--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এণ্ড্ৰইড ব্যৱহাৰকাৰীসকলৰ গোপনীয়তা নিশ্চিত নহয় নেকি? বিশেষকৈ নিশা এণ্ড্ৰইড ব্যৱহাৰকাৰীৰ ওপৰত চোৰাংচোৱাগিৰি কৰে নেকি হোৱাটছএপে? এনেবোৰ প্ৰশ্নই এতিয়া বহুতৰে মনত দোলা দিছে৷ কেইদিনমান আগতে এজন অভিযন্তাৰ টুইট ভাইৰেল হৈ পৰিছিল ৷ অভিযোগ অনুসৰি যদিও তেওঁ গভীৰ নিদ্ৰাত আছিল তেওঁৰ হোৱাটছএপৰ মাইক্ৰ'ফোনটো ব্যৱহাৰ হৈ আছিল ।

 টুইটটো ভাইৰেল হৈ পৰাৰ পিছতে বহুতে  চিন্তা কৰিবলৈ আৰম্ভ কৰিছে যে হোৱাটছএপে নিশা মাইক্ৰ'ফোনৰ জৰিয়তে ব্যৱহাৰকাৰীৰ  ওপৰত 'চোৰাংচোৱা' কৰি আছে নেকি?আনকি ইলন মাস্কেও ভাইৰেল টুইটটোৰ উত্তৰ দিছিল আৰু কৈছিল যে 'হোৱাটছএপক বিশ্বাস কৰিব নোৱাৰি'।

 অভিযন্তাগৰাকীৰ এণ্ড্ৰইড ডেশ্বব'ৰ্ডত দেখুৱাইছিল যে কেনেদৰে হোৱাটছএপে পুৱা ৪.২০ বজাৰ পৰা পুৱা ৬.৫৩  বজালৈ তেওঁৰ মাইক্ৰ'ফোন ব্যৱহাৰ কৰি আছিল।  ফ'ড ডাবিৰি নামৰ অভিযন্তাজনে এণ্ড্ৰইড ডেশ্বব'ৰ্ডৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰি লিখিছিল, "হোৱাটছএপে  মাইক্ৰ'ফোন ব্যৱহাৰ কৰি আহিছে,  মই শুই আছিলো আৰু  পুৱা ৬ বজাত সাৰ পোৱাৰ পিছৰে পৰা সেয়া হৈছে?" ডাবিৰীয়ে এটা গুগল পিক্সেল ফোন ব্যৱহাৰ কৰি আছিল৷ ফলত গুগলৰ নামো এই বিতৰ্কত জড়িত হৈ পৰিছে। 

হোৱাটছএপে আগতে কৈছিল যে তেওঁলোকে গুগলক বিষয়টো চাবলৈ কৈছিল আৰু গুগলৰ এজন মুখপাত্ৰয়ো নিশ্চিত কৰিছিল যে কোম্পানীটোৱে কি চলি আছে পৰীক্ষা কৰি আছে। শেহতীয়া প্ৰতিবেদন অনুসৰি গুগলৰ এজন মুখপাত্ৰই নিশ্চিত কৰিছে যে এণ্ড্ৰইডত সঁচাকৈয়ে এটা বাগ আছে যিয়ে অশুদ্ধ তথ্য প্ৰস্তুত কৰি আছে। মুখপাত্ৰজনে কৈছে , "আমাৰ বৰ্তমানৰ অনুসন্ধানৰ ওপৰত আধাৰ  কৰি, এণ্ড্ৰইডত হোৱাটছএপক এই বাগটোৱে প্ৰভাৱান্বিত কৰিছে আৰু গোপনীয়তা ডেশ্বব'ৰ্ডত অশুদ্ধ গোপনীয়তা সূচক আৰু অধিসূচনা দেখুৱাইছে। আমি ব্যৱহাৰকাৰীসকলৰ বাবে এটা সমাধানসূত্ৰ উলিয়াবলৈ  কাম কৰি আছো।" 

ইয়াৰ পূৰ্বে, হোৱাটছএপে এটা টুইটযোগে পৰিস্থিতিটো স্পষ্ট কৰি লিখিছিল যে এণ্ড্ৰইডত এটা বাগৰ বাবে সমস্যাটো উদ্ভৱ হৈছে। আন এটা টুইটত হোৱাটছএপে যোগ কৈছিল  যে  ব্যৱহাৰকাৰীসকলে তেওঁলোকৰ মাইক্ৰ'ফোন ছেটিংছৰ ওপৰত 'সম্পূৰ্ণ নিয়ন্ত্ৰণ' ৰাখিব পাৰে৷  মাইকটো কেৱল তেতিয়াহে ব্যৱহাৰ কৰিব পাৰি যেতিয়া এজন ব্যৱহাৰকাৰীয়ে কল কৰে বা ভইচ নোট বা ভিডিঅ' ৰেকৰ্ডিং কৰে।

 কোম্পানীটোৰ টুইটত লিখা হৈছে , "যোৱা ২৪ ঘণ্টাত আমি এজন টুইটাৰ অভিযন্তাৰ সৈতে যোগাযোগ কৰি আছো যিয়ে তেওঁৰ পিক্সেল ফোন আৰু হোৱাটছএপৰ এটা সমস্যা পোষ্ট কৰিছিল। আমি বিশ্বাস কৰোঁ যে এইটো এণ্ড্ৰইডৰ এটা বাগ যি তেওঁলোকৰ গোপনীয়তা ডেশ্বব'ৰ্ডত তথ্য ভুলকৈ দেখুৱাইছে আৰু বিষয়টো গুগলক অনুসন্ধান কৰিবলৈ কোৱা হৈছে যাতে ইয়াৰ প্ৰতিকাৰ কৰিব পৰা যায়।" হোৱাটছএপে লগতে কৈছে যে ব্যৱহাৰকাৰীৰ যোগাযোগবোৰ এণ্ড-টু-এণ্ড এনক্ৰিপশ্বনৰ দ্বাৰা সুৰক্ষিত থাকে যাতে হোৱাটছএপে সেইবোৰ শুনিব নোৱাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ