--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মোবাইল ফোন হেৰুওৱা বা চুৰি হোৱাটো এক সাধাৰণ ঘটনাত পৰিণত হৈছে। ফোন এটা হেৰালে বা চুৰি হ’লে কিমান ক্ষতি হয় সেয়া ভুক্তভোগীয়েহে জানে। দেশত ফোন চুৰি প্ৰতিহত কৰিবলৈ কেন্দ্ৰই এক বিশেষ  পদক্ষেপ গ্ৰহণ কৰিছে। ১৭ মে’ৰ পৰা  বিশেষ ট্ৰেকিং প্ৰণালীয়ে চুৰি হোৱা বা হেৰোৱা মোবাইল ফোনৰ সন্ধান দিব পাৰিব।

কেন্দ্ৰই মোবাইল ফোন চুৰি  নিয়ন্ত্ৰণ কৰিবলৈ 'হেৰুৱা ফোন ট্ৰেকিং' আৰু 'ব্লকিং চিষ্টেম' পদ্ধতিৰ সূচনা কৰিবলৈ ওলাইছে। বিশেষ প্ৰযুক্তিটো ১৭ মে'ত সমগ্ৰ দেশতে আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব। কেন্দ্ৰই দাবী কৰিছে যে এই ট্ৰেকিং প্ৰণালীয়ে চুৰি হোৱা বা   হেৰুওৱা ফোনবিলাক বিচাৰি উলিওৱাত সহায় কৰিব।এই ফোন ট্ৰেকিং আৰু ব্লকিং পদ্ধতিৰ অফিচিয়েল উপনাম হৈছে চিইআইআৰ। এই প্ৰযুক্তি  টেলিমেটিক্স বিভাগৰ দ্বাৰা সৃষ্টি কৰা হৈছে। 

চিইআইআৰ প্ৰণালীটো ইতিমধ্যে দিল্লী, মহাৰাষ্ট্ৰ, কৰ্ণাটক আদিত পৰীক্ষামূলকভাবে  ব্যৱহাৰ কৰা হৈছে। এতিয়া ইয়াক সমগ্ৰ দেশৰ বাবে সাজু কৰি তোলা হৈছে। ১৭ মে'ত সমগ্ৰ দেশতে আনুষ্ঠানিকভাৱে বিশেষ প্ৰযুক্তিবিধ মুকলি কৰা হ'ব।টেলিমেটিক্স বিভাগৰ বিষয়াসকলে কৈছে  যে চিইআইআৰ প্ৰণালীয়ে আৰক্ষীক হেৰুওৱা বা চুৰি হোৱা ফোনবিলাক বিচাৰি উলিওৱাত সহায় কৰিব। তেওঁলোকে দাবী কৰে যে এই প্ৰযুক্তিটো ক্লোন কৰা বা ভুৱা মোবাইল নম্বৰ আদি  চিনাক্ত কৰিবলৈও সক্ষম। 

ফলস্বৰূপে ফোন সম্পৰ্কীয় প্ৰৱঞ্চনাৰ ঘটনা  হ্ৰাস পাব বুলি আশা কৰা হৈছে।  ইয়াৰ বাবে চৰকাৰে প্ৰতিটো মোবাইল নিৰ্মাতাক তেওঁলোকৰ হেণ্ডছেটত ১৫ -অংকৰ একক সাংখ্যিক আইএমইআই  নম্বৰ সংযোগ  কৰিবলৈ নিৰ্দেশ দিছে। ফোনটো কিনাৰ  সময়তে আপুনি সেই নম্বৰটো আছে নে নাই জানি লোৱা ভাল হ’ব। যাতে ফোনটো চুৰি হ’লেও আইএমইআই নম্বৰ ব্যৱহাৰ কৰি চিইআইআৰ পদ্ধতিত ফোনটো ট্ৰেক কৰা সম্ভৱ হয়।

















FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ