--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰাখণ্ডত পাহাৰৰ অংশ ক্ৰমে তললৈ বহি যোৱাৰ সময়তে ভূ-স্বৰ্গ কাশমীৰকো শেহতীয়াকৈ ইটোৰ পিছত সিটোকৈ ভূমিকম্পই জোকাৰি গৈছে। বিগত ২৪ ঘণ্টাত কাশ্মীৰত পাঁচটাকৈ ভূমিকম্পই কঁপাই গৈছে। ভাৰতীয় ভূকম্পন জৰীপ (এনচিএছ)বিভাগৰ তথ্য  অনুসৰি কাশ্মীৰত ২৪ ঘণ্টাত হোৱা  প্ৰতিটো ভূমিকম্পৰ কেন্দ্ৰস্থল পৃথক আছিল।

 ভূমিকম্পৰ তীব্ৰতা কম হোৱাৰ বাবে কোনো ক্ষতিৰ খবৰ পোৱা হোৱা নাই। কাশ্মীৰত শনিবাৰে দুপৰীয়া ২ বজাৰ পৰা দেওবাৰে পুৱতি নিশা ৩.৫০ বজাৰ ভিতৰত পাঁচটাকৈ ভূমিকম্প হৈছে। স্থানীয় প্ৰশাসনৰ সূত্ৰ অনুসৰি ভূমিকম্পৰ তীব্ৰতা কম আছিল আৰু  কোনো ঠাইৰ পৰা  প্ৰাণহানি বা ক্ষতিক বাতৰি অহা নাই।  উপত্যকাটোক শনিবাৰে দুপৰীয়া ২.০৩ বজাত প্ৰথমবাৰৰ বাবে জোকাৰি গৈছিল।সেয়া  ৰিখটাৰ স্কেলত ৩ প্ৰাবল্যৰ ভূমিকম্প আছিল। 

ভূমিকম্পৰ কেন্দ্ৰস্থল জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ পাহাৰীয়া ৰামবান জিলাত আছিল । দ্বিতীয়টো ভূমিকম্পৰ কেন্দ্ৰস্থল লাডাখৰ লেহৰ পৰা ২৭১ কিলোমিটাৰ উত্তৰ-পূবত  আছিল। নিশা প্ৰায় ৯.৪৪ বজাত ভূমিকম্পটোৱে লাডাখ আৰু কাষৰীয়া অঞ্চলবোৰ কঁপাই তুলিছিল। ৰিখটাৰ স্কেলত তীব্ৰতা আছিল ৪.৫। মাত্ৰ ১৫ মিনিটৰ ভিতৰত  কাশ্মীৰত আন ৪.৪ প্ৰাবল্যৰ এটা  ভূমিকম্প হৈছিল। ভূমিকম্পৰ কেন্দ্ৰস্থল আছিল জম্মু আৰু কাশ্মীৰৰ ডোডা অঞ্চল। লক্ষণীয় কথাটো হ’ল  ভাৰত-চীন সীমান্তৰ এই অঞ্চলটো পাঁচ দিন পূৰ্বেও ভূমিকম্পই  জোকাৰি গৈছিল।

 ২৪ ঘণ্টাত অন্তিম আৰু পঞ্চমটো ভূমিকম্প দেওবাৰে পুৱতি নিশা ৩.৫০ বজাত অনুভৱ কৰা হৈছিল। ভূমিকম্পৰ কেন্দ্ৰস্থল জম্মুৰ কাটৰা চহৰৰ পৰা প্ৰায় ৮০ কিলোমিটাৰ পূবত আছিল। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্যৰ  আছিল ৪.১। উল্লেখ্য কাশ্মীৰক  ভূমিকম্প প্ৰৱণ অঞ্চল হিচাবে ইতিমধ্যে চিনাক্ত কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে