--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মোবাইল ফোন হেৰুওৱা বা চুৰি হোৱাটো এক সাধাৰণ ঘটনাত পৰিণত হৈছে। ফোন এটা হেৰালে বা চুৰি হ’লে কিমান ক্ষতি হয় সেয়া ভুক্তভোগীয়েহে জানে। দেশত ফোন চুৰি প্ৰতিহত কৰিবলৈ কেন্দ্ৰই এক বিশেষ  পদক্ষেপ গ্ৰহণ কৰিছে। ১৭ মে’ৰ পৰা  বিশেষ ট্ৰেকিং প্ৰণালীয়ে চুৰি হোৱা বা হেৰোৱা মোবাইল ফোনৰ সন্ধান দিব পাৰিব।

কেন্দ্ৰই মোবাইল ফোন চুৰি  নিয়ন্ত্ৰণ কৰিবলৈ 'হেৰুৱা ফোন ট্ৰেকিং' আৰু 'ব্লকিং চিষ্টেম' পদ্ধতিৰ সূচনা কৰিবলৈ ওলাইছে। বিশেষ প্ৰযুক্তিটো ১৭ মে'ত সমগ্ৰ দেশতে আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব। কেন্দ্ৰই দাবী কৰিছে যে এই ট্ৰেকিং প্ৰণালীয়ে চুৰি হোৱা বা   হেৰুওৱা ফোনবিলাক বিচাৰি উলিওৱাত সহায় কৰিব।এই ফোন ট্ৰেকিং আৰু ব্লকিং পদ্ধতিৰ অফিচিয়েল উপনাম হৈছে চিইআইআৰ। এই প্ৰযুক্তি  টেলিমেটিক্স বিভাগৰ দ্বাৰা সৃষ্টি কৰা হৈছে। 

চিইআইআৰ প্ৰণালীটো ইতিমধ্যে দিল্লী, মহাৰাষ্ট্ৰ, কৰ্ণাটক আদিত পৰীক্ষামূলকভাবে  ব্যৱহাৰ কৰা হৈছে। এতিয়া ইয়াক সমগ্ৰ দেশৰ বাবে সাজু কৰি তোলা হৈছে। ১৭ মে'ত সমগ্ৰ দেশতে আনুষ্ঠানিকভাৱে বিশেষ প্ৰযুক্তিবিধ মুকলি কৰা হ'ব।টেলিমেটিক্স বিভাগৰ বিষয়াসকলে কৈছে  যে চিইআইআৰ প্ৰণালীয়ে আৰক্ষীক হেৰুওৱা বা চুৰি হোৱা ফোনবিলাক বিচাৰি উলিওৱাত সহায় কৰিব। তেওঁলোকে দাবী কৰে যে এই প্ৰযুক্তিটো ক্লোন কৰা বা ভুৱা মোবাইল নম্বৰ আদি  চিনাক্ত কৰিবলৈও সক্ষম। 

ফলস্বৰূপে ফোন সম্পৰ্কীয় প্ৰৱঞ্চনাৰ ঘটনা  হ্ৰাস পাব বুলি আশা কৰা হৈছে।  ইয়াৰ বাবে চৰকাৰে প্ৰতিটো মোবাইল নিৰ্মাতাক তেওঁলোকৰ হেণ্ডছেটত ১৫ -অংকৰ একক সাংখ্যিক আইএমইআই  নম্বৰ সংযোগ  কৰিবলৈ নিৰ্দেশ দিছে। ফোনটো কিনাৰ  সময়তে আপুনি সেই নম্বৰটো আছে নে নাই জানি লোৱা ভাল হ’ব। যাতে ফোনটো চুৰি হ’লেও আইএমইআই নম্বৰ ব্যৱহাৰ কৰি চিইআইআৰ পদ্ধতিত ফোনটো ট্ৰেক কৰা সম্ভৱ হয়।

















FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি প্ৰধানমন্ত্ৰী মোদীৰে দ্বিপাক্ষিক বৈঠক মৰিছাছৰ প্রধানমন্ত্রী নবীন ৰামগোলামৰ
সুস্থ আৰু ফিট হৈ থাকিবলৈ এই ৫বিধ বীজ দৈনিক খাওক
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন
পঞ্জাৱক দুর্যোগপীড়িত ৰাজ্য হিচাপে ঘোষণা
ভোগেশ্বৰ বৰুৱাৰ নামত উৎসর্গিত হ'ল সৰুসজাই ক্রীড়া প্রকল্প
বিদেশী ন্যায়ধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰৰ দাবী
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল