--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সোনাক্ষী সিনহা আৰু জহীৰ ইকবালৰ বিবাহ অনুষ্ঠানত বলীউডৰ বহু তাৰকা উপস্থিত থাকে। মুম্বাইৰ শিল্পা শ্বেট্টীৰ ৰেষ্টুৰেণ্ট ‘বাষ্টিয়ান’ত আয়োজন কৰা ৰিচিপচনত ৰেখা, ছাইৰা বানু, ছলমান খান, কাজোলকে ধৰি বহু কেইজন উপস্থিত থাকে। কিন্তু এই ‘হেভিৱেট’ বিয়াত বলীউডৰ শ্বেহেনশ্বাহ অমিতাভ বচ্চন বা তেওঁৰ পৰিয়ালৰ কোনো এজনকো দেখা পোৱা নগ’ল।

শত্ৰুঘ্ন সিনহাৰ কন্যাৰ বিয়াত অমিতাভৰ অনুপস্থিতি নেটিজেনৰ চকুৰ পৰা সাৰি নগ’ল। পুৰণি প্ৰতিদ্বন্দ্বিতাৰ বাবেই অমিতাভ আৰু তেওঁৰ পৰিয়াল সোনাক্ষীৰ বিয়াত অনুপস্থিত বুলি বলীউডত উৰাবাতৰি প্ৰকাশ পাইছে। শত্ৰুঘনে নিজেই কেইবাটাও সাক্ষাৎকাৰত অমিতাভৰ সৈতে হোৱা প্ৰতিদ্বন্দ্বিতাৰ বিষয়ে কয়।

১৯৭৯ চনৰ ‘কলা পাঠৰ’ ছবিৰ শ্বুটিঙৰ পৰাই দুয়োৰে মাজত প্ৰতিদ্বন্দ্বিতা আৰম্ভ হৈছিল। অৱশ্যে শত্ৰুঘনে এক সাক্ষাৎকাৰত স্বীকাৰ কৰে যে সেই সময়ত যি হৈছিল সেয়া একেবাৰেই সঠিক নাছিল। পৰিপক্কতাৰ অভাৱৰ বাবেই এনে হৈছিল।

শত্ৰুঘনে কয়, ‘কাণ্ডটো ইচ্ছাকৃতভাৱে হোৱা নাছিল। অমিতাভৰ সৈতে যুঁজৰ দৃশ্যৰ শ্বুটিং চলি আছিল। এই দৃশ্যটো পৰিচালনা কৰিছিল ‘ফাইট মাষ্টাৰ’ শ্বেট্টীয়ে। তেতিয়াই সমস্যাটো আৰম্ভ হৈছিল।" তেওঁ কয় যে ইয়াৰ আগতে দুয়োৰে মাজত বন্ধুত্ব আছিল। কিন্তু শত্ৰুঘনে এই দৃশ্যত হঠাতে কিছু পৰিৱৰ্তন অনা হ’ল বুলি প্ৰতিবাদ কৰিছিল। কিন্তু এই পৰিৱৰ্তনৰ বিৰুদ্ধে অমিতাভে একো কোৱা নাছিল। বৰঞ্চ এই নতুন দৃশ্যপট তেওঁৰ অনুমোদন আছিল।

‘কলা পাঠহৰ’ৰ উপৰিও শত্ৰুঘন আৰু অমিতাভে একেলগে ‘দোস্তানা’, ‘শান’, ‘নছিব’ৰ দৰে ছবিত অভিনয় কৰিছিল। কিন্তু কিছু সময়ৰ পাছত দুয়ো একেলগে অভিনয় বন্ধ কৰি দিলে। আনকি কেইবাখনো ছবিৰ অফাৰো নাকচ কৰিছিল শত্ৰুঘনে। লগতে কিছুমান ছবি অগ্ৰিম মাচুল দি ঘূৰাই দিলে। নেটিজেনৰ মতে, প্ৰতিদ্বন্দ্বিতা শেষ নোহোৱাৰ বাবেই বিয়াত সোণাক্ষী অনুপস্থিত আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু