--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মোৰ সময় আদানি, আম্বানী, টাটা, বিৰলাতকৈ অধিক মূল্যৱান! এনেদৰে মন্তব্য কৰিছে যোগগুৰু বাবা ৰামদেৱে৷ ৰামদেৱৰ সহকাৰী আচাৰ্য বালকৃষ্ণক অভিনন্দন জনোৱাৰ বাবে গোৱাৰ পানাজীত আয়োজিত এক অনুষ্ঠানত ভাগ ল’বলৈ ৰামদেৱে হৰিদ্বাৰৰ পৰা গোৱালৈ গৈছে৷ অনুষ্ঠানটোত অনুৰাগীৰ ভিৰ আছিল লক্ষ্যণীয়। 

গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত আৰু কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীপদ নায়েক মঞ্চত  বহি আছিল। যোগ গুৰু ৰামদেৱেতেনে সময়তে দাবী কৰে যে যে তেওঁৰ সময় দেশৰ শীৰ্ষ উদ্যোগপতিসকলৰ তুলনাত অধিক মূল্যৱান আছিল। ৰামদেৱে কয় "আদানি, আম্বানী, টাটা আৰু বিৰলাতকৈ মোৰ সময়ৰ মূল্য বহুত বেছি"। ৰামদেৱে  তেওঁৰ সময় আৰু উদ্যোগপতিসকলৰ সময়ৰ মূল্যৰ পাৰ্থক্যৰ বিষয়ে এনেদৰে কয়  "উদ্যোগপতিসকলে তেওঁলোকৰ ৯৯ শতাংশ সময় কেৱল নিজৰ স্বাৰ্থৰ বাবে ব্যয় কৰে। কিন্তু মোৰ সময় তেওঁলোকতকৈ অধিক মূল্যৱান। কাৰণ সাধাৰণ ৰাইজক সুস্থ ৰাখিবলৈ মই মোৰ সময় ব্যয় কৰোঁ। ''

উল্লেখ্য ৰামদেৱৰ কোম্পানী পতঞ্জলীয়ে এই বিত্তীয় বৰ্ষত ৪০,০০০ কোটি টকাৰ ব্যৱসায় কৰিছে। ৰামদেৱে কয়  যে আচাৰ্য বলকৃষ্ণইকোম্পানীটোৰ উত্থানত বহু খিনি অৱদান আগবঢ়াইছে। পেছাদাৰী স্বচ্ছতা বজাই ৰাখি   দায়িত্ব পালন কৰাৰ বাবে আচাৰ্য বালকৃষ্ণক ৰামদেৱে  ধন্যবাদ জ্ঞাপন কৰে। ৰামদেৱে কয়  যে ভাৰতক 'পৰম বৈভৱশালী' কৰিবলৈ 'পতঞ্জলি'ৰ দৰে অধিক কোম্পানীৰ সৃষ্টি কৰাৰ প্ৰয়োজন আছে।

 উল্লেখ্য শেহতীয়াকৈ  ৰামদেৱৰ বিৰুদ্ধে ঘৃণামূলক ভাষণ আৰু ধৰ্মীয় অনুভূতিক আঘাত কৰাৰ অভিযোগত এখন এজাহাৰ দাখিল কৰা হৈছে ।  ২ ফেব্ৰুৱাৰীত ৰাজস্থানৰ বাৰমেৰ জিলাত এক অনুষ্ঠানত ৰামদেৱে মুছলমানসকলৰ বিষয়ে আপত্তিজনক মন্তব্য কৰিছিল। তেওঁ কৈছিল  যে বহু মুছলমানলোকে  সন্ত্ৰাসবাদ বিয়পোৱাৰ পৰা হিন্দু মহিলাৰ অপহৰণৰ দৰে ঘটনাত জড়িত হৈছে। ৰামদেৱৰ মন্তব্যৰ  বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰা হৈছে।এনে বিতৰ্কৰ মাজতে ৰামদেৱ কিমান ব্যল্ত মানুহ সেই কা ৰাজহুৱা সভাত নিজেই প্ৰকাশ কৰিলে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু