--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে ধাৰাবাহিক আক্ৰমণ অব্যাহত ৰাখিছে অৰবিন্দ কেজৰিৱালে। প্ৰধানমন্ত্ৰী মোদীৰ শিক্ষাগত অৰ্হতাক লৈ প্ৰশ্ন তুলিছে কেজৰিৱালে৷ কালি দিল্লীৰ বিধানসভাত শিক্ষাগত অৰ্হতাক লৈ প্ৰধানমন্ত্ৰীক ক্ষুৰধাৰ সমালোচনা কৰে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। 

লক্ষ্যণীয়ভাৱে ইয়াৰ এদিন পাছতেই দিল্লীৰ বাটে-পথে দেখা গ’ল বিশেষ প’ষ্টাৰ। দেশৰ প্ৰধানমন্ত্ৰীগৰাকী শিক্ষিত হ’ব লাগে নে নালাগে? এই প্ৰশ্ন উত্থাপন কৰি প’ষ্টাৰ আঁৰি দিয়া দেখা গ’ল দিল্লীৰ ৰাজপথত। ইয়াৰ পূৰ্বে মোদী হাটাও, দেশ বাচাও এই শ্ল’গানেৰে প’ষ্টাৰ আঁৰিছিল কোনো অজ্ঞাত লোকে। 

ঘটনাৰ আঁৰত আম আদমী পাৰ্টী জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছিল বিজেপিয়ে। সেই ঘটনাৰ প্ৰতিক্ৰিয়া স্বৰূপে এদিন পাছত অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধেও প’ষ্টাৰ আঁৰিছিল একাংশ বিজেপি কৰ্মীয়ে। এই ঘটনাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই এইবাৰ প্ৰধানমন্ত্ৰীৰ শিক্ষাগত অৰ্হতাক লৈ দিল্লীৰ ৰাজপথত দেখা গ’ল প’ষ্টাৰ। 

উল্লেখ্য যে বিগত দিনকেইটাত আম আদমী পাৰ্টীৰ ৰাষ্ট্রীয় সমন্বয়ক অৰবিন্দ কেজৰিৱাল আক্ৰমণাত্মক হৈ পৰিছে নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে। এই ক্ষেত্ৰত কেজৰিৱালে বাচি লৈছে প্ৰধানমন্ত্ৰী মোদীৰ শিক্ষাগত অৰ্হতাক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পাকিস্তানক আৰু ধন নিদিয়ে চীনে
'আমি এছিয়া কাপ জিকিলোঁ, এতিয়া পৰৱৰ্তী লক্ষ্য বিশ্বকাপ'-টিম ইণ্ডিয়াৰ গৰ্জন
এলুমিনিয়ামৰ বাচনত ৰন্ধা খাদ্য খালে ‘কেন্সাৰ’ হয় নেকি? ডাক্তৰৰ পৰামৰ্শ জানি লওক
ঘৰ জোঁৱাই ৰখাৰ পৰিণতি! খুলশালীৰ পত্নীক পলুৱাই লৈ গ'ল ভিনিহিয়েকে
সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ১০০ বছৰীয়া জন্ম বাৰ্ষিকী! ৰাজ্যজুৰি সোঁৱৰণ বিশ্ববন্দিত শিল্পীগৰাকীক
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ