঘ্নৰ স্পষ্ট উত্তৰ, "মোৰ ছোৱালীয়ে যিয়েই নকৰক দেশৰ সংবিধান মানি চলিছে৷ মাইণ্ড ইউৰ অউন বিজনেছ।''

পাটনাৰ হিন্দু শিৱ ভৱনী সেনাই সোণাক্ষীৰ বিবাহক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে। পাটনা চহৰত দেখা গৈছে প্ৰতিবাদ। অভিনেত্ৰীগৰাকীৰ বিবাহক ‘লাভ জেহাদ’ হিচাপে চিহ্নিত কৰা হৈছে। সোণাক্ষীৰ বিবাহক লৈও ক্ষুব্ধ নেটিজেনৰ এটা অংশ।

এইবাৰ গৃহ চহৰ পাটনাত কন্যা সোনাক্ষীক লৈ সমালোচকক কঠোৰ উত্তৰ দিলে অভিনেতাগৰাকীয়ে। তেওঁ ক'লে, "মোৰ ছোৱালীয়ে একো ভুল কৰা নাই। তেওঁ যি কৰিছে সেয়া সংবিধান অনুযায়ী কৰিছে। যিসকলে এই সকলোবোৰ কৰি আছে তেওঁলোকৰ নিজৰ কোনো জীৱন নাই। জীৱনত বাস্তৱ কিবা এটা কৰক। ইয়াতকৈ বেছি নকওঁ।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু