--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিনেত্ৰী কংগনা ৰাণাৱটৰ মনত অনবৰতে এক ভয়ে ক্ৰিয়া কৰি আহিছে৷ কোনো অদৃশ্য চকুৱে যেন অনবৰতে তেওঁৰ ওপৰত দৃষ্টি ৰাখি আহিছে৷ কিন্তু কাৰ সেই অদৃশ্য চকু? কংগনাই পোনপটীয়াকৈ কাৰো নাম উল্লেখ কৰা নাই যদিও বহুতে ৰণবীৰৰ কথাই কংগনাই কোৱা বুলি অনুমান কৰিছে৷ কংগনাই কৈছে যে মনোৰঞ্জন জগতৰ কোনোবাই  তেওঁক নিৰীক্ষণ কৰি আছে।

অভিনেত্ৰীগৰাকীয়ে তেওঁৰ  সামাজিক মাধ্যমৰ হেণ্ডেলত এটা পোষ্ট  কৰিছে৷   ইনষ্টাগ্ৰাম পোষ্টটোত, তেওঁ লিখিছিল যে কোনোবাই তেওঁক নিৰীক্ষণ কৰি  আছে। কেৱল সেয়াই নহয়, তেওঁ লগতে দাবী কৰিছে যে এজন 'প্ৰেমিক' আৰু তেওঁৰ পত্নীয়ে অভিনেত্ৰীগৰাকীৰ হোৱাটছএপ চেট লিক কৰি আছে। তেওঁ তেওঁলোকৰ নাম পোনপটীয়াকৈ উল্লেখ কৰা নাই ৷


তেওঁ লিখিছে যে পাপাৰাজীয়ে দেওবাৰে তাইক  ষ্টুডিঅ'লৈ অনুসৰণ কৰিছিল। কিন্তু অভিনেত্ৰীগৰাকীয়ে তালৈ যাব বুলি  কোনো পাপাৰাজ্জিকে আগতে  কোৱা নাছিল। তেওঁ লিখিছে, "মই য'লৈকে যাওঁ, কোনোবাই মোক অনুসৰণ কৰি আছে আৰু তেওঁলোকে মোক নিৰীক্ষণ কৰি আছে। কেৱল ৰাস্তাতে নহয়। মোৰ ঘৰৰ পাৰ্কিং , ঘৰৰ চাদ, , সকলো ঠাইতে কোনোবাই মোক নিৰীক্ষণ কৰি আছে। এয়া  সকলোৱে জানে যে অভিনেতাসকলেহে পাপাৰাজিক খূৰ দিয়ে। কেৱল সেয়াই নহয়, আজিকালি, অভিনেতাসকলেও তেওঁলোকক ফটো তুলিবলৈ টকা দিয়ে। পুৱা ৬-৩০ বজাত, মই ফটো তুলি আছিলো। তেওঁলোকে মোৰ সময়সূচী কেনেকৈ লাভ কৰিছে? মোৰ  ছবিবোৰৰ সৈতে কি কৰা হৈছে? পুৱা, যেতিয়া মই মোৰ নৃত্য পৰিচালনা সমাপ্ত কৰিছিলো আৰু ষ্টুডিঅ'ৰ পৰা ওলাই আছিলো, মই তেওঁলোকৰ বহুতকে বাহিৰত থিয় হৈ থকা দেখিছিলো। কোনেও তেওঁলোকক আগতে কোৱা নাছিল যে মই এই সময়ত ইয়াত থাকিম। তেন্তে তেওঁলোকে কেনেকৈ খবৰটো পালে?"


তেওঁ তেওঁৰ পোষ্টত এইটোও কৈছিল যে এই উদ্যোগটোৰ এজন 'প্ৰেমিক' এই সকলোবোৰৰ আঁৰত আছে।  তেওঁৰ পত্নীয়ে মোৰ দৰে পোছাক পিন্ধে। কেৱল সেয়াই নহয়, মোৰ ষ্টাইলৰ  পৰা আভ্যন্তৰীণ ডেকোৰেটৰলৈকে, তেওঁ সকলো কামতে মোক অনুসৰণ  কৰে। । '


বহু নেটিজেনে ধাৰণা কৰিছে  যে এই পোষ্টটো ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটকলৈ  লিখা হৈছে।  কংগনাই দীৰ্ঘদিন ধৰি ছচিয়েল মিডিয়াত আলিয়া আৰু ৰণবীৰৰ বিষয়ে বিভিন্ন মন্তব্য কৰি আহিছে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement