--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘঁৰিয়ালে এতিয়া ত্ৰাসৰ সৃষ্টি কৰিছে ওড়িশাত। ৰাজ্য খনৰ কেন্দ্ৰপাৰাত ঘঁৰিয়ালৰ  আক্ৰমণৰ দিনক দিনে বৃদ্ধি পাইছে। শেহতীয়াকৈ ঘঁৰিয়ালৰ আক্ৰমণত আন এজন লোক নিহত হৈছে। ওড়িশাৰ এই জিলাখনত যোৱা ১৬ দিনত ঘঁৰিয়ালৰ আক্ৰমণত মৃত্যু ঘটাৰ এয়া  তৃতীয়টো ঘটনা। 

আৰক্ষীয়ে জনোৱা অনুসৰি কেন্দ্ৰপাৰা খণ্ডৰ ঘাঘাৰাদিয়া গাঁৱৰ বাসিন্দা গংগাধৰ তৰাই  ব্ৰহ্মনী নদীৰ পাৰত থকা তেওঁৰ পথাৰ চাবলৈ গৈছিল। সেই সময়ত ঘঁৰিয়ালে  তেওঁক আক্ৰমণ কৰে । ঘঁৰিয়ালে গঙ্গাধৰক  নদীলৈ টানি নিয়া হৈছিল। প্ৰায় সাত ঘণ্টাৰ অনুসন্ধানৰ পিছত তেওঁৰ মৃতদেহৰ  অৱশেষ উদ্ধাৰ কৰা হয়।
 
প্ৰত্যক্ষদৰ্শী প্ৰতাপ মাঝিয়ে সংবাদ মাধ্যমৰ আগত কয়, "গংগাধৰে  পথাৰ চাবলৈ গৈছিল। তাৰ পিছত তেওঁ নদীলৈ নামি গৈছিল। সেই সময়তে নদীৰ কাষত পৰি  আছিল ঘঁৰিয়াল এটা। গংগাধৰে সেয়া  লক্ষ্য কৰা নাছিল। হঠাতে ঘঁৰিয়ালটোৱে  তেওঁক আক্ৰমণ কৰে। গংগাধৰৰ চিঞৰ শুনি কেইবাজনো লোক ঘটনাস্থলীলৈ দৌৰি গৈছিল। সেই সময়ত ঘঁৰিয়ালটোৱে  তেওঁক লৈ  নদীত ডুব দিছিল। "

অগ্নি নিৰ্বাপক বাহিনীৰ বিষয়া অসিত কুমাৰ কাৰে কয়, "ঘঁৰিয়ালৰ আক্ৰমণৰ বিষয়ে তথ্য পোৱাৰ পিছত আমি গাওঁখনলৈ আহিছিলো আৰু  অনুসন্ধান আৰম্ভ কৰিছিলোঁ। নদীৰ কাষত বহু অনুসন্ধান চলোৱা হৈছিল। কিন্তু ঘঁৰিয়ালটোৰ সন্ধান পোৱা হোৱা নাছিল । গংগাধৰৰ মৃতদেহ সাত ঘণ্টাপিছত পোৱা গৈছিল।"

গাওঁবাসীয়ে দাবী কৰে যে গাওঁখনত উপযুক্ত পানী যোগানৰ অভাৱৰ বাবে তেওঁলোকে নদীৰ পানীৰ ওপৰত নিৰ্ভৰ কৰিবলৈ বাধ্য হৈছে। ঘটনাটোৱে গাওঁবাসীসকলৰ মাজত আতংকৰ সৃষ্টি কৰিছে। ইয়াৰ পূৰ্বে নিমপুৰ গাঁৱত এঘঁৰিয়ালৰ  প্ৰথম আক্ৰমণ ১৪ জুনত সংঘটিত হৈছিল। এজন কিশোৰক তেওঁৰ মাতৃৰ সন্মুখতে ঘঁৰিয়ালে নদীলৈ  টানি নিছিল। ২১ জুনত হাতিয়াগড়ত সীতাৰাণী দাস নামৰ এগৰাকী মহিলাক এটা ঘঁৰিয়ালে  হত্যা কৰিছিল। তেওঁ নদীত কাপোৰ ধুই থাকোতে তেওঁক ঘঁৰিয়ালে  টানি নিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ