--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : কেটৰিনাৰে হোমৰ জুইত সাত পাক ঘূৰা নহ’ল ছলমান খান, ৰণবীৰৰ। প্ৰেয়সীক নিজৰ কৰি ল’ব নোৱাৰিলেও উপহাৰেৰেই কেটৰিনা কাঈফৰ হৃদয় জিনিলে দুই প্ৰাক্তন প্ৰেমিকাই। দীৰ্ঘদিনীয়া প্ৰেমে পূৰ্ণতা নাপালেও অতীতৰ মধুৰ স্মৃতিয়ে কোনো নিসংগ মুহূৰ্তত খুলি খুলি খাইছে ছলমান-ৰণবীৰক! এসময়ৰ প্ৰেয়সীক হাঁহিমুখে বিদায় দিব পৰাটোও সহজ কথা নহয়। ছলমান-ৰণবীৰৰ এই বিৰহ বেদনা বুজে কোনে! তথাপি দুই তাৰকাই বিচাৰিছে কেটৰিনাৰ যুগ্মজীৱন ফলে-ফুলে জাতিষ্কাৰ হৈ পৰাটো। বিয়া বুলি কেটৰিনালৈ দুই বলীউড তাৰকাৰ উপহাৰো বিশেষ। কোনে কিমান ভাল উপহাৰ দিব তাক লৈও যেন অঘো‌ষিত প্ৰতিযোগিতা ছলমান-ৰণবীৰৰ মাজত! উপহাৰৰ ক্ষেত্ৰত বিকী কৌশলকো অতিক্ৰম কৰিলে দুই প্ৰাক্তন প্ৰেমিকাই। বিকি কৌশলে তেওঁৰ সপোনকুঁৱৰীৰ আঙুঠিত গুঁজি দিছে নীলকণ্ঠ মণি।

নীলকন্ঠ মণিৰ চাৰিওফালে বিয়পি পৰিছে হীৰাৰ উজ্জল দ্যুতি। কেটৰিনাৰ আঙুলিত হীৰাৰ আঙুঠি দেখি ব্ৰিটেইনৰ ৰাজবোৱাৰী লেডী ডায়েনাৰ বিবাহৰ আঙুঠিৰ কথা মনলৈ আহিছে শুভাকাংক্ষীৰ। এসময়ত ব্ৰিটেইন ৰাজবোৱাৰীৰ আঙুলিতো শোভাবৰ্ধন কৰিছিল এনে এটা আঙুঠিয়েই। জানিবলৈ পোৱা মতে, বিকীয়ে কেটৰিনাক দিয়া আঙুঠিটোৰ মূল্য ১.৩ কোটি টকা। বিয়াৰ সামৰণি পৰাৰ লগে লগে নায়িকাৰ উপহাৰৰ জোলোঙাত কোনে কি দিলে সেয়া পোহৰলৈ আহিছে। জানিব পৰা মতে, কেটৰিনাৰ দুই প্ৰাক্তন প্ৰেমিকা ছলমান আৰু ৰণবীৰে উপহাৰৰ মূল্যৰ ক্ষেত্ৰত অতিক্ৰম কৰিছে বিকী কৌশলক। ছলমানে নৱদম্পতীক ৩ কোটি টকাৰ এখন গাড়ী উপহাৰ দিছে। পিছ পৰি ৰোৱা নাই ৰণবীৰো। ৰণবীৰে কেটৰিনাক দিছে ২.৭ কোটি টকাৰ হীৰাৰ নেকলেছ! ছলমান-ৰণবীৰৰ উপৰি আন আন অভিনেতা-অভিনেত্ৰীয়েও নামী-দামী উপহাৰেৰে উপচাই দিছে দুয়োকে।

ভাট কন্যা আলিয়াৰ উপহাৰৰ হৈছে লক্ষ্য টকাৰ সুগন্ধি! ভিক্যাটৰ চুবুৰীয়া অনুষ্কা শৰ্মায়ো গভীৰ আন্তৰিকতাৰে বান্ধৱীক দিলে ৬.৪ লাখ টকাৰ হীৰাৰ কাণফুলি। বলীউড 'বাদশ্বাহ' শ্বাহৰূখ খানৰ বাসগৃহৰ দৰে সজাই তোলা হৈছিল কেটৰিনাৰ বিবাহস্থলী। ১.৫ লাখ টকাৰ মূল্যৱান ছবিৰে মন্নতৰ দৰে সজাই তোলা হৈছে কেটৰিনাৰ বাসগৃহ। পিছ পৰি ৰোৱা নাই হৃত্বিক ৰোশনো। বিকিয়ে কেটৰিনাৰ সৈতে লং ৰাইডত যাতে যাব পাৰে তাৰ বাবে ৩ লক্ষ টকাৰ দুচকীয়া বাহন উপহাৰ দিছে বলীউড তাৰকা গৰাকীয়ে। তদুপৰি আছে বিভিন্নজনৰ হৰেক ৰকমৰ উপহাৰ। ইমানবোৰ উপহাৰৰ টোপোলাৰ মাজতে ছলমান-ৰণবীৰৰ উপহাৰে বিশেষ চৰ্চা লাভ ক‌ৰিছে। আহ্লাদিত হৈ পৰিছে অনুৰাগী। ছ’চিয়েল মিডিয়াতো হৈছে বিশেষ চৰ্চা। অনুৰাগীৰ মাজত উঠিছে হাঁহিৰ কল্লোল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ