--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে ধাৰাবাহিক আক্ৰমণ অব্যাহত ৰাখিছে অৰবিন্দ কেজৰিৱালে। প্ৰধানমন্ত্ৰী মোদীৰ শিক্ষাগত অৰ্হতাক লৈ প্ৰশ্ন তুলিছে কেজৰিৱালে৷ কালি দিল্লীৰ বিধানসভাত শিক্ষাগত অৰ্হতাক লৈ প্ৰধানমন্ত্ৰীক ক্ষুৰধাৰ সমালোচনা কৰে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। 

লক্ষ্যণীয়ভাৱে ইয়াৰ এদিন পাছতেই দিল্লীৰ বাটে-পথে দেখা গ’ল বিশেষ প’ষ্টাৰ। দেশৰ প্ৰধানমন্ত্ৰীগৰাকী শিক্ষিত হ’ব লাগে নে নালাগে? এই প্ৰশ্ন উত্থাপন কৰি প’ষ্টাৰ আঁৰি দিয়া দেখা গ’ল দিল্লীৰ ৰাজপথত। ইয়াৰ পূৰ্বে মোদী হাটাও, দেশ বাচাও এই শ্ল’গানেৰে প’ষ্টাৰ আঁৰিছিল কোনো অজ্ঞাত লোকে। 

ঘটনাৰ আঁৰত আম আদমী পাৰ্টী জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছিল বিজেপিয়ে। সেই ঘটনাৰ প্ৰতিক্ৰিয়া স্বৰূপে এদিন পাছত অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধেও প’ষ্টাৰ আঁৰিছিল একাংশ বিজেপি কৰ্মীয়ে। এই ঘটনাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই এইবাৰ প্ৰধানমন্ত্ৰীৰ শিক্ষাগত অৰ্হতাক লৈ দিল্লীৰ ৰাজপথত দেখা গ’ল প’ষ্টাৰ। 

উল্লেখ্য যে বিগত দিনকেইটাত আম আদমী পাৰ্টীৰ ৰাষ্ট্রীয় সমন্বয়ক অৰবিন্দ কেজৰিৱাল আক্ৰমণাত্মক হৈ পৰিছে নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে। এই ক্ষেত্ৰত কেজৰিৱালে বাচি লৈছে প্ৰধানমন্ত্ৰী মোদীৰ শিক্ষাগত অৰ্হতাক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক