--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ অৰ্থনীতি পৰিচালনা কৰাত “ব্যৰ্থ” হোৱাৰ বাবে ২০২৪ চনত প্ৰধানমন্ত্ৰীৰ দৌৰত অংশগ্ৰহণ কৰা উচিত নহয়। মোদীৰ গৃহৰাজ্য গুজৰাটৰ বদোদৰাত বিজেপি নেতা সুব্ৰমণিয়াম স্বামীয়ে শনিবাৰে এইদৰে কয়।

গুজৰাটৰ বদোদৰাৰ পাৰুল বিশ্ববিদ্যালয়ত স্বামীয়ে কয়- ''মই বিশ্বাস কৰো যে দেশৰ অৰ্থনীতি নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হোৱাৰ বাবে মোদীয়ে প্রধানমন্ত্ৰীৰ দৌৰত অংশগ্ৰহণ কৰা উচিত নহয়। মোদী বিগ জিৰ’।’’

তদুপৰি চীনে ভাৰতৰ অংশ দখল কৰাৰ সন্দৰ্ভত মোদীৰ নীৰৱতাক লৈও তেওঁ প্ৰশ্ন উত্থাপন কৰে- ''প্ৰায় ৪০২৪ বৰ্গ কিলোমিটাৰ অঞ্চল চীনে দখল কৰি আছে কিন্তু মোদী নীৰৱ হৈ আছে। আনকি আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যাওঁতেও তেওঁ এই বিষয়ে একো নক’লে। কিয়?’’

আনহাতে, মহাৰাষ্ট্ৰৰ একনাথ সিন্দে শিবিৰৰ শিৱসেনাৰ বিধায়কসকলে অতিশ্ৰীঘ্ৰে পুনৰ ঠাকৰে শিবিৰলৈ প্ৰত্যাৱৰ্তন কৰিব বুলি তেওঁ ভৱিষ্যদ্বাণী কৰে। মণিপুৰ সংঘৰ্ষক লৈও তেওঁ মন্তব্য কৰে। কয় যে মোদীয়ে সংঘাতজৰ্জৰ ৰাজ্যখনলৈ গৈ জনতাৰ বুজ লোৱাটো কৰ্তব্য।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান