--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ল’ৰাবোৰ কিশোৰ বয়সত উপনীত হোৱাৰ সময়ত তেওঁলোকৰ দাড়ি আৰু মোচ আহিবলৈ আৰম্ভ কৰে। বৰ্তমান দাড়ি আৰু মোচৰ কদৰ ইমানেই বাঢ়িল যে সকলো ল'ৰাই দাড়ি আৰু মোচ ৰাখিব বিচাৰে। কিন্তু বহু সময়ত হৰম’নৰ অৱক্ষয়ৰ বাবে ল’ৰাৰ দাড়ি আৰু গোঁফ নাথাকে আৰু মহিলাৰ ক্ষেত্ৰত হৰম’নৰ অৱক্ষয়ৰ বাবে মুখত অধিক নোম গজি উঠে। যাৰ অধিক নোম গজি উঠে, সেইসকল মহিলাই মুখৰ এই নোমবোৰ ক্ৰীম, ৱাক্স ষ্ট্ৰিপ, ৰেজাৰ আৰু এপিলেটৰ আদিৰে আঁতৰাই পেলায়। কিন্তু ভাৰতত এগৰাকী মহিলা আছে যাৰ মোচ আছে আৰু তেওঁ মোচ ৰাখি ভাল পায়।  মানুহে তেওঁক ঠাট্টা কৰে যদিও তেওঁ মোচ নাকাটে। কোন এইগৰাকী মহিলা? 

মোচ থকা এইগৰাকী মহিলাৰ নাম শ্বায়জা। তেওঁ কেৰেলাৰ কান্নুৰৰ বাসিন্দা। ৩৫ বছৰীয়া শ্বায়জা তেওঁৰ মোচৰ বাবে বহু বাৰ ঠাট্টা-মস্কৰাৰ বলি হৈছে যদিও তেওঁ মোচ নাকাটে বুলি দৃঢ়প্ৰতিজ্ঞ। শ্বাইজাই কয় যে, "মই মোচ থাকিলে ভাল পাওঁ, গতিকে মই সেইবোৰ কাটিব নিদিওঁ।"

বহু মহিলাৰ দৰে শ্বায়জাৰ মুখত চুলি বেছি আছিল। তেওঁ নিয়মিতভাৱে থ্ৰেডিং কৰিছিল যদিও ওপৰৰ ওঁঠৰ চুলি বা নোম আঁতৰোৱাৰ প্ৰয়োজন কেতিয়াও অনুভৱ কৰা নাছিল। প্ৰায় পাঁচ বছৰ আগতে তেওঁৰ মোচৰ চুলিবোৰ ডাঠ হ’বলৈ ধৰিলে। শ্বায়জাই এতিয়া মোচ নোহোৱাকৈ জীয়াই থকাৰ কথা কল্পনাও নকৰে।

শ্বাইজাই কয়, বহুতে মোক মোচ কাটিবলৈ কৈছিল কিন্তু মই নাকাটো। মই ধুনীয়া নহয় বুলিও কেতিয়াও অনুভৱ কৰা নাই। মোচৰ কাৰণে মোৰ কেতিয়াও একো অসুবিধা হোৱা নাই। মোচৰ কাৰণেই হয়তো মই আন মহিলাতকৈ ব্যতিক্ৰম। সেয়ে মই কেতিয়াও মোচ নাকাটো।

উল্লেখ্য যে শ্বাইজাৰ মুখত মোচ থকাক লৈ তেওঁৰ পৰিয়ালৰো কোনো আপত্তি নাই।

শ্বাইজাই লগতে কয়, ''মোৰ দুটা জীৱন থাকিলে মই আনৰ বাবে এটা জীৱন কটাব পাৰিলোহেঁতেন। এতিয়ালৈকে মোৰ ৬ টা অস্ত্ৰোপচাৰ হৈছে। যোৱা কেইবছৰমানৰ আগত স্তনত থকা এটা গোটা বস্তু আঁতৰোৱাৰ বাবে অস্ত্ৰোপচাৰ কৰা হৈছিল আৰু তাৰ পিছত ডিম্বাশয়ৰ পৰা চিষ্টটো আঁতৰোৱাৰ বাবে অস্ত্ৰোপচাৰ কৰা হৈছিল। মোৰ শেষৰটো অস্ত্ৰোপচাৰ আছিল পাঁচ বছৰ আগতে কৰা হিষ্টেৰেকটমী। যেতিয়াই মোৰ কোনো অস্ত্ৰোপচাৰ হৈছিল তেতিয়াই মই ভাবিছিলোঁ যে এয়া মোৰ শেষ অস্ত্ৰোপচাৰ আৰু তাৰ পিছত মই কেতিয়াও অপাৰেচন থিয়েটাৰলৈ যাব নালাগিব। ইমানবোৰ অস্ত্ৰোপচাৰৰ পিছত মই আত্মবিশ্বাস লাভ কৰিলোঁ আৰু ভাবিলোঁ যে মই এনে এটা জীৱন যাপন কৰা উচিত যিয়ে মোক সুখী কৰে। মোৰ মোচে মোক যিহেতু একো অসুবিধা দিয়া নাই সেয়ে মই ইহঁতক কটাৰ কথা কেতিয়াও ভবা নাই। মই যেনেকুৱা...তেনেকুৱাকৈয়ে মই সুখী।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু