--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : কেটৰিনাৰে হোমৰ জুইত সাত পাক ঘূৰা নহ’ল ছলমান খান, ৰণবীৰৰ। প্ৰেয়সীক নিজৰ কৰি ল’ব নোৱাৰিলেও উপহাৰেৰেই কেটৰিনা কাঈফৰ হৃদয় জিনিলে দুই প্ৰাক্তন প্ৰেমিকাই। দীৰ্ঘদিনীয়া প্ৰেমে পূৰ্ণতা নাপালেও অতীতৰ মধুৰ স্মৃতিয়ে কোনো নিসংগ মুহূৰ্তত খুলি খুলি খাইছে ছলমান-ৰণবীৰক! এসময়ৰ প্ৰেয়সীক হাঁহিমুখে বিদায় দিব পৰাটোও সহজ কথা নহয়। ছলমান-ৰণবীৰৰ এই বিৰহ বেদনা বুজে কোনে! তথাপি দুই তাৰকাই বিচাৰিছে কেটৰিনাৰ যুগ্মজীৱন ফলে-ফুলে জাতিষ্কাৰ হৈ পৰাটো। বিয়া বুলি কেটৰিনালৈ দুই বলীউড তাৰকাৰ উপহাৰো বিশেষ। কোনে কিমান ভাল উপহাৰ দিব তাক লৈও যেন অঘো‌ষিত প্ৰতিযোগিতা ছলমান-ৰণবীৰৰ মাজত! উপহাৰৰ ক্ষেত্ৰত বিকী কৌশলকো অতিক্ৰম কৰিলে দুই প্ৰাক্তন প্ৰেমিকাই। বিকি কৌশলে তেওঁৰ সপোনকুঁৱৰীৰ আঙুঠিত গুঁজি দিছে নীলকণ্ঠ মণি।

নীলকন্ঠ মণিৰ চাৰিওফালে বিয়পি পৰিছে হীৰাৰ উজ্জল দ্যুতি। কেটৰিনাৰ আঙুলিত হীৰাৰ আঙুঠি দেখি ব্ৰিটেইনৰ ৰাজবোৱাৰী লেডী ডায়েনাৰ বিবাহৰ আঙুঠিৰ কথা মনলৈ আহিছে শুভাকাংক্ষীৰ। এসময়ত ব্ৰিটেইন ৰাজবোৱাৰীৰ আঙুলিতো শোভাবৰ্ধন কৰিছিল এনে এটা আঙুঠিয়েই। জানিবলৈ পোৱা মতে, বিকীয়ে কেটৰিনাক দিয়া আঙুঠিটোৰ মূল্য ১.৩ কোটি টকা। বিয়াৰ সামৰণি পৰাৰ লগে লগে নায়িকাৰ উপহাৰৰ জোলোঙাত কোনে কি দিলে সেয়া পোহৰলৈ আহিছে। জানিব পৰা মতে, কেটৰিনাৰ দুই প্ৰাক্তন প্ৰেমিকা ছলমান আৰু ৰণবীৰে উপহাৰৰ মূল্যৰ ক্ষেত্ৰত অতিক্ৰম কৰিছে বিকী কৌশলক। ছলমানে নৱদম্পতীক ৩ কোটি টকাৰ এখন গাড়ী উপহাৰ দিছে। পিছ পৰি ৰোৱা নাই ৰণবীৰো। ৰণবীৰে কেটৰিনাক দিছে ২.৭ কোটি টকাৰ হীৰাৰ নেকলেছ! ছলমান-ৰণবীৰৰ উপৰি আন আন অভিনেতা-অভিনেত্ৰীয়েও নামী-দামী উপহাৰেৰে উপচাই দিছে দুয়োকে।

ভাট কন্যা আলিয়াৰ উপহাৰৰ হৈছে লক্ষ্য টকাৰ সুগন্ধি! ভিক্যাটৰ চুবুৰীয়া অনুষ্কা শৰ্মায়ো গভীৰ আন্তৰিকতাৰে বান্ধৱীক দিলে ৬.৪ লাখ টকাৰ হীৰাৰ কাণফুলি। বলীউড 'বাদশ্বাহ' শ্বাহৰূখ খানৰ বাসগৃহৰ দৰে সজাই তোলা হৈছিল কেটৰিনাৰ বিবাহস্থলী। ১.৫ লাখ টকাৰ মূল্যৱান ছবিৰে মন্নতৰ দৰে সজাই তোলা হৈছে কেটৰিনাৰ বাসগৃহ। পিছ পৰি ৰোৱা নাই হৃত্বিক ৰোশনো। বিকিয়ে কেটৰিনাৰ সৈতে লং ৰাইডত যাতে যাব পাৰে তাৰ বাবে ৩ লক্ষ টকাৰ দুচকীয়া বাহন উপহাৰ দিছে বলীউড তাৰকা গৰাকীয়ে। তদুপৰি আছে বিভিন্নজনৰ হৰেক ৰকমৰ উপহাৰ। ইমানবোৰ উপহাৰৰ টোপোলাৰ মাজতে ছলমান-ৰণবীৰৰ উপহাৰে বিশেষ চৰ্চা লাভ ক‌ৰিছে। আহ্লাদিত হৈ পৰিছে অনুৰাগী। ছ’চিয়েল মিডিয়াতো হৈছে বিশেষ চৰ্চা। অনুৰাগীৰ মাজত উঠিছে হাঁহিৰ কল্লোল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু