--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৃথিৱীৰ পিনে দুৰন্ত গতিত আহি আছে এটা বিশাল আকৃতিৰ গ্ৰহাণু। মাৰ্কিন  মহাকাশ গৱেষণা সংস্থা নাছাই কৈছে যে গ্ৰহাণুটো পৃথিৱীৰ ওচৰেৰে  পাৰ হৈ যাব বুলি  বুলি আশা কৰা হৈছে। গ্ৰহাণুটোৰ নাম ২০২৩ চিএল৩ বুলি কোৱা হৈছে। প্ৰায় ৬৫০ ফুট বহল গ্ৰহাণুটোৱে  প্ৰতি ঘণ্টাত ২৫,০০০ কিলোমিটাৰ বেগত পৃথিৱীৰ ফালে আগবাঢ়িছে।

নাছাৰ মতে গ্ৰহাণুটো ২৪ মে'ত পৃথিৱীৰ নিচেই ওচৰলৈ আহিব। পিছত গ্ৰহাণুটোৱে  পৃথিৱীৰ পৰা পৰা ৭.২ নিযুত কিলোমিটাৰ দূৰলৈ আঁতৰি  যাব বুলি নাছাৰ বিজ্ঞানীসকলে ধাৰণা কৰিছে। কিন্তু নাছাৰ বিজ্ঞানীসকলে লগতে এই বুলিও আশংকা কৰিছে যে গ্ৰহাণুটোৱে হঠাতে ইয়াৰ  গতিপথ সলনি কৰিব পাৰে। 

অৱশ্যে ইয়াৰ ফলত পৃথিৱীৰ তেনে কোনো ক্ষতিসাধন হোৱাৰ আশংকা নাই বুলি বিজ্ঞানীসকলে কৈছে। অৱশ্যে, বিজ্ঞানীসকলে গ্ৰহাণুটোৰ ওপৰত তীক্ষাণ নজৰ ৰাখি আছে।পূৰ্বেও  এনে ধৰণৰ বহু কেইটা  গ্ৰহাণুৱে পৃথিৱীত খুন্দা উদাহৰণ আছে। বিজ্ঞানীসকলৰ মতে  পৃথিৱীৰ বিৱৰ্তনত গ্ৰহাণুৰ এনে আঘাতে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। বিজ্ঞানীসকলে এইবুলিও দাবী কৰে যে প্ৰাগৈতিহাসিক যুগত  পৃথিৱীত বিচৰণ কৰা ডাইনোচৰ বিলুপ্তিৰ গৰাহত  পৰাৰ কাৰণো গ্ৰহাণুৰ আঘাতেই আছিল।











FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে