--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বলীউড তাৰকা কৰীণা কাপুৰৰ দেহত পোৱা গৈছে কৰ'নাৰ অৱস্থিতি। কৰীণা কাপুৰৰ লগতে অভিনেত্ৰী তথা কৰীণাৰ ঘনিষ্ঠ বন্ধু অমৃতা আৰোৰাও আক্ৰান্ত হৈছে কোভিড-১৯ত। এই কথা অভিনেত্ৰীগৰাকীয়ে নিজেই প্ৰকাশ কৰিছে। কোভিড পৰীক্ষা কৰাৰ পিছতে তেওঁৰ দেহত কোভিডৰ অৱস্থিতি ধৰা পৰিছে। ইয়াৰ লগে লগে তেওঁ নিজকে সম্পূৰ্ণৰূপে হোম আইছোলেচন কৰিছে। তেওঁৰ সংস্পৰ্শলৈ অহা প্ৰতিজন ব্যক্তিকে কোভিড পৰীক্ষা কৰিবলৈ অনুৰোধ জনাইছে কৰীণা কাপুৰে। উল্লেখ্যে যে কৰীণাই ইতিমধ্যে কৰ'নাৰ দুয়োপালি ভেকচিন গ্ৰহণ কৰিছে।

বি এম চিৰ বিষয়াই সোমবাৰে কৈছিল যে কৰীণা আৰু তেওঁৰ বান্ধৱী অমৃতাই কোভিড নিয়ম উলংঘা কৰি পাৰ্টিলৈ গৈছিল। কৰীণাই সেই পাৰ্টিৰ ফটো ইনষ্টাগ্ৰামত আপলোড কৰিছিল। অভিনেতা অনিল কাপুৰৰ জীয়ৰী ৰিয়া কাপুৰে আয়োজন কৰিছিল সেই পাৰ্টি। ইয়াৰ পাছতে কৰীণা আৰু অমৃতা কভিড পজিটিভ বুলি ধৰা পৰে। মুম্বাই পৌৰ নিগমে কৰীণা আৰু অমৃতাৰ সংস্পৰ্শলৈ অহা লোকসকলক RTPCT পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিছে।

কৰীণাৰ মেনেজাৰে সদৰী কৰা অনুসৰি "সমগ্ৰ লকডাউনৰ সময়ছোৱাত কৰীণা অত্যন্ত দায়বদ্ধ আছিল। তেওঁ যেতিয়াই বাহিৰলৈ ওলাই আহে তেতিয়াই সাৱধান হৈ থাকে। দুৰ্ভাগ্যবশতঃ, এইবাৰ তেওঁ আৰু অমৃতা অৰোৰাই এক অন্তৰংগ নৈশভোজত ভাগ লৈছিল। এইটো এটা ডাঙৰ পাৰ্টি নাছিল। মাত্ৰ কেউজনমান মানুহ গোট খাইছিল। সেই গোটটোৰ ভিতৰত এজন ব্যক্তি আছিল যাক অসুস্থ যেন লাগিছিল আৰু তেওঁ কাহি আছিল। তেওঁৰ দ্বাৰাই কৰীণা আৰু অমৃতা হয়তো কৰ'নাৰ দ্বাৰা সংক্ৰমিত হ'ল। এই ব্যক্তিজন নৈশ ভোজত উপস্থিত থকাটো ভুল আছিল। তেওঁ আনক বিপদত নেপেলাবলৈ দায়বদ্ধ হ'ব লাগিছিল।"

মেনেজাৰে লগতে কয় যে, কৰীণা কাপুৰৰ দেহত কৰ'নাৰ অৱস্থিতি পোৱাৰ লগে লগে তেওঁ নিজকে হোম আইছোলেচন কৰিছে। অৱস্থাটোৰ সৈতে মোকাবিলা কৰিবলৈ তেওঁ প্ৰয়োজনীয় সাৱধানতা আৰু প্ৰটোকল অনুসৰণ কৰি আছে। কৰীণাৰ ওপৰত দোষ জাপি দি কোৱা উচিত নহয় যে তেওঁ দায়িত্বজ্ঞানহীন। কৰীণা কাপুৰ এগৰাকী দায়িত্বশীল নাগৰিক আৰু তেওঁ পৰিয়ালৰ সুৰক্ষাৰ বাবে চিন্তা কৰাৰ লগতে যত্নও লয়।"

আৰু পঢ়কঃ জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণত ২ সেনা জোৱান শ্বহীদ, ১৪জনৰ অৱস্থা সংকটজনক


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু