--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘঁৰিয়ালে এতিয়া ত্ৰাসৰ সৃষ্টি কৰিছে ওড়িশাত। ৰাজ্য খনৰ কেন্দ্ৰপাৰাত ঘঁৰিয়ালৰ  আক্ৰমণৰ দিনক দিনে বৃদ্ধি পাইছে। শেহতীয়াকৈ ঘঁৰিয়ালৰ আক্ৰমণত আন এজন লোক নিহত হৈছে। ওড়িশাৰ এই জিলাখনত যোৱা ১৬ দিনত ঘঁৰিয়ালৰ আক্ৰমণত মৃত্যু ঘটাৰ এয়া  তৃতীয়টো ঘটনা। 

আৰক্ষীয়ে জনোৱা অনুসৰি কেন্দ্ৰপাৰা খণ্ডৰ ঘাঘাৰাদিয়া গাঁৱৰ বাসিন্দা গংগাধৰ তৰাই  ব্ৰহ্মনী নদীৰ পাৰত থকা তেওঁৰ পথাৰ চাবলৈ গৈছিল। সেই সময়ত ঘঁৰিয়ালে  তেওঁক আক্ৰমণ কৰে । ঘঁৰিয়ালে গঙ্গাধৰক  নদীলৈ টানি নিয়া হৈছিল। প্ৰায় সাত ঘণ্টাৰ অনুসন্ধানৰ পিছত তেওঁৰ মৃতদেহৰ  অৱশেষ উদ্ধাৰ কৰা হয়।
 
প্ৰত্যক্ষদৰ্শী প্ৰতাপ মাঝিয়ে সংবাদ মাধ্যমৰ আগত কয়, "গংগাধৰে  পথাৰ চাবলৈ গৈছিল। তাৰ পিছত তেওঁ নদীলৈ নামি গৈছিল। সেই সময়তে নদীৰ কাষত পৰি  আছিল ঘঁৰিয়াল এটা। গংগাধৰে সেয়া  লক্ষ্য কৰা নাছিল। হঠাতে ঘঁৰিয়ালটোৱে  তেওঁক আক্ৰমণ কৰে। গংগাধৰৰ চিঞৰ শুনি কেইবাজনো লোক ঘটনাস্থলীলৈ দৌৰি গৈছিল। সেই সময়ত ঘঁৰিয়ালটোৱে  তেওঁক লৈ  নদীত ডুব দিছিল। "

অগ্নি নিৰ্বাপক বাহিনীৰ বিষয়া অসিত কুমাৰ কাৰে কয়, "ঘঁৰিয়ালৰ আক্ৰমণৰ বিষয়ে তথ্য পোৱাৰ পিছত আমি গাওঁখনলৈ আহিছিলো আৰু  অনুসন্ধান আৰম্ভ কৰিছিলোঁ। নদীৰ কাষত বহু অনুসন্ধান চলোৱা হৈছিল। কিন্তু ঘঁৰিয়ালটোৰ সন্ধান পোৱা হোৱা নাছিল । গংগাধৰৰ মৃতদেহ সাত ঘণ্টাপিছত পোৱা গৈছিল।"

গাওঁবাসীয়ে দাবী কৰে যে গাওঁখনত উপযুক্ত পানী যোগানৰ অভাৱৰ বাবে তেওঁলোকে নদীৰ পানীৰ ওপৰত নিৰ্ভৰ কৰিবলৈ বাধ্য হৈছে। ঘটনাটোৱে গাওঁবাসীসকলৰ মাজত আতংকৰ সৃষ্টি কৰিছে। ইয়াৰ পূৰ্বে নিমপুৰ গাঁৱত এঘঁৰিয়ালৰ  প্ৰথম আক্ৰমণ ১৪ জুনত সংঘটিত হৈছিল। এজন কিশোৰক তেওঁৰ মাতৃৰ সন্মুখতে ঘঁৰিয়ালে নদীলৈ  টানি নিছিল। ২১ জুনত হাতিয়াগড়ত সীতাৰাণী দাস নামৰ এগৰাকী মহিলাক এটা ঘঁৰিয়ালে  হত্যা কৰিছিল। তেওঁ নদীত কাপোৰ ধুই থাকোতে তেওঁক ঘঁৰিয়ালে  টানি নিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস