--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ দ্বিতীয়টো 'বিমুদ্ৰাকৰণৰ বাবে সাজু হ’বৰ হ’ল! হয়, ২০১৬ চনৰ   ৮ নৱেম্বৰৰ নিশা ৮ বজাত দেশবাসীক আচৰিত কৰি  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিমুদ্ৰাকৰণৰ কথা সদম্ভে ঘোষণা কৰিছিল। ক'লা ধন নাইকিয়া কৰা, সন্ত্ৰাসবাদীলৈ ধনৰ যোগান বন্ধ কৰা আদি নানান প্ৰতিশ্ৰুতিৰে প্ৰধানমন্ত্ৰী মোদীয়ে বিমুদ্ৰাকৰণৰ কথা ঘোষণা কৰিছিল।  বিমুদ্ৰাকৰণ ঘোষণাৰ পিছতে দেশত বিত্তীয় বিশৃংখলতাৰ সৃষ্টি হৈছিল,চহৰ- মহানগৰ-গাঁৱত টকা উলিয়াবলৈ এটিএমৰ সন্মুখত মানুহৰ দীঘলীয়া শাৰী হৈছিল।

 সকলোৱে নিজৰ  জমাৰ পৰা কেনেকৈ ২,০০০ টকা হ'লেও পাব পাৰি তাকে লৈ চিন্তিত হৈ পৰিছিল। বহু উদ্যোগ হঠাতে বন্ধ হৈ পৰিছিল। জনতৰ হাতত ধন নথকাত মানুহৰ ক্ৰয় ক্ষমতা নিশাটোৰ ভিতৰতে কমি গৈছিল। বিমুদ্ৰাকৰণৰ নেতিবাচক প্ৰভাৱৰ পৰা দেশবাসী সম্পূৰ্ণ ৰূপে  মুক্ত হ’ব নোৱাৰাৰ সময়তে ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে ২০০০ টকাৰ বেংকনোটৰ প্ৰচলন সম্পূৰ্ণৰূপে  নিষিদ্ধ কৰাৰ  সিদ্ধান্ত লৈছে ৷ সেইমৰ্মে ৰিজাৰ্ভ বেংকে  সকলোকে ৩০ ছেপ্টেম্বৰ, ২০২৩-ৰ ভিতৰত হাতত থকা ২০০০ টকাৰ নোট  সলনি কৰিবলৈ কৈছে।  শুকুৰবাৰে প্ৰকাশ কৰা এক বিবৃতিত কেন্দ্ৰীয় বেংকটোৱে কয়: "ভাৰতীয় ৰিজাৰ্ভ বেংকৰ "পৰিষ্কাৰ নোট নীতি" অনুসৰি,২০০০ টকা  মূল্যৰ বেংকনোট প্ৰচলনৰ পৰা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত এই কাম সম্পূৰ্ণ কৰিবলৈ আৰু ৰাইজক  পৰ্যাপ্ত সময় প্ৰদান কৰিবলৈ, সকলো বেংকে ৩০ ছেপ্টেম্বৰ, ২০২৩  লৈ ২০০০ টকাৰ  বেংকনোট  জমা আৰু/বা বিনিময়ৰ সুবিধা প্ৰদান কৰিব।"


এই পদক্ষেপৰ বিষয়ে ব্যাখ্যা কৰি আৰবিআইয়ে কয়: "২০০০ টকাৰ নোটৰ  প্ৰায় ৮৯% বেংকনোট মাৰ্চ ২০১৭ ৰ আগতে জাৰী কৰা হৈছিল । প্ৰচলিত এই বেংকনোটবোৰৰ মুঠ মূল্য ৩১  মাৰ্চ ২০১৮ তাৰিখলৈ (প্ৰচলিত নোটৰ ৩৭.৩%) ৬.৭৩  লাখ কোটিৰ পৰা ৩.৬২ লাখ কোটিলৈ হ্ৰাস পাইছে ৷ যি ৩১  মাৰ্চ ২০২৩ তাৰিখলৈ প্ৰচলিত নোটৰ মাত্ৰ ১০.৮ %  হৈ পৰিব। আৰবিআইয়ে কৈছে যে ৰাইজে তেওঁলোকৰ বেংক একাউণ্টত ২,০০০ টকাৰ বেংকনোট জমা কৰিব পাৰিব বা যিকোনো বেংকৰ শাখাত সেইবোৰ আন মূল্যৰ বেংকনোটৰ সৈতে সলনি কৰিব পাৰিব। কেন্দ্ৰীয় বেংকে লগতে কয়, "কাৰ্যকৰী সুবিধা নিশ্চিত কৰিবলৈ আৰু বেংকশাখাৰ নিয়মীয়া কাৰ্যকলাপ ব্যাহত হোৱা পৰিহাৰ কৰিবলৈ, ২৩ মে, ২০২৩-ৰ পৰা  যিকোনো বেঙ্কত একেসময়তে ২০০০ টকাৰ বেংকনোটৰ বিনিময় ২০,০০০ টকালৈকে  কৰিব পাৰিব।"  ইয়াৰ উপৰি ২৩ মে'ৰ পৰা  আৰবিআইৰ ১৯ টা আঞ্চলিক কাৰ্যালয়ত ২,০০০ টকাৰ বেংক নোট বিনিময়ৰ সুবিধা থাকিব৷  উল্লেখ্য ২০১৮-১৯ বৰ্ষত ২,০০০ টকাৰ বেংকনোটৰ মুদ্ৰণ বন্ধ কৰা হৈছিল৷ 


উল্লেখ্য মোদীয়ে ঘোষণা কৰা বিমুদ্ৰাকৰণৰ ফলত যোগান আৰু চাহিদাৰ মাজত ব্যাপক ব্যৱধান আহি পৰিছিল। সাধাৰণ খাটি খোৱা মানুহৰ চলিবলৈও টান হৈ পৰিছিল। দেশৰ গৰিষ্ঠ সংখ্যক লোকৰ হাততেই নাছিল টকা। এনে অভাৱনীয় পৰিস্থিতিলৈ লক্ষ্য কৰি মোদীয়ে যেন সন্তুষ্টিৰ হাঁহিহে মাৰিছিল। মোদীয়ে ভাবিছিল তেওঁ বিশ্বত নোহোৱা কাম এটা কৰিব পাৰিছে। দেশৰ অৰ্থনীতিক ৰুগ্ন কৰাৰ প্ৰথম ঢাপেই আছিল মোদীৰ চৰকাৰৰ বিমুদ্ৰাকৰণ। এই কথা আনকি ৰিজাৰ্ভ বেংকেও মানি ল'বলৈ বাধ্য হৈছে। 

বিমুদ্ৰাকৰণক  এক অভূতপূৰ্ব আৰু সাহসী সিদ্ধান্ত বুলি দাবী কৰি মোদীৰ চৰকাৰে কৈছিল – ই দেশৰ ক'লা ধন উলিয়াই আনিব, দুৰ্নীতি সমাপ্ত কৰিব, নকল নোটৰ প্ৰচলন সম্পূৰ্ণৰূপে নাইকিয়া কৰিব লগতে নক্সাল তথা  সন্ত্ৰাসবাদী সংগঠনবোৰক পুঁজি যোগান ধৰাটো ৰোধ কৰিব।

ভাৰতৰ দৰে সৰ্ববৃহৎ গণতান্ত্ৰিক দেশৰ জনসাধাৰণে  চৰকাৰৰ এই সিদ্ধান্ত সঠিক আছিল নে নাইসেয়া আজিও ঠাৱৰ কৰিব পৰা নাই। সেইবাবেই  বিমুদ্ৰাকৰণৰ ফলাফল  দৰাচলতেনো কেনে হৈছে, ই সঁচাকৈয়ে জনতাক ন্যায় দিছেনে আদি কথা জানিবলৈ বহুতে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'বলগীয়া হৈছিল। বিমুদ্ৰাকৰণৰ সেই সিদ্ধান্তৰ বিৰুদ্ধে দেশৰ শীৰ্ষ আদালতত ৩০ খনতকৈও অধিক আবেদন দাখিল কৰা হৈছিল। সেই আবেদনসমূহৰ এতিয়া শুনানি চলি  আছে। এয়া স্পষ্ট যে সংবিধানৰ বিধানৰ অধীনত উচ্চতম ন্যায়ালয়ে চৰকাৰৰ বিমুদ্ৰাকৰণৰ সিদ্ধান্ত সলনি কৰিব নোৱাৰে, কিন্তু এই ব্যৱস্থাৰ উদ্দেশ্য  সঁচাকৈয়ে দেশৰ কেইটামান ঔদ্যোগিক প্ৰতিষ্ঠানক  লাভান্বিত কৰা আছিল নেকি আদি কথাবোৰত নিঃসন্দেহে উচ্চতম ন্যায়ালয়ে পৰ্যালোচনা কৰিব পাৰে।

শেহতীয়াকৈ বুধবাৰে বিমুদ্ৰাকৰণকলৈ প্ৰশ্ন উত্থাপন কৰি দাখিল কৰা   আৱেদনৰ শুনানি  উচ্চতম ন্যায়ালয়ত গ্ৰহণ কৰা হয়। কেন্দ্ৰীয় চৰকাৰে নিযুক্ত কৰা প্ৰবীণ অধিবক্তাসকলে কেন্দ্ৰীয় চৰকাৰৰ পদক্ষেপক যুক্তিসংগত বুলি প্ৰমাণ  কৰিবলৈ পাৰ্যমানে চেষ্টা চলায়।  আদালতত দাখিল কৰা শপতনামাত চৰকাৰে কৈছে যে কৰ ফাঁকি প্ৰতিৰোধ আৰু ক'লা ধন নিয়ন্ত্ৰণ কৰাৰ বাবে বাবে এয়া  এটা সুপৰিকল্পিত ব্যৱস্থা আছিল।

ইয়াৰ উদ্দেশ্য আছিল জালনোটৰ সমস্যাৰ মোকাবিলা কৰা আৰু সন্ত্ৰাসবাদীৰ পুঁজি বন্ধ কৰা  ।চৰকাৰে এইটোও স্পষ্ট কৰি দিছে যে এয়া  ৰিজাৰ্ভ বেংকৰ  পৰামৰ্শ অনুসৰি কৰা হৈছিল। বহুত আলোচনা আৰু প্ৰস্তুতিৰ পিছত ইয়াক কাৰ্যকৰী কৰা হৈছিল।  ২০১৬ চনৰ ৮ নৱেম্বৰত প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে ৫০০ আৰু ১০০০ টকাৰ পুৰণি নোট প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছিল। যাৰ ফলত  দেশৰ এক বৃহৎ জনসংখ্যাই প্ৰায় ডেৰ মাহৰ বাবে নোটৰ অভাৱৰ সন্মুখীন হ'বলগীয়া হৈছিল। গোচৰটোৰ শুনানি গ্ৰহণ কৰা ৫ জনীয়া সংবিধান বিচাৰপীঠে চৰকাৰক সুধিছিল যে বিমুদ্ৰাকৰণ কিয় কাৰ্যকৰী কৰা হৈছিল?৫০০আৰু ১,০০০ টকাৰ নোট বন্ধ কৰাৰ সিদ্ধান্ত লোৱাৰ আগতে প্ৰক্ৰিয়াটো কেনেদৰে পৰিচালনা কৰা হৈছিল? 

ইয়াৰ প্ৰত্যুত্তৰত কেন্দ্ৰীয় চৰকাৰে কৈছিল যে এই সিদ্ধান্ত অৰ্থনৈতিক আৰু মুদ্ৰা নীতিৰ অংশ আছিল। ইয়াক আদালতত পুনৰীক্ষণ কৰা উচিত নহয়। কিন্তু উচ্চতম ন্যায়ালয়ত কৰা আৱেদনবোৰত  অভিযোগ কৰা হৈছে  যে এই বিমুদ্ৰাকৰণ কোনো নিয়ম অনুসৰণ নকৰাকৈ কাৰ্যকৰী কৰা হৈছিল। ইয়াৰ প্ৰতি সঁহাৰি জনাই কেন্দ্ৰীয় চৰকাৰে যুক্তি দিছিল যে ভাৰতীয় ৰিজাৰ্ভ বেংক আইন, ১৯৩৪ ৰ অধীনত ৰিজাৰ্ভ বেংক আৰু চৰকাৰৰ যিকোনো মুদ্ৰা নোট প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লোৱাৰ অধিকাৰ আছে। চৰকাৰে লগতে জনাইছে যে বিমুদ্ৰাকৰণৰ পিছতে সংসদে নিৰ্দিষ্ট বেংক নোট  আইন, ২০১৭  গৃহীত কৰে আৰু ইয়াত অনুমোদন জনায়। এনে পৰিস্থিতিত এই কথা স্পষ্ট হৈ পৰিছে যে কোনো আইন গৃহিত নোহোৱাকৈয়ে বিমুদ্ৰাকৰণ কাৰ্যকৰী কৰা হৈছিল।    

 আদালতত চৰকাৰক স্পষ্টভাবে সুধিছিল যে বিমুদ্ৰাকৰণৰ দ্বাৰা কিমান ক'লা ধন উলিয়াই অনা হ'ল ? বহুতো বিত্তীয় বিশেষজ্ঞই প্ৰকাশ কৰা মতে যোৱা ছয় বছৰৰ পৰিসংখ্যা অনুসৰি বিমুদ্ৰাকৰণে ক'লা ধন হ্ৰাস কৰাৰ উদ্দেশ্যত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। যোৱা  ২১ অক্টোবৰলৈকে জনসাধাৰণৰ হাতত থকা  নগদ ধন ৩০.৮৮ লাখ কোটি টকাৰ অভিলেখ স্তৰত উপনীত হৈছিল, যিয়ে দেখুৱায় যে বিমুদ্ৰাকৰণৰ ছয় বছৰ পাছতো দেশখনে বৃহৎ পৰিমাণত নগদ ধন  ব্যৱহাৰ কৰি আছে। এই সংখ্যাটো ৪ নৱেম্বৰ, ২০১৬ ৰ নগদ মুদ্ৰাৰ স্তৰতকৈ ৭১.৮৪ শতাংশ অধিক। ২০১৬ চনৰ ৪ নৱেম্বৰত জনতাৰ হাতত থকা নগদ ধনৰ পৰিমাণ আছিল ১৭.৭ লাখ কোটি টকা। অৰ্থাৎ বিমুদ্ৰাকৰণ ঘোষণাৰ পিছত  নগদ ধনৰ প্ৰচলন এতিয়া ৭২ শতাংশতকৈও অধিক বৃদ্ধি পাইছে। যদি  ৰিজাৰ্ভ বেঙ্কৰ এই তথ্যবোৰ বিশ্লেষণ কৰা যায় তেন্তে  দেখা যায়  যে  ৯৯ শতাংশ নগদ ধন পুনৰ বজাৰলৈ  ঘূৰি আহিছে।

ইয়াৰ অৰ্থ হৈছে যে আগতে বজাৰত ঘূৰি থকা ক'লা ধনে এতিয়া পৰিধি বহল কৰি   অধিক বহল ৰূপত উদ্দেশ্য সম্পাদন কৰি আছে। মানিকণ্ট্ৰোলৰ এক প্ৰতিবেদন অনুসৰি যেতিয়া বজাৰৰ  পৰা ৫০০ আৰু ১,০০০ টকাৰ পুৰণি নোট আঁতৰ কৰা হৈছিল, সেই সময়ত তেনে নোটৰ মুঠ অংশগ্ৰহণ আছিল ৮৬ শতাংশ। বিমুদ্ৰাকৰণৰ ইমান বছৰৰ পিছত অৰ্থনীতিবিদসকলে অনুভৱ কৰে যে সিদ্ধান্তটো অত্যাধিক কঠোৰ আছিল আৰু কেৱল৫ শতাংশতকৈও কম ক'লা ধনৰ ওপৰতহে ইয়াৰ প্ৰভাৱ পৰিছিল। বাকী ক'লা ধন এতিয়াও সোণ আৰু ৰূপ ক্ৰয় কৰা আৰু ৰিয়েল ইষ্টেটত বৃহৎ বিনিয়োগ কৰাৰ ৰূপত বৰ্তি আছে। 

বিমুদ্ৰাকৰণৰ আন এক উদ্দেশ্য আছিল জাল  নোট নিয়ন্ত্ৰণ কৰা। দ্বিতীয় মুখ্য উদ্দেশ্যটোও বিফল হৈছে।  ২৭ মে'ত  ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰা  প্ৰতিবেদনৰ  অনুসৰি জাল নোটৰ সংখ্যা ১০.৭ শতাংশ বৃদ্ধিহে পাইছে। নতুন ৫০০  টকাৰ নকল নোট আৰু ২,০০০ টকাৰ নকল নোট ১০১.৯৩  শতাংশ বৃদ্ধি হৈছে। কেৱল এয়াই নহয়, ১০ টকাৰ নকল নোটৰ সংখ্যা ১৬.৪৫ শতাংশ বৃদ্ধি পাইছে আৰু ২০ টকাৰ নকল নোটৰ সংখ্যা ১৬.৪৮ শতাংশ বৃদ্ধি পাইছে।

ইয়াৰ উপৰি ২০০  টকাৰ নোটৰ জাল নোট ১১.৭ শতাংশ বৃদ্ধি পাইছে। জাল ৫০ টকাৰ নোট ২৮.৬৫ শতাংশ আৰু  ১০০ টকাৰ জাল নোট ১৬.৭১ শতাংশ বৃদ্ধি পাইছে। মুঠ নকল নোটৰ ভিতৰত, ৬.৯  শতাংশ আৰ.বি.আই.-ত ধৰা পৰিছিল আৰু  ৯৩.১  শতাংশ আন বেংকত ধৰা পৰিছিল।

















FOLLOW US F
POPULAR
FEATURE
TRENDY
NCERT-ৰ কিতাপত অপাৰেচন সিন্দুৰৰ বিশেষ পাঠ!
এতিয়াৰ পৰা UPI এপৰ জৰিয়তে চাব নোৱাৰিব একাউণ্টৰ জমা ধন
দিলীপ শইকীয়াসহ দেশৰ ১৭ বিশিষ্ট সাংসদক 'সংসদ ৰত্ন' বঁটা
বিশ্বৰ জনপ্ৰিয় গণতান্ত্রিক নেতাৰ শীৰ্ষ স্থানত নৰেন্দ্ৰ মোদী
চেণ্টকমৰ মুৰব্বীক সৰ্বোচ্চ ৰাজ্যিক সন্মান প্ৰদান পাকিস্তানৰ
১৪ ছেপ্টেম্বৰত ভাৰত-পাকিস্তানৰ মেচ
আজি শাওণ মাহৰ প্ৰথমটো সোমবাৰ; মহা মৃত্যুঞ্জয় মন্দিৰত পুৱাৰে পৰা অগণন ভক্তৰ ভিৰ
মায়াৰ চৰ শাইলধাৰাত ব্ৰহ্মপুত্ৰৰ প্ৰচণ্ড খহনীয়া! নিদ্ৰাৰত অৱস্থাত জনপ্রতিনিধি
ভিটামিন Aৰ অভাৱত শৰীৰৰ হয় নানা সমস্যা! আপুনি জানেনে সতৰ্কবাণীসমূহ
ভাৰতীয় দলত অন্তৰ্ভুক্ত পেচাৰ অনছুল
পাকিস্তানে পুনৰ নিৰ্মাণ কৰিছে সন্ত্রাসবাদীৰ ঘাটি
লং জাম্প, ৭.৭৫ মিটাৰ জঁপিয়াই শ্ৰেষ্ঠ ভাৰতৰ মুৰলী শ্ৰীশংকৰ
অন্তর্ধান হৈছে কৈলাস পৰ্বতৰ চিৰদৃশ্যমান বৰফৰ ঢাকনি
শীঘ্ৰে প্রস্তুত হৈ উঠিব কেঞ্চাৰৰ ভেকচিন