--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শৈক্ষিক অৰ্হতাকলৈ পুনৰ বিতৰ্কৰ আৰম্ভ হৈছে।  দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিগ্ৰী সম্পৰ্কীয় বিষয়ত গুজৰাট উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পুনৰীক্ষণ বিচাৰি আবেদন কৰিছিল।  গুজৰাট উচ্চ ন্যায়ালয়ে গোচৰটোৰ শুনানিৰ বাবে সন্মত হৈছে বুলি ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ বাতৰিত প্ৰকাশ। 

পূৰ্বতে কেন্দ্ৰীয় তথ্য আয়োগে পূৰ্বে সংশ্লিষ্ট  বিশ্ববিদ্যালয়ক প্ৰধানমন্ত্ৰীৰ ডিগ্ৰী সম্পৰ্কীয় বিষয়বোৰ চাবলৈ নিৰ্দেশ দিছিল। অৱশ্যে গুজৰাট উচ্চ ন্যায়ালয়ে সেই  আদেশটো বাতিল কৰিছিল। আপৰ  মুৰব্বীয়ে আদালতৰ নিৰ্দেশটো পুনৰ বিবেচনা কৰাৰ বাবে আবেদন জনাইছিল। জানিব পৰা মতে ন্যায়াধীশ বীৰেন বৈষ্ণৱে পুনৰীক্ষণ আবেদনৰ ভিত্তিত গুজৰাট বিশ্ববিদ্যালয়, কেন্দ্ৰীয় চৰকাৰ, কেন্দ্ৰীয় তথ্য আয়োগ আৰু প্ৰাক্তন তথ্য আয়ুক্ত এম শ্ৰীধৰ আচাৰ্যুলুক জাননী জাৰি কৰিছে।

পুনৰীক্ষণৰ আবেদনত কেজৰিৱালে কৈছে  যে প্ৰধানমন্ত্ৰীৰ স্নাতকোত্তৰ ডিগ্ৰীৰ বিষয়টো বিশ্ববিদ্যালয়ৰ ৱেবছাইটত বা আন যিকোনো ঠাইত উপলব্ধ নহয়। ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই সেয়া আছিল বুলি কৈছিল যদিও সেয়া ক’তো  উপলব্ধ নহয়।

পুনৰীক্ষণ আবেদনত লগতে উল্লেখ কৰা হৈছে  যে প্ৰধানমন্ত্ৰীৰ ডিগ্ৰী সম্পৰ্কীয় তথ্য বিশ্ববিদ্যালয়ৰ ৱেবছাইটত উপলব্ধ হ'ব বুলি আদালতত লিপিবদ্ধ কৰা হৈছিল। বিশ্ববিদ্যালয়ৰ হৈ উপস্থিত  থকা ছলিচিটৰ জেনেৰেলে তেনেদৰেই কৈছিল। কিন্তু ৱেবছাইটটো চোৱাৰ  পাছতো, মোদীৰ ডিগ্ৰী উপলব্ধ হোৱা নাই। অৱশ্যে কাৰ্যালয়ৰ পঞ্জীৰ বিষয়ে উল্লেখ কৰা এখন নথি পোৱা গৈছে।

কেজৰিৱালে তেওঁৰ আবেদনত কৈছে যে ছলিচিটৰ জেনেৰেলে মৌখিকভাৱে কৈছিল যে ৱেবছাইটটো অনুসন্ধান কৰি মোদীৰ ডিগ্ৰীৰ বিষয়ে জানিব  পাৰি।  কিন্তু সেই কাৰ্যালয়ৰ পঞ্জীখন  ডিগ্ৰী হ'ব নোৱাৰে। বিশ্ববিদ্যালয়খনেও সেয়াই দাবী কৰিছে।

উল্লেখ্য ৩১ মাৰ্চত গুজৰাট উচ্চ ন্যায়ালয়ে মুখ্য তথ্য আয়োগৰ আদেশ বাতিল কৰিছিল। ন্যায়ালয়ে কৈছিল  যে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এই ক্ষেত্ৰত ডিগ্ৰী বা স্নাতকোত্তৰ ডিগ্ৰী প্ৰদৰ্শন কৰাৰ কোনো প্ৰয়োজন নাই। আনহাতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে মোদীৰ ডিগ্ৰী জানিবলৈ বিচৰাৰ বাবে তেওঁৰ  ওপৰত ২৫,০০০ টকাৰ জৰিমনা  আৰোপ কৰা হৈছিল। এতিয়া বিষয়টো পুনৰীক্ষণ কৰিলে কি কথা ওলাই সেয়া জানিবলৈ বহুতেই উদগ্ৰীব হৈ আছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস