--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিনেত্ৰী কংগনা ৰাণাৱটৰ মনত অনবৰতে এক ভয়ে ক্ৰিয়া কৰি আহিছে৷ কোনো অদৃশ্য চকুৱে যেন অনবৰতে তেওঁৰ ওপৰত দৃষ্টি ৰাখি আহিছে৷ কিন্তু কাৰ সেই অদৃশ্য চকু? কংগনাই পোনপটীয়াকৈ কাৰো নাম উল্লেখ কৰা নাই যদিও বহুতে ৰণবীৰৰ কথাই কংগনাই কোৱা বুলি অনুমান কৰিছে৷ কংগনাই কৈছে যে মনোৰঞ্জন জগতৰ কোনোবাই  তেওঁক নিৰীক্ষণ কৰি আছে।

অভিনেত্ৰীগৰাকীয়ে তেওঁৰ  সামাজিক মাধ্যমৰ হেণ্ডেলত এটা পোষ্ট  কৰিছে৷   ইনষ্টাগ্ৰাম পোষ্টটোত, তেওঁ লিখিছিল যে কোনোবাই তেওঁক নিৰীক্ষণ কৰি  আছে। কেৱল সেয়াই নহয়, তেওঁ লগতে দাবী কৰিছে যে এজন 'প্ৰেমিক' আৰু তেওঁৰ পত্নীয়ে অভিনেত্ৰীগৰাকীৰ হোৱাটছএপ চেট লিক কৰি আছে। তেওঁ তেওঁলোকৰ নাম পোনপটীয়াকৈ উল্লেখ কৰা নাই ৷


তেওঁ লিখিছে যে পাপাৰাজীয়ে দেওবাৰে তাইক  ষ্টুডিঅ'লৈ অনুসৰণ কৰিছিল। কিন্তু অভিনেত্ৰীগৰাকীয়ে তালৈ যাব বুলি  কোনো পাপাৰাজ্জিকে আগতে  কোৱা নাছিল। তেওঁ লিখিছে, "মই য'লৈকে যাওঁ, কোনোবাই মোক অনুসৰণ কৰি আছে আৰু তেওঁলোকে মোক নিৰীক্ষণ কৰি আছে। কেৱল ৰাস্তাতে নহয়। মোৰ ঘৰৰ পাৰ্কিং , ঘৰৰ চাদ, , সকলো ঠাইতে কোনোবাই মোক নিৰীক্ষণ কৰি আছে। এয়া  সকলোৱে জানে যে অভিনেতাসকলেহে পাপাৰাজিক খূৰ দিয়ে। কেৱল সেয়াই নহয়, আজিকালি, অভিনেতাসকলেও তেওঁলোকক ফটো তুলিবলৈ টকা দিয়ে। পুৱা ৬-৩০ বজাত, মই ফটো তুলি আছিলো। তেওঁলোকে মোৰ সময়সূচী কেনেকৈ লাভ কৰিছে? মোৰ  ছবিবোৰৰ সৈতে কি কৰা হৈছে? পুৱা, যেতিয়া মই মোৰ নৃত্য পৰিচালনা সমাপ্ত কৰিছিলো আৰু ষ্টুডিঅ'ৰ পৰা ওলাই আছিলো, মই তেওঁলোকৰ বহুতকে বাহিৰত থিয় হৈ থকা দেখিছিলো। কোনেও তেওঁলোকক আগতে কোৱা নাছিল যে মই এই সময়ত ইয়াত থাকিম। তেন্তে তেওঁলোকে কেনেকৈ খবৰটো পালে?"


তেওঁ তেওঁৰ পোষ্টত এইটোও কৈছিল যে এই উদ্যোগটোৰ এজন 'প্ৰেমিক' এই সকলোবোৰৰ আঁৰত আছে।  তেওঁৰ পত্নীয়ে মোৰ দৰে পোছাক পিন্ধে। কেৱল সেয়াই নহয়, মোৰ ষ্টাইলৰ  পৰা আভ্যন্তৰীণ ডেকোৰেটৰলৈকে, তেওঁ সকলো কামতে মোক অনুসৰণ  কৰে। । '


বহু নেটিজেনে ধাৰণা কৰিছে  যে এই পোষ্টটো ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটকলৈ  লিখা হৈছে।  কংগনাই দীৰ্ঘদিন ধৰি ছচিয়েল মিডিয়াত আলিয়া আৰু ৰণবীৰৰ বিষয়ে বিভিন্ন মন্তব্য কৰি আহিছে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু