--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইউ পি ব’ৰ্ডৰ হাইস্কুল আৰু ইণ্টাৰমিডিয়েট পৰীক্ষাৰ উত্তৰবহীত প্ৰশ্নৰ অদ্ভুত উত্তৰ লিখিছে কিছুমান ছাত্ৰ-ছাত্ৰীয়ে। প্ৰশ্নৰ উত্তৰত কোনোবাই অৰিজিত সিঙৰ গীত লিখিছে, আনহাতে কোনোবাই সান্তা-বন্তাক লৈ কৌতুক লিখিছে।

বহু প্ৰাৰ্থীয়ে নিজৰ ইনষ্টাগ্ৰাম আৰু ফেচবুক আইডি লিখি থৈ আহিছে। ইয়াৰ উপৰিও বহু পৰীক্ষাৰ্থীয়ে শিক্ষকলৈ বাৰ্তা লিখি নিজৰ সমস্যাৰ বিষয়ে বুজাই দিছে। উত্তৰবহীত ছাত্ৰ-ছাত্ৰীৰ এইবোৰ কাণ্ড দেখি বেহুঁচ হোৱাৰ উপক্ৰম হৈছে।

কেইটামান উদাহৰণ দাঙি ধৰা হ’ল

মা অসুস্থ, মই ফেইল কৰিলে তেওঁ সহ্য কৰিব নোৱাৰিব

এগৰাকী হাইস্কুলীয়া ছাত্ৰই তেওঁৰ উত্তৰ বহীত পৰীক্ষকৰ বাবে আৱেগিক বাৰ্তা লিখিছে। পৰীক্ষাৰ্থীয়ে লিখিছে যে ''মোৰ মা অসুস্থ হৈ আছে। মায়ে মোক কষ্ট কৰি পঢুৱাই আছে, কিন্তু মই পঢ়া নাই। প্লিজ ছাৰ মোক কেনেবাকৈ পাছ কৰি দিয়ক। মই ফেইল কৰিলে মায়ে সহ্য কৰিব নোৱাৰিব।''

ফেইল কৰিলে মোক বিয়া পাতি দিব

এগৰাকী ছাত্ৰীয়ে উত্তৰ বহীত লিখিছে যে ''মই ফেইল কৰিব নিবিচাৰোঁ। মোৰ ককা বৰ অসুস্থ, ককাই বিচাৰে যে তেওঁ জীয়াই থাকোঁতেই মই বিয়া কৰাওঁ, কিন্তু মই পঢ়িব বিচাৰো। মই ফেইল কৰিলে মোৰ পৰিয়ালে মোক বিয়া দিব। মায়ে কৈছে যে যদি মই ৮০ শতাংশ নম্বৰ পাওঁ তেন্তে এতিয়াই বিয়াখন হ’বলৈ নিদিয়ে। মোক আৰু পঢ়িবলৈ সুবিধা কৰি দিব। গতিকে ছাৰ পাছ কৰাই দিয়ক।''

আপোনাক অৰিজিত সিঙৰ শপত

এজন ছাত্ৰই উত্তৰবহীত লিখিছে গায়ক অৰিজিত সিঙৰ গীত। ছাত্ৰজনে লিখিছে অৰিজিৎ সিঙৰ গীত ''তুম হি হো, মেৰী আশ্বিকী বচ তুম হি হো। ছাত্ৰজনে লগতে লিখিছে যে আপোনাক অৰিজিত সিঙৰ শপত মোক পাছ কৰাই দিয়ক। পঢ়াবোৰ বহুত মনত পেলাবলৈ চেষ্টা কৰিছিলো কিন্তু মই মনত পেলাব পৰা নাছিলো। কি কৰোঁ, কি কৰোঁ... মই মৰি যাওঁ..''

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু