--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  অভিনেত্ৰী স্বৰা ভাস্কৰৰ বিবাহকলৈ এতিয়াও অব্যাহত আছে বিতৰ্কৰ৷ ইয়াৰ মাজতে অল ইণ্ডিয়া মুছলিম জামাতৰ মুৰব্বী মৌলানা শ্বাহবুদ্দিন ৰিজবীয়ে কৈছে যে স্বৰা-ফাহাদৰ বিবাহ অবৈধ। স্বৰাই বিবাহ বৈধ কৰিবলৈ কেতবোৰ  চৰ্তবোৰ মানিব লাগিব।

মুছলিম জামাতৰ মুৰব্বীগৰাকীয়ে  স্বৰাৰ বিবাহৰ বৈধতা সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰি এনেদৰে মন্তব্য কৰে৷ অভিনেত্ৰী স্বৰা ভাস্কৰে যোৱা সপ্তাহত তেওঁৰ বিবাহৰ কথা ঘোষণা কৰিছিল।  সমাজবাদী পাৰ্টিৰ এজন যুৱ নেতা ফাহাদ আহমেদৰ সৈতে স্বাৰাৰ বিয়া হৈছিল। তেওঁলোকে ১৬ ফেব্ৰুৱাৰীত  বিবাহ পাশত আৱদ্ধ হৈছিল। 

সৰ্বভাৰতীয় মুছলিম জামাতৰ মুৰব্বী মৌলানা শ্বাহবুদ্দিন ৰিজৱীয়ে কৈছে যে নিয়ম অনুসৰি  স্বৰাই ইছলাম গ্ৰহণ কৰিব লাগে।তেওঁৰ মতে যদি স্বাৰাই  ইছলাম ধৰ্ম  গ্ৰহণ নকৰে তেন্তে বিবাহ অবৈধ হ’ব। অল ইণ্ডিয়া মুছলিম জামাতৰ মুৰব্বী মৌলানা শ্বাহবুদ্দিন ৰিজৱীয়ে কয়, "স্বৰাই ইছলাম ধৰ্ম  গ্ৰহণ কৰিব লাগিব, তেতিয়াহে এই বিবাহ বৈধ হ'ব।" যদি এগৰাকী মহিলাই মূৰ্তিৰ উপাসনা কৰে, তেন্তে কোনো মুছলমান পুৰুষে তেওঁক বিয়া কৰাব নোৱাৰে। ইছলামত এনে বিবাহৰ কোনো স্থান নাই। ''

স্বৰা-ফাহাদে ৬ জানুৱাৰীত বিবাহৰ আবেদনৰ নথিপত্ৰ পঞ্জীয়ন কাৰ্যালয়ত দাখিল কৰিছিল। তেওঁ অৱশেষত বৃহস্পতিবাৰে বিয়াখনৰ কথা  প্ৰকাশ কৰিছিল। অনুৰাগীসকল নায়িকাৰ বিবাহৰ খবৰক লৈ উৎসাহিত হৈ পৰিছে। আন  কিছুমানে আকৌ  এই বিবাহকলৈ  অসন্তুষ্টি প্ৰকাশ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক