--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ পুনৰ ভাৰতে ফ্ৰান্সৰ পৰা ক্ৰয় কৰিব ৰাফেল বিমান। এইবাৰ ২৬খন ৰাফেল যুদ্ধ বিমান আৰু তিনিখন স্ক’ৰপিন শ্ৰেণীৰ গতানুগতিক চাবমেৰিন ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে ভাৰতে।

চৰকাৰী সূত্ৰই এএনআইক জনোৱা মতে, এই প্ৰস্তাৱসমূহ প্ৰতিৰক্ষা বাহিনীয়ে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সন্মুখত দাখিল কৰিছে আৰু এই সপ্তাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ফ্ৰান্স ভ্ৰমণৰ সময়ত এই প্ৰস্তাৱ ঘোষণা কৰাৰ সম্ভাৱনা আছে।

প্রস্তাৱ অনুসৰি ভাৰতীয় নৌসেনাই চাৰিখন প্রশিক্ষক বিমানৰ লগতে ২২খন একক আসনৰ ৰাফেল মেৰিন বিমান লাভ কৰিব৷

দেশজুৰি নিৰাপত্তাজনিত প্ৰত্যাহ্বানৰ প্ৰতি লক্ষ্য ৰাখি এই যুঁজাৰু বিমান আৰু চাবমেৰিনৰ নাটনিৰ সন্মুখীন হোৱাৰ বাবে নৌসেনাই জৰুৰীভাৱে অধিগ্ৰহণৰ বাবে হেঁচা প্ৰয়োগ কৰিছিল।

বিমানবাহী জাহাজ আই এন এছ বিক্ৰমাদিত্য আৰু বিক্ৰান্তই মিগ-২৯ বিমান চলাই আহিছে আৰু দুয়োখন কেৰিয়াৰত চলাচলৰ বাবে ৰাফেলৰ প্ৰয়োজন।

ইফালে, নৌসেনাই পুনৰাবৃত্তি দফাৰ অধীনত প্ৰজেক্ট ৭৫ৰ অংশ হিচাপে অধিগ্ৰহণ কৰিব স্ক’ৰপিন শ্ৰেণীৰ তিনিখন চাবমেৰিন য’ত মুম্বাইৰ মাজাগন ডকয়াৰ্ডছ লিমিটেডত নিৰ্মাণ কৰা হ’ব।

চুক্তিসমূহৰ মূল্য ₹ ৯০ হাজাৰ কোটিতকৈ অধিক হ’ব বুলি অনুমান কৰা হৈছে যদিও চুক্তিৰ আলোচনা সম্পূৰ্ণ হোৱাৰ পিছতহে চূড়ান্ত খৰচ স্পষ্ট হ’ব যিটো চুক্তি ঘোষণাৰ পিছত হ’ব।

সূত্ৰই জনোৱা মতে, এই চুক্তিত ভাৰতে মূল্যৰ ৰেহাই বিচৰাৰ সম্ভাৱনা আছে আৰু পৰিকল্পনাত অধিক ‘মেক-ইন-ইণ্ডিয়া’ কন্টেন্ট থকাৰ ওপৰত জোৰ দিব।

উদ্যোগৰ সূত্ৰই জনোৱা মতে, ৰাফেল এম চুক্তিৰ বাবে ভাৰত আৰু ফ্ৰান্সে ৩৬খন যুদ্ধ বিমানৰ পূৰ্বৰ ৰাফেল চুক্তিৰ দৰেই এই চুক্তিৰ আলোচনাৰ বাবে এক যৌথ দল গঠন কৰাৰ সম্ভাৱনা আছে।

ইতিমধ্যে এই প্ৰস্তাৱসমূহ প্ৰতিৰক্ষা মন্ত্ৰালয়ত উচ্চ পৰ্যায়ৰ বৈঠকত আলোচনা কৰা হৈছে আৰু অনাগত কেইদিনমানৰ ভিতৰত প্ৰতিৰক্ষা অধিগ্ৰহণ পৰিষদৰ সন্মুখত ৰখাৰ সম্ভাৱনা আছে আৰু ফ্ৰান্সত ঘোষণাৰ পূৰ্বে চৰকাৰে ইয়াক Acceptance of Necessity প্ৰদান কৰাৰ আশা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস