--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সোনাক্ষী সিনহা আৰু জহীৰ ইকবালৰ বিবাহ অনুষ্ঠানত বলীউডৰ বহু তাৰকা উপস্থিত থাকে। মুম্বাইৰ শিল্পা শ্বেট্টীৰ ৰেষ্টুৰেণ্ট ‘বাষ্টিয়ান’ত আয়োজন কৰা ৰিচিপচনত ৰেখা, ছাইৰা বানু, ছলমান খান, কাজোলকে ধৰি বহু কেইজন উপস্থিত থাকে। কিন্তু এই ‘হেভিৱেট’ বিয়াত বলীউডৰ শ্বেহেনশ্বাহ অমিতাভ বচ্চন বা তেওঁৰ পৰিয়ালৰ কোনো এজনকো দেখা পোৱা নগ’ল।

শত্ৰুঘ্ন সিনহাৰ কন্যাৰ বিয়াত অমিতাভৰ অনুপস্থিতি নেটিজেনৰ চকুৰ পৰা সাৰি নগ’ল। পুৰণি প্ৰতিদ্বন্দ্বিতাৰ বাবেই অমিতাভ আৰু তেওঁৰ পৰিয়াল সোনাক্ষীৰ বিয়াত অনুপস্থিত বুলি বলীউডত উৰাবাতৰি প্ৰকাশ পাইছে। শত্ৰুঘনে নিজেই কেইবাটাও সাক্ষাৎকাৰত অমিতাভৰ সৈতে হোৱা প্ৰতিদ্বন্দ্বিতাৰ বিষয়ে কয়।

১৯৭৯ চনৰ ‘কলা পাঠৰ’ ছবিৰ শ্বুটিঙৰ পৰাই দুয়োৰে মাজত প্ৰতিদ্বন্দ্বিতা আৰম্ভ হৈছিল। অৱশ্যে শত্ৰুঘনে এক সাক্ষাৎকাৰত স্বীকাৰ কৰে যে সেই সময়ত যি হৈছিল সেয়া একেবাৰেই সঠিক নাছিল। পৰিপক্কতাৰ অভাৱৰ বাবেই এনে হৈছিল।

শত্ৰুঘনে কয়, ‘কাণ্ডটো ইচ্ছাকৃতভাৱে হোৱা নাছিল। অমিতাভৰ সৈতে যুঁজৰ দৃশ্যৰ শ্বুটিং চলি আছিল। এই দৃশ্যটো পৰিচালনা কৰিছিল ‘ফাইট মাষ্টাৰ’ শ্বেট্টীয়ে। তেতিয়াই সমস্যাটো আৰম্ভ হৈছিল।" তেওঁ কয় যে ইয়াৰ আগতে দুয়োৰে মাজত বন্ধুত্ব আছিল। কিন্তু শত্ৰুঘনে এই দৃশ্যত হঠাতে কিছু পৰিৱৰ্তন অনা হ’ল বুলি প্ৰতিবাদ কৰিছিল। কিন্তু এই পৰিৱৰ্তনৰ বিৰুদ্ধে অমিতাভে একো কোৱা নাছিল। বৰঞ্চ এই নতুন দৃশ্যপট তেওঁৰ অনুমোদন আছিল।

‘কলা পাঠহৰ’ৰ উপৰিও শত্ৰুঘন আৰু অমিতাভে একেলগে ‘দোস্তানা’, ‘শান’, ‘নছিব’ৰ দৰে ছবিত অভিনয় কৰিছিল। কিন্তু কিছু সময়ৰ পাছত দুয়ো একেলগে অভিনয় বন্ধ কৰি দিলে। আনকি কেইবাখনো ছবিৰ অফাৰো নাকচ কৰিছিল শত্ৰুঘনে। লগতে কিছুমান ছবি অগ্ৰিম মাচুল দি ঘূৰাই দিলে। নেটিজেনৰ মতে, প্ৰতিদ্বন্দ্বিতা শেষ নোহোৱাৰ বাবেই বিয়াত সোণাক্ষী অনুপস্থিত আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ