--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইউ পি ব’ৰ্ডৰ হাইস্কুল আৰু ইণ্টাৰমিডিয়েট পৰীক্ষাৰ উত্তৰবহীত প্ৰশ্নৰ অদ্ভুত উত্তৰ লিখিছে কিছুমান ছাত্ৰ-ছাত্ৰীয়ে। প্ৰশ্নৰ উত্তৰত কোনোবাই অৰিজিত সিঙৰ গীত লিখিছে, আনহাতে কোনোবাই সান্তা-বন্তাক লৈ কৌতুক লিখিছে।

বহু প্ৰাৰ্থীয়ে নিজৰ ইনষ্টাগ্ৰাম আৰু ফেচবুক আইডি লিখি থৈ আহিছে। ইয়াৰ উপৰিও বহু পৰীক্ষাৰ্থীয়ে শিক্ষকলৈ বাৰ্তা লিখি নিজৰ সমস্যাৰ বিষয়ে বুজাই দিছে। উত্তৰবহীত ছাত্ৰ-ছাত্ৰীৰ এইবোৰ কাণ্ড দেখি বেহুঁচ হোৱাৰ উপক্ৰম হৈছে।

কেইটামান উদাহৰণ দাঙি ধৰা হ’ল

মা অসুস্থ, মই ফেইল কৰিলে তেওঁ সহ্য কৰিব নোৱাৰিব

এগৰাকী হাইস্কুলীয়া ছাত্ৰই তেওঁৰ উত্তৰ বহীত পৰীক্ষকৰ বাবে আৱেগিক বাৰ্তা লিখিছে। পৰীক্ষাৰ্থীয়ে লিখিছে যে ''মোৰ মা অসুস্থ হৈ আছে। মায়ে মোক কষ্ট কৰি পঢুৱাই আছে, কিন্তু মই পঢ়া নাই। প্লিজ ছাৰ মোক কেনেবাকৈ পাছ কৰি দিয়ক। মই ফেইল কৰিলে মায়ে সহ্য কৰিব নোৱাৰিব।''

ফেইল কৰিলে মোক বিয়া পাতি দিব

এগৰাকী ছাত্ৰীয়ে উত্তৰ বহীত লিখিছে যে ''মই ফেইল কৰিব নিবিচাৰোঁ। মোৰ ককা বৰ অসুস্থ, ককাই বিচাৰে যে তেওঁ জীয়াই থাকোঁতেই মই বিয়া কৰাওঁ, কিন্তু মই পঢ়িব বিচাৰো। মই ফেইল কৰিলে মোৰ পৰিয়ালে মোক বিয়া দিব। মায়ে কৈছে যে যদি মই ৮০ শতাংশ নম্বৰ পাওঁ তেন্তে এতিয়াই বিয়াখন হ’বলৈ নিদিয়ে। মোক আৰু পঢ়িবলৈ সুবিধা কৰি দিব। গতিকে ছাৰ পাছ কৰাই দিয়ক।''

আপোনাক অৰিজিত সিঙৰ শপত

এজন ছাত্ৰই উত্তৰবহীত লিখিছে গায়ক অৰিজিত সিঙৰ গীত। ছাত্ৰজনে লিখিছে অৰিজিৎ সিঙৰ গীত ''তুম হি হো, মেৰী আশ্বিকী বচ তুম হি হো। ছাত্ৰজনে লগতে লিখিছে যে আপোনাক অৰিজিত সিঙৰ শপত মোক পাছ কৰাই দিয়ক। পঢ়াবোৰ বহুত মনত পেলাবলৈ চেষ্টা কৰিছিলো কিন্তু মই মনত পেলাব পৰা নাছিলো। কি কৰোঁ, কি কৰোঁ... মই মৰি যাওঁ..''

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ