--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বলীউড তাৰকা কৰীণা কাপুৰৰ দেহত পোৱা গৈছে কৰ'নাৰ অৱস্থিতি। কৰীণা কাপুৰৰ লগতে অভিনেত্ৰী তথা কৰীণাৰ ঘনিষ্ঠ বন্ধু অমৃতা আৰোৰাও আক্ৰান্ত হৈছে কোভিড-১৯ত। এই কথা অভিনেত্ৰীগৰাকীয়ে নিজেই প্ৰকাশ কৰিছে। কোভিড পৰীক্ষা কৰাৰ পিছতে তেওঁৰ দেহত কোভিডৰ অৱস্থিতি ধৰা পৰিছে। ইয়াৰ লগে লগে তেওঁ নিজকে সম্পূৰ্ণৰূপে হোম আইছোলেচন কৰিছে। তেওঁৰ সংস্পৰ্শলৈ অহা প্ৰতিজন ব্যক্তিকে কোভিড পৰীক্ষা কৰিবলৈ অনুৰোধ জনাইছে কৰীণা কাপুৰে। উল্লেখ্যে যে কৰীণাই ইতিমধ্যে কৰ'নাৰ দুয়োপালি ভেকচিন গ্ৰহণ কৰিছে।

বি এম চিৰ বিষয়াই সোমবাৰে কৈছিল যে কৰীণা আৰু তেওঁৰ বান্ধৱী অমৃতাই কোভিড নিয়ম উলংঘা কৰি পাৰ্টিলৈ গৈছিল। কৰীণাই সেই পাৰ্টিৰ ফটো ইনষ্টাগ্ৰামত আপলোড কৰিছিল। অভিনেতা অনিল কাপুৰৰ জীয়ৰী ৰিয়া কাপুৰে আয়োজন কৰিছিল সেই পাৰ্টি। ইয়াৰ পাছতে কৰীণা আৰু অমৃতা কভিড পজিটিভ বুলি ধৰা পৰে। মুম্বাই পৌৰ নিগমে কৰীণা আৰু অমৃতাৰ সংস্পৰ্শলৈ অহা লোকসকলক RTPCT পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিছে।

কৰীণাৰ মেনেজাৰে সদৰী কৰা অনুসৰি "সমগ্ৰ লকডাউনৰ সময়ছোৱাত কৰীণা অত্যন্ত দায়বদ্ধ আছিল। তেওঁ যেতিয়াই বাহিৰলৈ ওলাই আহে তেতিয়াই সাৱধান হৈ থাকে। দুৰ্ভাগ্যবশতঃ, এইবাৰ তেওঁ আৰু অমৃতা অৰোৰাই এক অন্তৰংগ নৈশভোজত ভাগ লৈছিল। এইটো এটা ডাঙৰ পাৰ্টি নাছিল। মাত্ৰ কেউজনমান মানুহ গোট খাইছিল। সেই গোটটোৰ ভিতৰত এজন ব্যক্তি আছিল যাক অসুস্থ যেন লাগিছিল আৰু তেওঁ কাহি আছিল। তেওঁৰ দ্বাৰাই কৰীণা আৰু অমৃতা হয়তো কৰ'নাৰ দ্বাৰা সংক্ৰমিত হ'ল। এই ব্যক্তিজন নৈশ ভোজত উপস্থিত থকাটো ভুল আছিল। তেওঁ আনক বিপদত নেপেলাবলৈ দায়বদ্ধ হ'ব লাগিছিল।"

মেনেজাৰে লগতে কয় যে, কৰীণা কাপুৰৰ দেহত কৰ'নাৰ অৱস্থিতি পোৱাৰ লগে লগে তেওঁ নিজকে হোম আইছোলেচন কৰিছে। অৱস্থাটোৰ সৈতে মোকাবিলা কৰিবলৈ তেওঁ প্ৰয়োজনীয় সাৱধানতা আৰু প্ৰটোকল অনুসৰণ কৰি আছে। কৰীণাৰ ওপৰত দোষ জাপি দি কোৱা উচিত নহয় যে তেওঁ দায়িত্বজ্ঞানহীন। কৰীণা কাপুৰ এগৰাকী দায়িত্বশীল নাগৰিক আৰু তেওঁ পৰিয়ালৰ সুৰক্ষাৰ বাবে চিন্তা কৰাৰ লগতে যত্নও লয়।"

আৰু পঢ়কঃ জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণত ২ সেনা জোৱান শ্বহীদ, ১৪জনৰ অৱস্থা সংকটজনক


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ