--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শৈক্ষিক অৰ্হতাকলৈ পুনৰ বিতৰ্কৰ আৰম্ভ হৈছে।  দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিগ্ৰী সম্পৰ্কীয় বিষয়ত গুজৰাট উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পুনৰীক্ষণ বিচাৰি আবেদন কৰিছিল।  গুজৰাট উচ্চ ন্যায়ালয়ে গোচৰটোৰ শুনানিৰ বাবে সন্মত হৈছে বুলি ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ বাতৰিত প্ৰকাশ। 

পূৰ্বতে কেন্দ্ৰীয় তথ্য আয়োগে পূৰ্বে সংশ্লিষ্ট  বিশ্ববিদ্যালয়ক প্ৰধানমন্ত্ৰীৰ ডিগ্ৰী সম্পৰ্কীয় বিষয়বোৰ চাবলৈ নিৰ্দেশ দিছিল। অৱশ্যে গুজৰাট উচ্চ ন্যায়ালয়ে সেই  আদেশটো বাতিল কৰিছিল। আপৰ  মুৰব্বীয়ে আদালতৰ নিৰ্দেশটো পুনৰ বিবেচনা কৰাৰ বাবে আবেদন জনাইছিল। জানিব পৰা মতে ন্যায়াধীশ বীৰেন বৈষ্ণৱে পুনৰীক্ষণ আবেদনৰ ভিত্তিত গুজৰাট বিশ্ববিদ্যালয়, কেন্দ্ৰীয় চৰকাৰ, কেন্দ্ৰীয় তথ্য আয়োগ আৰু প্ৰাক্তন তথ্য আয়ুক্ত এম শ্ৰীধৰ আচাৰ্যুলুক জাননী জাৰি কৰিছে।

পুনৰীক্ষণৰ আবেদনত কেজৰিৱালে কৈছে  যে প্ৰধানমন্ত্ৰীৰ স্নাতকোত্তৰ ডিগ্ৰীৰ বিষয়টো বিশ্ববিদ্যালয়ৰ ৱেবছাইটত বা আন যিকোনো ঠাইত উপলব্ধ নহয়। ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই সেয়া আছিল বুলি কৈছিল যদিও সেয়া ক’তো  উপলব্ধ নহয়।

পুনৰীক্ষণ আবেদনত লগতে উল্লেখ কৰা হৈছে  যে প্ৰধানমন্ত্ৰীৰ ডিগ্ৰী সম্পৰ্কীয় তথ্য বিশ্ববিদ্যালয়ৰ ৱেবছাইটত উপলব্ধ হ'ব বুলি আদালতত লিপিবদ্ধ কৰা হৈছিল। বিশ্ববিদ্যালয়ৰ হৈ উপস্থিত  থকা ছলিচিটৰ জেনেৰেলে তেনেদৰেই কৈছিল। কিন্তু ৱেবছাইটটো চোৱাৰ  পাছতো, মোদীৰ ডিগ্ৰী উপলব্ধ হোৱা নাই। অৱশ্যে কাৰ্যালয়ৰ পঞ্জীৰ বিষয়ে উল্লেখ কৰা এখন নথি পোৱা গৈছে।

কেজৰিৱালে তেওঁৰ আবেদনত কৈছে যে ছলিচিটৰ জেনেৰেলে মৌখিকভাৱে কৈছিল যে ৱেবছাইটটো অনুসন্ধান কৰি মোদীৰ ডিগ্ৰীৰ বিষয়ে জানিব  পাৰি।  কিন্তু সেই কাৰ্যালয়ৰ পঞ্জীখন  ডিগ্ৰী হ'ব নোৱাৰে। বিশ্ববিদ্যালয়খনেও সেয়াই দাবী কৰিছে।

উল্লেখ্য ৩১ মাৰ্চত গুজৰাট উচ্চ ন্যায়ালয়ে মুখ্য তথ্য আয়োগৰ আদেশ বাতিল কৰিছিল। ন্যায়ালয়ে কৈছিল  যে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এই ক্ষেত্ৰত ডিগ্ৰী বা স্নাতকোত্তৰ ডিগ্ৰী প্ৰদৰ্শন কৰাৰ কোনো প্ৰয়োজন নাই। আনহাতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে মোদীৰ ডিগ্ৰী জানিবলৈ বিচৰাৰ বাবে তেওঁৰ  ওপৰত ২৫,০০০ টকাৰ জৰিমনা  আৰোপ কৰা হৈছিল। এতিয়া বিষয়টো পুনৰীক্ষণ কৰিলে কি কথা ওলাই সেয়া জানিবলৈ বহুতেই উদগ্ৰীব হৈ আছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান