--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ পুনৰ ভাৰতে ফ্ৰান্সৰ পৰা ক্ৰয় কৰিব ৰাফেল বিমান। এইবাৰ ২৬খন ৰাফেল যুদ্ধ বিমান আৰু তিনিখন স্ক’ৰপিন শ্ৰেণীৰ গতানুগতিক চাবমেৰিন ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে ভাৰতে।

চৰকাৰী সূত্ৰই এএনআইক জনোৱা মতে, এই প্ৰস্তাৱসমূহ প্ৰতিৰক্ষা বাহিনীয়ে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সন্মুখত দাখিল কৰিছে আৰু এই সপ্তাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ফ্ৰান্স ভ্ৰমণৰ সময়ত এই প্ৰস্তাৱ ঘোষণা কৰাৰ সম্ভাৱনা আছে।

প্রস্তাৱ অনুসৰি ভাৰতীয় নৌসেনাই চাৰিখন প্রশিক্ষক বিমানৰ লগতে ২২খন একক আসনৰ ৰাফেল মেৰিন বিমান লাভ কৰিব৷

দেশজুৰি নিৰাপত্তাজনিত প্ৰত্যাহ্বানৰ প্ৰতি লক্ষ্য ৰাখি এই যুঁজাৰু বিমান আৰু চাবমেৰিনৰ নাটনিৰ সন্মুখীন হোৱাৰ বাবে নৌসেনাই জৰুৰীভাৱে অধিগ্ৰহণৰ বাবে হেঁচা প্ৰয়োগ কৰিছিল।

বিমানবাহী জাহাজ আই এন এছ বিক্ৰমাদিত্য আৰু বিক্ৰান্তই মিগ-২৯ বিমান চলাই আহিছে আৰু দুয়োখন কেৰিয়াৰত চলাচলৰ বাবে ৰাফেলৰ প্ৰয়োজন।

ইফালে, নৌসেনাই পুনৰাবৃত্তি দফাৰ অধীনত প্ৰজেক্ট ৭৫ৰ অংশ হিচাপে অধিগ্ৰহণ কৰিব স্ক’ৰপিন শ্ৰেণীৰ তিনিখন চাবমেৰিন য’ত মুম্বাইৰ মাজাগন ডকয়াৰ্ডছ লিমিটেডত নিৰ্মাণ কৰা হ’ব।

চুক্তিসমূহৰ মূল্য ₹ ৯০ হাজাৰ কোটিতকৈ অধিক হ’ব বুলি অনুমান কৰা হৈছে যদিও চুক্তিৰ আলোচনা সম্পূৰ্ণ হোৱাৰ পিছতহে চূড়ান্ত খৰচ স্পষ্ট হ’ব যিটো চুক্তি ঘোষণাৰ পিছত হ’ব।

সূত্ৰই জনোৱা মতে, এই চুক্তিত ভাৰতে মূল্যৰ ৰেহাই বিচৰাৰ সম্ভাৱনা আছে আৰু পৰিকল্পনাত অধিক ‘মেক-ইন-ইণ্ডিয়া’ কন্টেন্ট থকাৰ ওপৰত জোৰ দিব।

উদ্যোগৰ সূত্ৰই জনোৱা মতে, ৰাফেল এম চুক্তিৰ বাবে ভাৰত আৰু ফ্ৰান্সে ৩৬খন যুদ্ধ বিমানৰ পূৰ্বৰ ৰাফেল চুক্তিৰ দৰেই এই চুক্তিৰ আলোচনাৰ বাবে এক যৌথ দল গঠন কৰাৰ সম্ভাৱনা আছে।

ইতিমধ্যে এই প্ৰস্তাৱসমূহ প্ৰতিৰক্ষা মন্ত্ৰালয়ত উচ্চ পৰ্যায়ৰ বৈঠকত আলোচনা কৰা হৈছে আৰু অনাগত কেইদিনমানৰ ভিতৰত প্ৰতিৰক্ষা অধিগ্ৰহণ পৰিষদৰ সন্মুখত ৰখাৰ সম্ভাৱনা আছে আৰু ফ্ৰান্সত ঘোষণাৰ পূৰ্বে চৰকাৰে ইয়াক Acceptance of Necessity প্ৰদান কৰাৰ আশা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান