--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেতা ৰণবীৰ সিঙৰ নগ্ন ফটোশ্বুটক লৈ যথেষ্ট বিতৰ্কৰ সৃষ্টি হয়। ৰণবীৰৰ বিৰুদ্ধে বহুতেই থানাত এজাহাৰো দাখিল কৰে।  ফটোশ্বুট গোচৰটোত অভিনেতাগৰাকীয়ে মুম্বাই আৰক্ষীৰ আগত এক গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰিছে। অভিনেতাগৰাকীয়ে কয় যে ২৬ জুলাইত মুম্বাইত যিখন ফটোৰ বাবে তেওঁৰ বিৰুদ্ধে অশ্লীলতাৰ অভিযোগত এজাহাৰ দাখিল কৰা হৈছিল, সেইখন ফটো বিকৃত কৰা হৈছে। ৰণবীৰ সিঙে কয় যে এই ফটোখন তেওঁৰ ছ’চিয়েল মিডিয়া একাউণ্টৰ পৰা আপলোড কৰা হোৱা নাছিল।

অভিনেতা ৰণবীৰ সিঙে ২৯ আগষ্টত মুম্বাই আৰক্ষীক দিয়া বিবৃতিত দাবী কৰিছিল যে ছবিখন তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা শ্বেয়াৰ কৰা হোৱা নাছিল। নিউয়ৰ্কস্থিত পেপাৰ আলোচনীৰ বাবে ৰণবীৰে ফটোশ্বুট কৰিছিল। কিন্তু তেওঁ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা সাতখন ছবিত সেই ফটোখন নাই বুলিও কয় অভিনেতাগৰাকীয়ে। সেই ফটোখন বিকৃত কৰা হৈছে বুলি দাবী কৰে ৰণবীৰে। অভিনেতাজনৰ ব্যক্তিগত অংশ ওলাই থকা ফটোৰ আধাৰত মুম্বাই আৰক্ষীয়ে অভিনেতাজনৰ বিৰুদ্ধে অশ্লীলতা বিয়পোৱাৰ অভিযোগত জেৰা কৰিছিল।

এতিয়া মুম্বাই আৰক্ষীয়ে ছবিখন বিকৃত কৰা হৈছে নে নাই সেইটো নিশ্চিত কৰিবলৈ ফৰেনছিক লেবলৈ ফটোখন প্ৰেৰণ কৰিছে। যদি দেখা যায় যে ছবিখন সঁচাকৈয়ে বিকৃত কৰা হৈছে তেন্তে ৰণবীৰ সিঙে এই গোচৰত ক্লিন চিট পোৱাৰ সম্ভাৱনা আছে। কাৰণ এই এখন ফটোৰ আধাৰত তেওঁৰ বিৰুদ্ধে অশ্লীলতাৰ গোচৰ ৰুজু হৈছে।

এজন বিষয়াই জনোৱা মতে, ''অভিনেতাগৰাকীয়ে তেওঁৰ বিবৃতিত কৈছে যে তেওঁ ইনষ্টাগ্ৰামত পোষ্ট কৰা সাতখন ছবি অশ্লীল নাছিল আৰু তেওঁ আণ্ডাৰৱেৰ পিন্ধিছিল। অভিযোগকাৰীয়ে যিখন ফটোক লৈ গোচৰ তৰিছে সেইখন ফটোশ্বুটৰ অংশ নাছিল বুলিও ৰণবীৰ সিঙে কয়। ফটোশ্বুটৰ সময়ত তোলা সকলো ছবি তেওঁ আমাক দিছে। ৰণবীৰ সিঙৰ ইনষ্টাগ্ৰাম পোষ্ট আমি পৰীক্ষা কৰি আছোঁ।'' 

এই প্ৰসংগত ৰণবীৰ সিঙে কয় যে এই ফটোশ্বুটে তেওঁৰ জীৱনত ইমানবোৰ সমস্যাৰ সৃষ্টি কৰিব বুলি তেওঁ নাজানিছিল। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি