--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেতা ৰণবীৰ সিঙৰ নগ্ন ফটোশ্বুটক লৈ যথেষ্ট বিতৰ্কৰ সৃষ্টি হয়। ৰণবীৰৰ বিৰুদ্ধে বহুতেই থানাত এজাহাৰো দাখিল কৰে।  ফটোশ্বুট গোচৰটোত অভিনেতাগৰাকীয়ে মুম্বাই আৰক্ষীৰ আগত এক গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰিছে। অভিনেতাগৰাকীয়ে কয় যে ২৬ জুলাইত মুম্বাইত যিখন ফটোৰ বাবে তেওঁৰ বিৰুদ্ধে অশ্লীলতাৰ অভিযোগত এজাহাৰ দাখিল কৰা হৈছিল, সেইখন ফটো বিকৃত কৰা হৈছে। ৰণবীৰ সিঙে কয় যে এই ফটোখন তেওঁৰ ছ’চিয়েল মিডিয়া একাউণ্টৰ পৰা আপলোড কৰা হোৱা নাছিল।

অভিনেতা ৰণবীৰ সিঙে ২৯ আগষ্টত মুম্বাই আৰক্ষীক দিয়া বিবৃতিত দাবী কৰিছিল যে ছবিখন তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা শ্বেয়াৰ কৰা হোৱা নাছিল। নিউয়ৰ্কস্থিত পেপাৰ আলোচনীৰ বাবে ৰণবীৰে ফটোশ্বুট কৰিছিল। কিন্তু তেওঁ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা সাতখন ছবিত সেই ফটোখন নাই বুলিও কয় অভিনেতাগৰাকীয়ে। সেই ফটোখন বিকৃত কৰা হৈছে বুলি দাবী কৰে ৰণবীৰে। অভিনেতাজনৰ ব্যক্তিগত অংশ ওলাই থকা ফটোৰ আধাৰত মুম্বাই আৰক্ষীয়ে অভিনেতাজনৰ বিৰুদ্ধে অশ্লীলতা বিয়পোৱাৰ অভিযোগত জেৰা কৰিছিল।

এতিয়া মুম্বাই আৰক্ষীয়ে ছবিখন বিকৃত কৰা হৈছে নে নাই সেইটো নিশ্চিত কৰিবলৈ ফৰেনছিক লেবলৈ ফটোখন প্ৰেৰণ কৰিছে। যদি দেখা যায় যে ছবিখন সঁচাকৈয়ে বিকৃত কৰা হৈছে তেন্তে ৰণবীৰ সিঙে এই গোচৰত ক্লিন চিট পোৱাৰ সম্ভাৱনা আছে। কাৰণ এই এখন ফটোৰ আধাৰত তেওঁৰ বিৰুদ্ধে অশ্লীলতাৰ গোচৰ ৰুজু হৈছে।

এজন বিষয়াই জনোৱা মতে, ''অভিনেতাগৰাকীয়ে তেওঁৰ বিবৃতিত কৈছে যে তেওঁ ইনষ্টাগ্ৰামত পোষ্ট কৰা সাতখন ছবি অশ্লীল নাছিল আৰু তেওঁ আণ্ডাৰৱেৰ পিন্ধিছিল। অভিযোগকাৰীয়ে যিখন ফটোক লৈ গোচৰ তৰিছে সেইখন ফটোশ্বুটৰ অংশ নাছিল বুলিও ৰণবীৰ সিঙে কয়। ফটোশ্বুটৰ সময়ত তোলা সকলো ছবি তেওঁ আমাক দিছে। ৰণবীৰ সিঙৰ ইনষ্টাগ্ৰাম পোষ্ট আমি পৰীক্ষা কৰি আছোঁ।'' 

এই প্ৰসংগত ৰণবীৰ সিঙে কয় যে এই ফটোশ্বুটে তেওঁৰ জীৱনত ইমানবোৰ সমস্যাৰ সৃষ্টি কৰিব বুলি তেওঁ নাজানিছিল। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?