--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ’না, মাংকী পক্স নহয় সম্প্ৰতি আতংকৰ কাৰক হৈ থিয় দিছে এবিধ নতুন ভাইৰাছে। ভাৰতত আৰম্ভ হৈছে ন’ৰ’ ভাইৰাছৰ সংক্ৰমণ। কেৰালাত ইতিমধ্যে দুটি শিশু এই ৰোগত আক্ৰান্ত হোৱাৰ খবৰ আহিছে।  চিকিৎসকলেও এই ৰোগ সন্দৰ্ভত সতৰ্ক কৰি দিছে দেশৰ নাগৰিকক।

ন’ৰ’ ভাইৰাছ সন্দৰ্ভত কেৰালাৰ স্বাস্থ্যমন্ত্ৰীয়ে কয় যে, ‘এয়া এক মাৰাত্মক সংক্ৰামক ৰোগ। এই ৰোগৰ পৰা হাত সাৰিবলৈ পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাটো অতি প্ৰয়োজনীয়।’

ইফালে, আমেৰিকাৰ চেণ্টাৰ ফ’ৰ ডিজিজ কণ্ট্ৰ’ল এণ্ড প্ৰিভেনশ্যনৰ তথ্য অনুসৰি এই ভাইৰাছ অতি সংক্ৰামক বুলি অভিহিত কৰিছে। ন’ৰ’ ভাইৰাছক ‘winter vomiting bug’ বা ‘stomach flu’ বুলিও কোৱা হৈছে এই প্ৰতিবেদনত। যদিও ফ্লুৰ সৈতে কোনো সম্পৰ্ক নাই ন’ৰ’ ভাইৰাছৰ।

ন’ৰ’ ভাইৰাছ সংক্ৰমণৰ প্ৰাথমিক লক্ষণ হিচাপে মূলতঃ পেটৰ সমস্যাই দেখা দিয়াৰ লগতে, ডায়েৰিয়া, জ্বৰ, মূৰৰ বিষ, অংগ-প্ৰত্যংগৰ বিষ আদিও হ’ব পাৰে বুলি চিকিত্‍সকে সদৰী কৰিছে।

কেনেকৈ বিয়পিব পাৰে ন’ৰ’ ভাইৰাছ? 

মূলতঃ খাদ্য আৰু পানীৰ পৰা এইবিধ ভাইৰাছ বিয়পে বুলি জানিবলৈ পোৱা গৈছে। খাদ্য বা পানীত যদি এই বীজাণু থাকে তেন্তে তাৰ পৰাই সংক্ৰমিত হ’ব পাৰে। তদুপৰি আক্ৰান্ত ব্যক্তিৰ পৰাও ই বিয়পিব পাৰে।

কেনেকৈ হাত সাৰিব: 

এই সংক্ৰামক ভাইৰাছ বিধৰ পৰা হাত সাৰিবলৈ পৰিষ্কাৰ-পৰিচ্ছন্নতা আটাইতকৈ উত্তম উপায়। সঘনাই হাত ধুৱাৰ লগতে আক্ৰান্ত ব্যক্তিৰ ওচৰলৈ নোযোৱাটোৱে স্বাস্থ্যৰ পক্ষে সুফলদায়ক।

ৰোগৰ চিকিৎসাঃ 

এতিয়ালৈকে ইয়াৰ কোনো নিৰাময় ব্যৱস্থা ওলোৱা নাই। প্ৰচুৰ পৰিমাণে পানী সেৱন কৰিলে এই ৰোগৰ পৰা শীঘ্ৰে আৰোগ্য লাভ কৰিব পৰা যায় বুলি চিকিত্‍সকে সদৰী কৰিছে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে