--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰাখণ্ডত পাহাৰৰ অংশ ক্ৰমে তললৈ বহি যোৱাৰ সময়তে ভূ-স্বৰ্গ কাশমীৰকো শেহতীয়াকৈ ইটোৰ পিছত সিটোকৈ ভূমিকম্পই জোকাৰি গৈছে। বিগত ২৪ ঘণ্টাত কাশ্মীৰত পাঁচটাকৈ ভূমিকম্পই কঁপাই গৈছে। ভাৰতীয় ভূকম্পন জৰীপ (এনচিএছ)বিভাগৰ তথ্য  অনুসৰি কাশ্মীৰত ২৪ ঘণ্টাত হোৱা  প্ৰতিটো ভূমিকম্পৰ কেন্দ্ৰস্থল পৃথক আছিল।

 ভূমিকম্পৰ তীব্ৰতা কম হোৱাৰ বাবে কোনো ক্ষতিৰ খবৰ পোৱা হোৱা নাই। কাশ্মীৰত শনিবাৰে দুপৰীয়া ২ বজাৰ পৰা দেওবাৰে পুৱতি নিশা ৩.৫০ বজাৰ ভিতৰত পাঁচটাকৈ ভূমিকম্প হৈছে। স্থানীয় প্ৰশাসনৰ সূত্ৰ অনুসৰি ভূমিকম্পৰ তীব্ৰতা কম আছিল আৰু  কোনো ঠাইৰ পৰা  প্ৰাণহানি বা ক্ষতিক বাতৰি অহা নাই।  উপত্যকাটোক শনিবাৰে দুপৰীয়া ২.০৩ বজাত প্ৰথমবাৰৰ বাবে জোকাৰি গৈছিল।সেয়া  ৰিখটাৰ স্কেলত ৩ প্ৰাবল্যৰ ভূমিকম্প আছিল। 

ভূমিকম্পৰ কেন্দ্ৰস্থল জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ পাহাৰীয়া ৰামবান জিলাত আছিল । দ্বিতীয়টো ভূমিকম্পৰ কেন্দ্ৰস্থল লাডাখৰ লেহৰ পৰা ২৭১ কিলোমিটাৰ উত্তৰ-পূবত  আছিল। নিশা প্ৰায় ৯.৪৪ বজাত ভূমিকম্পটোৱে লাডাখ আৰু কাষৰীয়া অঞ্চলবোৰ কঁপাই তুলিছিল। ৰিখটাৰ স্কেলত তীব্ৰতা আছিল ৪.৫। মাত্ৰ ১৫ মিনিটৰ ভিতৰত  কাশ্মীৰত আন ৪.৪ প্ৰাবল্যৰ এটা  ভূমিকম্প হৈছিল। ভূমিকম্পৰ কেন্দ্ৰস্থল আছিল জম্মু আৰু কাশ্মীৰৰ ডোডা অঞ্চল। লক্ষণীয় কথাটো হ’ল  ভাৰত-চীন সীমান্তৰ এই অঞ্চলটো পাঁচ দিন পূৰ্বেও ভূমিকম্পই  জোকাৰি গৈছিল।

 ২৪ ঘণ্টাত অন্তিম আৰু পঞ্চমটো ভূমিকম্প দেওবাৰে পুৱতি নিশা ৩.৫০ বজাত অনুভৱ কৰা হৈছিল। ভূমিকম্পৰ কেন্দ্ৰস্থল জম্মুৰ কাটৰা চহৰৰ পৰা প্ৰায় ৮০ কিলোমিটাৰ পূবত আছিল। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্যৰ  আছিল ৪.১। উল্লেখ্য কাশ্মীৰক  ভূমিকম্প প্ৰৱণ অঞ্চল হিচাবে ইতিমধ্যে চিনাক্ত কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান