--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিজেপিৰ হাতৰ পৰাদক্ষিণৰ একমাত্ৰ ৰাজ্য খন কাঢ়ি লোৱা কংগ্ৰেছে ৰাজ্য খনত চৰকাৰ গঠন কৰিবলৈ ওলাইছে৷ সেইমৰ্মে  শনিবাৰে কৰ্ণাটকৰ  মুখ্যমন্ত্ৰী হিচাবে শপতগ্ৰহণ কৰিব  সিদ্ধাৰামাইয়াই ৷  বাংগালুৰুত অনুষ্ঠিত হ’বলগীয়া শপতগ্ৰহণ অনুষ্ঠানত কংগ্ৰেছৰ ৰাজ্যিক গোটৰ সভাপতি ডি কে শিৱকুমাৰে উপ মুখ্যমন্ত্ৰী হিচাবে শপত ল’ব৷  মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰীৰ উপৰি আন কেইগৰাকীমান মন্ত্ৰীয়েও কাইলৈ দুপৰীয়া ১২.৩০ বজাত আৰম্ভ হ'বলগীয়া অনুষ্ঠানত শপত গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে৷ 

কংগ্ৰেছে  কৰ্ণাটক বিধানসভা নিৰ্বাচনত ১৩৫ খন আসনত বিজয়ী হৈ চৰকাৰ গঠন কৰিবলৈ ওলাইছে৷   কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই কেইবাটাও ৰাজনৈতিক  দলৰ বহু কেইগৰাকী নেতাক কাইলৈৰ শপতগ্ৰহণ  অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছে। কংগ্ৰেছে বিৰোধী দলসমূহৰ শীৰ্ষ নেতাসকললৈ নিমন্ত্ৰণ পত্ৰ  প্ৰেৰণ কৰি বিৰোধী ঐক্যৰ বিষয়ে বিজেপিক বাৰ্তা দিবলৈ চেষ্টা কৰি আছে। শপতগ্ৰহণ অনুষ্ঠানলৈ তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনকে ধৰি আন বহু কেইগৰাকী নেতা আমন্ত্ৰিত হৈছে৷ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱেও শনিবাৰে কৰ্ণাটকৰ নতুন কংগ্ৰেছ চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানৰ বাবে বাংগালুৰুলৈ যাব।

 অৱশ্যে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থকাৰ সম্ভাৱনা নাই বুলি জানিব পৰা গৈছে৷ মমতাৰ সলনি শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব টিএমচি নেত্ৰী  কাকলি ঘোষ দস্তিদাৰে৷অনুষ্ঠানটোত টিএমচিৰ মুৰব্বী  মমতাৰ উপস্থিতি  বিৰোধী ঐক্যৰ বাবে গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হৈছিল৷ কেৰালাৰ শাসনাধিষ্ঠ বাওঁ গণতান্ত্ৰিক মৰ্চাই (এলডিএফ) শুকুৰবাৰে কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নক কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে সিদ্ধাৰামাইয়াৰ শপত গ্ৰহণ অনুষ্ঠানলৈ নিমন্ত্ৰণ নকৰাৰ বাবে কংগ্ৰেছক সমালোচনা কৰে। দলটোৰ এগৰাকী মুখপাত্ৰই কয় যে এয়া  কংগ্ৰেছৰ অপৰিপক্ক ৰাজনীতিৰ প্ৰতিফলন৷

  
উল্লেখ্য বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱ, ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেন, তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও  অনুষ্ঠানৰ আমন্ত্ৰণ লাভ কৰাসকলৰ ভিতৰত আছে৷ অন্যান্যসকলৰ ভিতৰত  বিৰোধী চিপিআই-এমৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰী, শিৱসেনা-ইউবিটিৰ মুৰব্বী উদ্ধৱ ঠাকৰে, নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (এনচিপি)ৰ নেতা শাৰদ পাৱাৰকো আমন্ত্ৰণ জনোৱা হৈছে৷  জে এণ্ড কে নেচনেল কনফাৰেন্সৰ মুৰব্বী ফাৰুক আব্দুল্লা, সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱ আৰু উৰিষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কলৈও আমন্ত্ৰণ পত্ৰ  প্ৰেৰণ কৰা হৈছে। 

গান্ধী পৰিয়ালৰ সদস্য - ছোনিয়া গান্ধী, ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী ভাদ্ৰায়ো অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব। কংগ্ৰেছৰ দ্বাৰা শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী, যেনে হিমাচলৰ সুখবিন্দৰ সিং চুচু, ৰাজস্থানৰ মুখ্যমন্্ৰী অশোক গেহলট আৰু ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলও শপ্তগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব৷ 














FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement