--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  অভিনেত্ৰী স্বৰা ভাস্কৰৰ বিবাহকলৈ এতিয়াও অব্যাহত আছে বিতৰ্কৰ৷ ইয়াৰ মাজতে অল ইণ্ডিয়া মুছলিম জামাতৰ মুৰব্বী মৌলানা শ্বাহবুদ্দিন ৰিজবীয়ে কৈছে যে স্বৰা-ফাহাদৰ বিবাহ অবৈধ। স্বৰাই বিবাহ বৈধ কৰিবলৈ কেতবোৰ  চৰ্তবোৰ মানিব লাগিব।

মুছলিম জামাতৰ মুৰব্বীগৰাকীয়ে  স্বৰাৰ বিবাহৰ বৈধতা সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰি এনেদৰে মন্তব্য কৰে৷ অভিনেত্ৰী স্বৰা ভাস্কৰে যোৱা সপ্তাহত তেওঁৰ বিবাহৰ কথা ঘোষণা কৰিছিল।  সমাজবাদী পাৰ্টিৰ এজন যুৱ নেতা ফাহাদ আহমেদৰ সৈতে স্বাৰাৰ বিয়া হৈছিল। তেওঁলোকে ১৬ ফেব্ৰুৱাৰীত  বিবাহ পাশত আৱদ্ধ হৈছিল। 

সৰ্বভাৰতীয় মুছলিম জামাতৰ মুৰব্বী মৌলানা শ্বাহবুদ্দিন ৰিজৱীয়ে কৈছে যে নিয়ম অনুসৰি  স্বৰাই ইছলাম গ্ৰহণ কৰিব লাগে।তেওঁৰ মতে যদি স্বাৰাই  ইছলাম ধৰ্ম  গ্ৰহণ নকৰে তেন্তে বিবাহ অবৈধ হ’ব। অল ইণ্ডিয়া মুছলিম জামাতৰ মুৰব্বী মৌলানা শ্বাহবুদ্দিন ৰিজৱীয়ে কয়, "স্বৰাই ইছলাম ধৰ্ম  গ্ৰহণ কৰিব লাগিব, তেতিয়াহে এই বিবাহ বৈধ হ'ব।" যদি এগৰাকী মহিলাই মূৰ্তিৰ উপাসনা কৰে, তেন্তে কোনো মুছলমান পুৰুষে তেওঁক বিয়া কৰাব নোৱাৰে। ইছলামত এনে বিবাহৰ কোনো স্থান নাই। ''

স্বৰা-ফাহাদে ৬ জানুৱাৰীত বিবাহৰ আবেদনৰ নথিপত্ৰ পঞ্জীয়ন কাৰ্যালয়ত দাখিল কৰিছিল। তেওঁ অৱশেষত বৃহস্পতিবাৰে বিয়াখনৰ কথা  প্ৰকাশ কৰিছিল। অনুৰাগীসকল নায়িকাৰ বিবাহৰ খবৰক লৈ উৎসাহিত হৈ পৰিছে। আন  কিছুমানে আকৌ  এই বিবাহকলৈ  অসন্তুষ্টি প্ৰকাশ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু