--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  পুনৰ গোষ্ঠী সংঘৰ্ষত বিধ্বস্ত হৈ পৰিছে মণিপুৰ৷ ইতিহাসৰ পাতত ক’লা আখৰেৰে লিপিবদ্ধ হোৱা মণিপুৰৰ হিংসাই সমগ্ৰ দেশকে জোকাৰি গৈছে। দেশৰ এটা প্ৰান্তীয় অঞ্চল দগ্ধ হৈছে  গোষ্ঠী সংঘৰ্ষৰ  জুইত৷ মাহৰ পাছত মাহ ধৰি জ্বলি ৰৈছে  গোষ্ঠীগত সংঘাতৰ দাবানল৷ 

বিগত প্ৰায় ৫ মাহ ধৰি হিংসাৰ দাবানলে বিধ্বস্ত কৰা উত্তৰ-পূবৰ ৰাজ্যখনত প্ৰতিদিনেই বিৰাজ কৰিছে আতংকই। মণিপুৰত ঠায়ে ঠায়ে হিংসাৰ জুই জ্বলিয়ে আছে। ছেগা ছোৰোকাকৈ সংঘটিত হৈ আছে এটা সম্প্ৰদায়ৰ আনটো সম্প্ৰদায়ক আক্ৰমণ- প্ৰত্যাক্ৰমণ কৰাৰ ঘটনা। দুটা জনগোষ্ঠীৰ মাজত দপদপাই জ্বলি উঠা জুইকুৰাৰ গ্ৰাসত সোমাই পৰিছে ডেৰশৰো অধিক মানুহ।  এই হিংসা-প্ৰতিহিংসাৰ জুইকুৰাৰ লেলিহান শিখাই গ্ৰাস কৰিছে বহু পুৰুষ-নাৰী-শিশু-বৃদ্ধ-বণিতাক। 

অগ্নিগৰ্ভা মণিপুৰৰ পৰিস্থিতি পূৰ্বৰ তুলনাত কিছু নিয়ন্ত্ৰিত হৈছিল যদিও নতুন বছৰটোৰ আৰম্ভণিতে পুনৰ সংঘটিত হয় হিংসাত্মক ঘটনা। ফলত ৪ জনকৈ লোকে প্ৰাণ হেৰুৱাইছে। জানিব পৰা মতে সোমবাৰে থাউবাল জিলাৰ লিলং গাঁৱত অচিনাক্ত দুৰ্বৃত্তই স্বয়ংক্ৰিয় অস্ত্ৰৰে নিৰ্বিচাৰ গুলীচালনা কৰে। 

ফলত ৪ জন লোক থিতাতে নিহত হয় আৰু কেইবাজনো লোক গুৰুতৰভাৱে আহত হয়। এই ঘটনাৰ পাছতে পুনৰ মণিপুৰৰ ইম্ফল উপত্যকাৰ ৫ খন জিলাত সান্ধ্য আইন বলবৎ কৰা হৈছে। ঘটনা সংঘটিত হোৱাৰ পাছতে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে সকলো মন্ত্ৰী আৰু দলীয় বিধায়কৰ সৈতেও গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু