--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কেন্দ্ৰীয় চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদমুখৰ হৈ পৰিছে দেশৰ কৃষক সমাজ৷ ভাৰতীয় কিষাণ ইউনিয়নৰ নেতা ৰাকেশ টিকাইটে ঘোষণা কৰিছে যে আজি দেশজুৰি কেন্দ্ৰীয় চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে কৃষকসমাজে পালন কৰিব ‘বিশ্বাসঘাতকতা দিৱস’৷ যোৱাবৰ্ষৰ ৯ ডিচেম্বৰত চৰকাৰে দিয়া এখন পত্ৰৰ ভিত্তিত দেশজুৰি জনজাগৰণ সৃষ্টিকাৰী কৃষক আন্দোলন স্থগিত কৰা হৈছিল৷ কিন্তু, সেই প্ৰতিশ্ৰুতিবোৰ পূৰণ কৰা হোৱা নাই৷ এই মন্তব্য ভাৰতীয় কিষাণ ইউনিয়নৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ ৰাকেশ টিকাইটৰ৷ কেন্দ্ৰৰ দ্বাৰা বিশ্বাসঘাতকতাৰ অভিযোগ উত্থাপন কৰি ভাৰতীয় কিষাণ ইউনিয়নৰ নেতা ৰাকেশ টিকাইটে দেওবাৰে কৃষি সমস্যাক লৈ আজি দেশজুৰি ‘বিশ্বাসঘাতকতা দিৱস’ পালন কৰাৰ কথা ঘোষণা কৰে৷ প্ৰভাৱশালী উত্তৰ ভাৰতীয় কৃষক সংঘৰ ৰাষ্ট্ৰীয় মুখপাত্ৰগৰাকীয়ে দাবী কৰে যে যোৱাবৰ্ষৰ ৯ ডিচেম্বৰত চৰকাৰে দিয়া প্ৰতিশ্ৰুতিপত্ৰৰ ভিত্তিত দিল্লীৰ সীমাত এবছৰধৰি চলি থকা প্ৰতিবাদ প্ৰত্যাহাৰ কৰা হৈছিল কিন্তু, আন্দোলন প্ৰত্যাহাৰৰ বাবে চৰকাৰে দিয়া প্ৰতিশ্ৰুতিবোৰ অসম্পূৰ্ণ হৈ আছে। ৰাকেশ টিকাইটে চৰকাৰক তীব্ৰ সমালোচনা কৰি কয় যে কৃষকসকলে ৩১ জানুৱাৰীত 'বিশ্বাসঘাতকতা দিৱস' পালন কৰিব। "৯ ডিচেম্বৰত চৰকাৰে দিয়া এখন পত্ৰৰ ভিত্তিত (কৃষক) আন্দোলন স্থগিত কৰা হৈছিল কিন্তু সেই প্ৰতিশ্ৰুতিবোৰ পূৰণ কৰা হোৱা নাই," ভাৰতীয় কিষাণ ইউনিয়নৰ নেতাজনে কয়। কেন্দ্ৰৰ দ্বাৰা বিশ্বাসঘাতকতাৰ অভিযোগ উত্থাপন কৰি ভাৰতীয় কিষাণ ইউনিয়নৰ (বিকেইউ) নেতা ৰাকেশ টিকাইটে দেওবাৰে কৃষি সমস্যাক লৈ সোমবাৰে দেশজুৰি "বিশ্বাসঘাতকতা দিৱস" পালন কৰাৰ কথা ঘোষণা কৰে। প্ৰভাৱশালী উত্তৰ ভাৰতীয় কৃষক সংঘৰ ৰাষ্ট্ৰীয় মুখপাত্ৰগৰাকীয়ে দাবী কৰে যে ৯ ডিচেম্বৰত চৰকাৰে দিয়া প্ৰতিশ্ৰুতিপত্ৰৰ ভিত্তিত দিল্লীৰ সীমাত এবছৰধৰি চলি থকা প্ৰতিবাদ প্ৰত্যাহাৰ কৰা হৈছিল কিন্তু সেইবোৰ অসম্পূৰ্ণ হৈ আছে। উল্লেখযোগ্য যে, বিজেপি নেতৃত্বাধীন কেন্দ্ৰই প্ৰৱৰ্তন কৰা তিনিখন বিতৰ্কিত কৃষি আইন প্ৰত্যাহাৰৰ মুখ্য দাবীক লৈ ২০২০ চনৰ নৱেম্বৰত কৃষকৰ সমষ্টি সংযুক্ত কিষাণ মৰ্চাৰ বেনাৰত দিল্লীৰ সীমাত প্ৰতিবাদ আৰম্ভ হৈছিল। এবছৰধৰি সিংগু, টিক্ৰি আৰু গাজীপুৰৰ গুৰুত্বপূৰ্ণ সীমান্ত বিন্দু দখল কৰা কৃষকসকলে শস্যৰ নিম্নতম সমৰ্থন মূল্যৰ (এমএছপি) বাবে আইনী গেৰাণ্টিও দাবী কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২১ চনৰ নৱেম্বৰত ঘোষণা কৰিছিল যে বিতৰ্কিত কৃষি আইনসমূহ ঘূৰাই লোৱা হ'ব, যাৰ ফলত প্ৰতিবাদকাৰীসকলে অৱশেষত ডিচেম্বৰত দিল্লীৰ সীমা খালী কৰি দিব। উত্তৰ প্ৰদেশ আৰু পঞ্জাবৰ বিধানসভা নিৰ্বাচনলৈ ক্ৰমে ১০, ২০ দিন বাকী থকা অৱস্থাত পালন কৰিবলৈ লোৱা বিশ্বাসঘাটতকা দিৱসৰ জৰিয়তে কৃষকসমাজৰ জাগৰণে ৰাজ্য দুখনৰ নিৰ্বাচনৰ ফলাফলত যে প্ৰভাৱ পেলাব সেয়া নিশ্চিত৷ কিয়নো, ইয়াৰ পূৰ্বে ৰাকেশ টিকাইটে প্ৰতিবাদী কৃষকে পঞ্জাব আৰু উত্তৰ প্ৰদেশ নিৰ্বাচনত অংশগ্ৰহণ কৰিব বুলি ঘোষণা কৰিছিল৷ নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান দিন বাকী থকা অৱস্থাত চৰকাৰৰ কৃষকবিৰোধী স্থিতিৰ বিৰুদ্ধে সবল আৰু বলিষ্ঠ নেতৃত্বৰে প্ৰাপ্য আঁজুৰি অনা কৃষক নেতা ৰাকেশ টিকাইটৰ ‘বিশ্বাসঘাতকতা দিৱস’ৰ ঘোষণা সেয়েহে তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ