--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মোৰ সময় আদানি, আম্বানী, টাটা, বিৰলাতকৈ অধিক মূল্যৱান! এনেদৰে মন্তব্য কৰিছে যোগগুৰু বাবা ৰামদেৱে৷ ৰামদেৱৰ সহকাৰী আচাৰ্য বালকৃষ্ণক অভিনন্দন জনোৱাৰ বাবে গোৱাৰ পানাজীত আয়োজিত এক অনুষ্ঠানত ভাগ ল’বলৈ ৰামদেৱে হৰিদ্বাৰৰ পৰা গোৱালৈ গৈছে৷ অনুষ্ঠানটোত অনুৰাগীৰ ভিৰ আছিল লক্ষ্যণীয়। 

গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত আৰু কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীপদ নায়েক মঞ্চত  বহি আছিল। যোগ গুৰু ৰামদেৱেতেনে সময়তে দাবী কৰে যে যে তেওঁৰ সময় দেশৰ শীৰ্ষ উদ্যোগপতিসকলৰ তুলনাত অধিক মূল্যৱান আছিল। ৰামদেৱে কয় "আদানি, আম্বানী, টাটা আৰু বিৰলাতকৈ মোৰ সময়ৰ মূল্য বহুত বেছি"। ৰামদেৱে  তেওঁৰ সময় আৰু উদ্যোগপতিসকলৰ সময়ৰ মূল্যৰ পাৰ্থক্যৰ বিষয়ে এনেদৰে কয়  "উদ্যোগপতিসকলে তেওঁলোকৰ ৯৯ শতাংশ সময় কেৱল নিজৰ স্বাৰ্থৰ বাবে ব্যয় কৰে। কিন্তু মোৰ সময় তেওঁলোকতকৈ অধিক মূল্যৱান। কাৰণ সাধাৰণ ৰাইজক সুস্থ ৰাখিবলৈ মই মোৰ সময় ব্যয় কৰোঁ। ''

উল্লেখ্য ৰামদেৱৰ কোম্পানী পতঞ্জলীয়ে এই বিত্তীয় বৰ্ষত ৪০,০০০ কোটি টকাৰ ব্যৱসায় কৰিছে। ৰামদেৱে কয়  যে আচাৰ্য বলকৃষ্ণইকোম্পানীটোৰ উত্থানত বহু খিনি অৱদান আগবঢ়াইছে। পেছাদাৰী স্বচ্ছতা বজাই ৰাখি   দায়িত্ব পালন কৰাৰ বাবে আচাৰ্য বালকৃষ্ণক ৰামদেৱে  ধন্যবাদ জ্ঞাপন কৰে। ৰামদেৱে কয়  যে ভাৰতক 'পৰম বৈভৱশালী' কৰিবলৈ 'পতঞ্জলি'ৰ দৰে অধিক কোম্পানীৰ সৃষ্টি কৰাৰ প্ৰয়োজন আছে।

 উল্লেখ্য শেহতীয়াকৈ  ৰামদেৱৰ বিৰুদ্ধে ঘৃণামূলক ভাষণ আৰু ধৰ্মীয় অনুভূতিক আঘাত কৰাৰ অভিযোগত এখন এজাহাৰ দাখিল কৰা হৈছে ।  ২ ফেব্ৰুৱাৰীত ৰাজস্থানৰ বাৰমেৰ জিলাত এক অনুষ্ঠানত ৰামদেৱে মুছলমানসকলৰ বিষয়ে আপত্তিজনক মন্তব্য কৰিছিল। তেওঁ কৈছিল  যে বহু মুছলমানলোকে  সন্ত্ৰাসবাদ বিয়পোৱাৰ পৰা হিন্দু মহিলাৰ অপহৰণৰ দৰে ঘটনাত জড়িত হৈছে। ৰামদেৱৰ মন্তব্যৰ  বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰা হৈছে।এনে বিতৰ্কৰ মাজতে ৰামদেৱ কিমান ব্যল্ত মানুহ সেই কা ৰাজহুৱা সভাত নিজেই প্ৰকাশ কৰিলে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক