--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ দেশত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা৷ মধু বিহাৰত এজন লোকে নিজৰ ২৩ বছৰীয়া পুত্ৰক ছুৰীৰে আঘাত কৰে, ঘটনাক্ৰম অনুসৰি মোবাইল এপ ডাউনলোড কৰাৰ বাবে লোকজন আৰু পত্নীৰ মাজত হোৱা কাজিয়াত পুত্ৰই হস্তক্ষেপ কৰে আৰু তাৰ পাছতে এই ঘটনা সংঘটিত হয়৷

উল্লেখ্য যে ৬৪ বছৰীয়া অভিযুক্ত অশোক সিং ইঞ্জিনিয়াৰ্ছ ইণ্ডিয়া লিমিটেডৰ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ প্ৰবন্ধক। তেওঁ পত্নী আৰু পুত্ৰ আদিত্য সিঙৰ সৈতে আই পি এক্সটেনচনত বাস কৰিছিল। আঘাতপ্ৰাপ্ত আদিত্য গুৰুগ্ৰামৰ কম্পিউটাৰ অভিযন্তা বুলি এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জানিবলৈ দিয়ে৷

আৰক্ষীৰ মতে, অশোকে শেহতীয়াকৈ গুৰুগ্ৰামত এটা ফ্লেট ক্ৰয় কৰিছিল আৰু কিছু পৰিমাণে ধন পৰিশোধ কৰাৰ উদ্দেশ্যে তেওঁ পত্নী মঞ্জু সিঙক তেওঁৰ ফোনত এপ ডাউনলোড কৰিবলৈ কয়।এপটো ডাউনলোড কৰিবলৈ সময় লোৱাত অশোকৰ খং উঠিছিল আৰু পত্নীৰ সৈতে কাজিয়া আৰম্ভ হৈছিল।

তেওঁলোকৰ কাজিয়া দেখি আদিত্যই হস্তক্ষেপ কৰে৷ অশোকে তাৰ পাছত খং হেৰুৱাই পাকঘৰত থকা ছুৰীৰে আঘাত কৰে৷কামিহাড়ৰ ওপৰত আঘাতপ্ৰাপ্ত আদিত্যক লাল বাহাদুৰ শাস্ত্ৰী চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু চিকিৎসাৰ অন্তত তেওঁক ঘৰলৈ যাবলৈ দিয়া হয়।

আৰক্ষীয়ে লগতে কয় যে আই পি চিৰ ৩২৪ নং ধাৰাত (বিপজ্জনক অস্ত্ৰ বা উপায়েৰে স্বেচ্ছাই আঘাত কৰাৰ বাবে) অশোক সিঙৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে