--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এণ্ড্ৰইড ব্যৱহাৰকাৰীসকলৰ গোপনীয়তা নিশ্চিত নহয় নেকি? বিশেষকৈ নিশা এণ্ড্ৰইড ব্যৱহাৰকাৰীৰ ওপৰত চোৰাংচোৱাগিৰি কৰে নেকি হোৱাটছএপে? এনেবোৰ প্ৰশ্নই এতিয়া বহুতৰে মনত দোলা দিছে৷ কেইদিনমান আগতে এজন অভিযন্তাৰ টুইট ভাইৰেল হৈ পৰিছিল ৷ অভিযোগ অনুসৰি যদিও তেওঁ গভীৰ নিদ্ৰাত আছিল তেওঁৰ হোৱাটছএপৰ মাইক্ৰ'ফোনটো ব্যৱহাৰ হৈ আছিল ।

 টুইটটো ভাইৰেল হৈ পৰাৰ পিছতে বহুতে  চিন্তা কৰিবলৈ আৰম্ভ কৰিছে যে হোৱাটছএপে নিশা মাইক্ৰ'ফোনৰ জৰিয়তে ব্যৱহাৰকাৰীৰ  ওপৰত 'চোৰাংচোৱা' কৰি আছে নেকি?আনকি ইলন মাস্কেও ভাইৰেল টুইটটোৰ উত্তৰ দিছিল আৰু কৈছিল যে 'হোৱাটছএপক বিশ্বাস কৰিব নোৱাৰি'।

 অভিযন্তাগৰাকীৰ এণ্ড্ৰইড ডেশ্বব'ৰ্ডত দেখুৱাইছিল যে কেনেদৰে হোৱাটছএপে পুৱা ৪.২০ বজাৰ পৰা পুৱা ৬.৫৩  বজালৈ তেওঁৰ মাইক্ৰ'ফোন ব্যৱহাৰ কৰি আছিল।  ফ'ড ডাবিৰি নামৰ অভিযন্তাজনে এণ্ড্ৰইড ডেশ্বব'ৰ্ডৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰি লিখিছিল, "হোৱাটছএপে  মাইক্ৰ'ফোন ব্যৱহাৰ কৰি আহিছে,  মই শুই আছিলো আৰু  পুৱা ৬ বজাত সাৰ পোৱাৰ পিছৰে পৰা সেয়া হৈছে?" ডাবিৰীয়ে এটা গুগল পিক্সেল ফোন ব্যৱহাৰ কৰি আছিল৷ ফলত গুগলৰ নামো এই বিতৰ্কত জড়িত হৈ পৰিছে। 

হোৱাটছএপে আগতে কৈছিল যে তেওঁলোকে গুগলক বিষয়টো চাবলৈ কৈছিল আৰু গুগলৰ এজন মুখপাত্ৰয়ো নিশ্চিত কৰিছিল যে কোম্পানীটোৱে কি চলি আছে পৰীক্ষা কৰি আছে। শেহতীয়া প্ৰতিবেদন অনুসৰি গুগলৰ এজন মুখপাত্ৰই নিশ্চিত কৰিছে যে এণ্ড্ৰইডত সঁচাকৈয়ে এটা বাগ আছে যিয়ে অশুদ্ধ তথ্য প্ৰস্তুত কৰি আছে। মুখপাত্ৰজনে কৈছে , "আমাৰ বৰ্তমানৰ অনুসন্ধানৰ ওপৰত আধাৰ  কৰি, এণ্ড্ৰইডত হোৱাটছএপক এই বাগটোৱে প্ৰভাৱান্বিত কৰিছে আৰু গোপনীয়তা ডেশ্বব'ৰ্ডত অশুদ্ধ গোপনীয়তা সূচক আৰু অধিসূচনা দেখুৱাইছে। আমি ব্যৱহাৰকাৰীসকলৰ বাবে এটা সমাধানসূত্ৰ উলিয়াবলৈ  কাম কৰি আছো।" 

ইয়াৰ পূৰ্বে, হোৱাটছএপে এটা টুইটযোগে পৰিস্থিতিটো স্পষ্ট কৰি লিখিছিল যে এণ্ড্ৰইডত এটা বাগৰ বাবে সমস্যাটো উদ্ভৱ হৈছে। আন এটা টুইটত হোৱাটছএপে যোগ কৈছিল  যে  ব্যৱহাৰকাৰীসকলে তেওঁলোকৰ মাইক্ৰ'ফোন ছেটিংছৰ ওপৰত 'সম্পূৰ্ণ নিয়ন্ত্ৰণ' ৰাখিব পাৰে৷  মাইকটো কেৱল তেতিয়াহে ব্যৱহাৰ কৰিব পাৰি যেতিয়া এজন ব্যৱহাৰকাৰীয়ে কল কৰে বা ভইচ নোট বা ভিডিঅ' ৰেকৰ্ডিং কৰে।

 কোম্পানীটোৰ টুইটত লিখা হৈছে , "যোৱা ২৪ ঘণ্টাত আমি এজন টুইটাৰ অভিযন্তাৰ সৈতে যোগাযোগ কৰি আছো যিয়ে তেওঁৰ পিক্সেল ফোন আৰু হোৱাটছএপৰ এটা সমস্যা পোষ্ট কৰিছিল। আমি বিশ্বাস কৰোঁ যে এইটো এণ্ড্ৰইডৰ এটা বাগ যি তেওঁলোকৰ গোপনীয়তা ডেশ্বব'ৰ্ডত তথ্য ভুলকৈ দেখুৱাইছে আৰু বিষয়টো গুগলক অনুসন্ধান কৰিবলৈ কোৱা হৈছে যাতে ইয়াৰ প্ৰতিকাৰ কৰিব পৰা যায়।" হোৱাটছএপে লগতে কৈছে যে ব্যৱহাৰকাৰীৰ যোগাযোগবোৰ এণ্ড-টু-এণ্ড এনক্ৰিপশ্বনৰ দ্বাৰা সুৰক্ষিত থাকে যাতে হোৱাটছএপে সেইবোৰ শুনিব নোৱাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন