--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ল’ৰাবোৰ কিশোৰ বয়সত উপনীত হোৱাৰ সময়ত তেওঁলোকৰ দাড়ি আৰু মোচ আহিবলৈ আৰম্ভ কৰে। বৰ্তমান দাড়ি আৰু মোচৰ কদৰ ইমানেই বাঢ়িল যে সকলো ল'ৰাই দাড়ি আৰু মোচ ৰাখিব বিচাৰে। কিন্তু বহু সময়ত হৰম’নৰ অৱক্ষয়ৰ বাবে ল’ৰাৰ দাড়ি আৰু গোঁফ নাথাকে আৰু মহিলাৰ ক্ষেত্ৰত হৰম’নৰ অৱক্ষয়ৰ বাবে মুখত অধিক নোম গজি উঠে। যাৰ অধিক নোম গজি উঠে, সেইসকল মহিলাই মুখৰ এই নোমবোৰ ক্ৰীম, ৱাক্স ষ্ট্ৰিপ, ৰেজাৰ আৰু এপিলেটৰ আদিৰে আঁতৰাই পেলায়। কিন্তু ভাৰতত এগৰাকী মহিলা আছে যাৰ মোচ আছে আৰু তেওঁ মোচ ৰাখি ভাল পায়।  মানুহে তেওঁক ঠাট্টা কৰে যদিও তেওঁ মোচ নাকাটে। কোন এইগৰাকী মহিলা? 

মোচ থকা এইগৰাকী মহিলাৰ নাম শ্বায়জা। তেওঁ কেৰেলাৰ কান্নুৰৰ বাসিন্দা। ৩৫ বছৰীয়া শ্বায়জা তেওঁৰ মোচৰ বাবে বহু বাৰ ঠাট্টা-মস্কৰাৰ বলি হৈছে যদিও তেওঁ মোচ নাকাটে বুলি দৃঢ়প্ৰতিজ্ঞ। শ্বাইজাই কয় যে, "মই মোচ থাকিলে ভাল পাওঁ, গতিকে মই সেইবোৰ কাটিব নিদিওঁ।"

বহু মহিলাৰ দৰে শ্বায়জাৰ মুখত চুলি বেছি আছিল। তেওঁ নিয়মিতভাৱে থ্ৰেডিং কৰিছিল যদিও ওপৰৰ ওঁঠৰ চুলি বা নোম আঁতৰোৱাৰ প্ৰয়োজন কেতিয়াও অনুভৱ কৰা নাছিল। প্ৰায় পাঁচ বছৰ আগতে তেওঁৰ মোচৰ চুলিবোৰ ডাঠ হ’বলৈ ধৰিলে। শ্বায়জাই এতিয়া মোচ নোহোৱাকৈ জীয়াই থকাৰ কথা কল্পনাও নকৰে।

শ্বাইজাই কয়, বহুতে মোক মোচ কাটিবলৈ কৈছিল কিন্তু মই নাকাটো। মই ধুনীয়া নহয় বুলিও কেতিয়াও অনুভৱ কৰা নাই। মোচৰ কাৰণে মোৰ কেতিয়াও একো অসুবিধা হোৱা নাই। মোচৰ কাৰণেই হয়তো মই আন মহিলাতকৈ ব্যতিক্ৰম। সেয়ে মই কেতিয়াও মোচ নাকাটো।

উল্লেখ্য যে শ্বাইজাৰ মুখত মোচ থকাক লৈ তেওঁৰ পৰিয়ালৰো কোনো আপত্তি নাই।

শ্বাইজাই লগতে কয়, ''মোৰ দুটা জীৱন থাকিলে মই আনৰ বাবে এটা জীৱন কটাব পাৰিলোহেঁতেন। এতিয়ালৈকে মোৰ ৬ টা অস্ত্ৰোপচাৰ হৈছে। যোৱা কেইবছৰমানৰ আগত স্তনত থকা এটা গোটা বস্তু আঁতৰোৱাৰ বাবে অস্ত্ৰোপচাৰ কৰা হৈছিল আৰু তাৰ পিছত ডিম্বাশয়ৰ পৰা চিষ্টটো আঁতৰোৱাৰ বাবে অস্ত্ৰোপচাৰ কৰা হৈছিল। মোৰ শেষৰটো অস্ত্ৰোপচাৰ আছিল পাঁচ বছৰ আগতে কৰা হিষ্টেৰেকটমী। যেতিয়াই মোৰ কোনো অস্ত্ৰোপচাৰ হৈছিল তেতিয়াই মই ভাবিছিলোঁ যে এয়া মোৰ শেষ অস্ত্ৰোপচাৰ আৰু তাৰ পিছত মই কেতিয়াও অপাৰেচন থিয়েটাৰলৈ যাব নালাগিব। ইমানবোৰ অস্ত্ৰোপচাৰৰ পিছত মই আত্মবিশ্বাস লাভ কৰিলোঁ আৰু ভাবিলোঁ যে মই এনে এটা জীৱন যাপন কৰা উচিত যিয়ে মোক সুখী কৰে। মোৰ মোচে মোক যিহেতু একো অসুবিধা দিয়া নাই সেয়ে মই ইহঁতক কটাৰ কথা কেতিয়াও ভবা নাই। মই যেনেকুৱা...তেনেকুৱাকৈয়ে মই সুখী।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ