--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  পুনৰ গোষ্ঠী সংঘৰ্ষত বিধ্বস্ত হৈ পৰিছে মণিপুৰ৷ ইতিহাসৰ পাতত ক’লা আখৰেৰে লিপিবদ্ধ হোৱা মণিপুৰৰ হিংসাই সমগ্ৰ দেশকে জোকাৰি গৈছে। দেশৰ এটা প্ৰান্তীয় অঞ্চল দগ্ধ হৈছে  গোষ্ঠী সংঘৰ্ষৰ  জুইত৷ মাহৰ পাছত মাহ ধৰি জ্বলি ৰৈছে  গোষ্ঠীগত সংঘাতৰ দাবানল৷ 

বিগত প্ৰায় ৫ মাহ ধৰি হিংসাৰ দাবানলে বিধ্বস্ত কৰা উত্তৰ-পূবৰ ৰাজ্যখনত প্ৰতিদিনেই বিৰাজ কৰিছে আতংকই। মণিপুৰত ঠায়ে ঠায়ে হিংসাৰ জুই জ্বলিয়ে আছে। ছেগা ছোৰোকাকৈ সংঘটিত হৈ আছে এটা সম্প্ৰদায়ৰ আনটো সম্প্ৰদায়ক আক্ৰমণ- প্ৰত্যাক্ৰমণ কৰাৰ ঘটনা। দুটা জনগোষ্ঠীৰ মাজত দপদপাই জ্বলি উঠা জুইকুৰাৰ গ্ৰাসত সোমাই পৰিছে ডেৰশৰো অধিক মানুহ।  এই হিংসা-প্ৰতিহিংসাৰ জুইকুৰাৰ লেলিহান শিখাই গ্ৰাস কৰিছে বহু পুৰুষ-নাৰী-শিশু-বৃদ্ধ-বণিতাক। 

অগ্নিগৰ্ভা মণিপুৰৰ পৰিস্থিতি পূৰ্বৰ তুলনাত কিছু নিয়ন্ত্ৰিত হৈছিল যদিও নতুন বছৰটোৰ আৰম্ভণিতে পুনৰ সংঘটিত হয় হিংসাত্মক ঘটনা। ফলত ৪ জনকৈ লোকে প্ৰাণ হেৰুৱাইছে। জানিব পৰা মতে সোমবাৰে থাউবাল জিলাৰ লিলং গাঁৱত অচিনাক্ত দুৰ্বৃত্তই স্বয়ংক্ৰিয় অস্ত্ৰৰে নিৰ্বিচাৰ গুলীচালনা কৰে। 

ফলত ৪ জন লোক থিতাতে নিহত হয় আৰু কেইবাজনো লোক গুৰুতৰভাৱে আহত হয়। এই ঘটনাৰ পাছতে পুনৰ মণিপুৰৰ ইম্ফল উপত্যকাৰ ৫ খন জিলাত সান্ধ্য আইন বলবৎ কৰা হৈছে। ঘটনা সংঘটিত হোৱাৰ পাছতে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে সকলো মন্ত্ৰী আৰু দলীয় বিধায়কৰ সৈতেও গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক