--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ দেশত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা৷ মধু বিহাৰত এজন লোকে নিজৰ ২৩ বছৰীয়া পুত্ৰক ছুৰীৰে আঘাত কৰে, ঘটনাক্ৰম অনুসৰি মোবাইল এপ ডাউনলোড কৰাৰ বাবে লোকজন আৰু পত্নীৰ মাজত হোৱা কাজিয়াত পুত্ৰই হস্তক্ষেপ কৰে আৰু তাৰ পাছতে এই ঘটনা সংঘটিত হয়৷

উল্লেখ্য যে ৬৪ বছৰীয়া অভিযুক্ত অশোক সিং ইঞ্জিনিয়াৰ্ছ ইণ্ডিয়া লিমিটেডৰ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ প্ৰবন্ধক। তেওঁ পত্নী আৰু পুত্ৰ আদিত্য সিঙৰ সৈতে আই পি এক্সটেনচনত বাস কৰিছিল। আঘাতপ্ৰাপ্ত আদিত্য গুৰুগ্ৰামৰ কম্পিউটাৰ অভিযন্তা বুলি এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জানিবলৈ দিয়ে৷

আৰক্ষীৰ মতে, অশোকে শেহতীয়াকৈ গুৰুগ্ৰামত এটা ফ্লেট ক্ৰয় কৰিছিল আৰু কিছু পৰিমাণে ধন পৰিশোধ কৰাৰ উদ্দেশ্যে তেওঁ পত্নী মঞ্জু সিঙক তেওঁৰ ফোনত এপ ডাউনলোড কৰিবলৈ কয়।এপটো ডাউনলোড কৰিবলৈ সময় লোৱাত অশোকৰ খং উঠিছিল আৰু পত্নীৰ সৈতে কাজিয়া আৰম্ভ হৈছিল।

তেওঁলোকৰ কাজিয়া দেখি আদিত্যই হস্তক্ষেপ কৰে৷ অশোকে তাৰ পাছত খং হেৰুৱাই পাকঘৰত থকা ছুৰীৰে আঘাত কৰে৷কামিহাড়ৰ ওপৰত আঘাতপ্ৰাপ্ত আদিত্যক লাল বাহাদুৰ শাস্ত্ৰী চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু চিকিৎসাৰ অন্তত তেওঁক ঘৰলৈ যাবলৈ দিয়া হয়।

আৰক্ষীয়ে লগতে কয় যে আই পি চিৰ ৩২৪ নং ধাৰাত (বিপজ্জনক অস্ত্ৰ বা উপায়েৰে স্বেচ্ছাই আঘাত কৰাৰ বাবে) অশোক সিঙৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান