--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্রাক্তন প্রধানমন্ত্রী মনমোহন সিঙকে ধৰি কেন্দ্রীয় কেবিনেটৰ ৯জন কেন্দ্রীয় মন্ত্রীৰ ৰাজ্যসভাৰ কার্যকাল এপ্রিলত শেষ হ’ব৷ বিজেপিৰ সৰ্বভাৰতীয় সভাপতি জে পি নড্ডাৰো কাৰ্যকাল শেষ হ’বলৈ গৈ আছে। ইতিমধ্যে দুবাৰকৈ ৰাজ্যসভাৰ টিকট লাভ কৰিছে নড্ডাই। দুবাৰতকৈ অধিক ৰাজ্যসভাৰ টিকট নিদিয়াৰ নীতি যদি মানি চলা যায় তেন্তে ২৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যসভাৰ নিৰ্বাচনত নড্ডাই টিকট পোৱাৰ ক্ষেত্ৰত সন্দেহৰ সৃষ্টি হৈছে। কিন্তু যিহেতু এইটো নিৰ্বাচনী বৰ্ষ, গতিকে দলটোৱে নড্ডাৰ বাবে ব্যতিক্ৰমী স্থিতি গ্ৰহণ কৰি আন এখন ৰাজ্যৰ পৰা নড্ডাক জয়ী কৰাই আনিব পাৰে (নড্ডাৰ গৃহ ৰাজ্য হিমাচল প্ৰদেশত বৰ্তমান কংগ্ৰেছৰ শাসন চলি আছে)। কিন্তু বিজেপি নেতৃত্বই বাকী সকল নেতাক লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আহ্বান জনাইছে।


ৰাজ্যসভাৰ মুঠ ৫৬ গৰাকী সাংসদৰ কাৰ্যকাল অহা এপ্ৰিলৰ ভিতৰত শেষ হ’বলৈ গৈ আছে। ইয়াৰ ভিতৰত আছে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং, লগতে মোদী মন্ত্ৰীসভাৰ ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, স্বাস্থ্যমন্ত্ৰী মানসুখ মাণ্ডবিয়া, শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, পৰিবেশ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱ। ইয়াৰ ভিতৰত ভূপেন্দ্ৰ যাদৱ, ধৰ্মেন্দ্ৰ প্ৰধান, মানসুখ মাণ্ডবিয়াই ৰাজ্যসভাত দুটা কাৰ্যকাল সম্পূৰ্ণ কৰিবলৈ ওলাইছে। সাধাৰণতে বিজেপিয়ে ৰাজ্যসভাৰ বাবে কোনো নেতাক দুবাৰতকৈ বেছি প্ৰক্ষেপ নকৰে (ব্যতিক্ৰম, অৰুণ জেটলী, ৰবিশংকৰ প্ৰসাদ)। গতিকে সূত্ৰ অনুসৰি সেই কেবিনেট সদস্যসকলক আগন্তুক লোকসভাত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগতীয়াকৈ সাজু হৈ থাকিবলৈ কৈছে দলটোৱে। বিজেপিৰ সূত্ৰ অনুসৰি, ইয়াৰ ভিতৰত ভাৱনগৰৰ মানসুখ মাণ্ডবিয়া, উত্তৰ গুজৰাটৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে আন এজন কেন্দ্ৰীয় মন্ত্ৰী পুৰুষোত্তম ৰূপালে। ধৰ্মেন্দ্ৰ প্ৰধান আৰু অশ্বিনী বৈষ্ণৱ ওড়িশাৰ পৰা প্ৰাৰ্থী হ’ব পাৰে। ভূপেন্দ্ৰ যাদৱে হাৰিয়ানা বা ৰাজস্থানৰ পৰা, কৰ্ণাটকৰ পৰা ৰাজীৱ চন্দ্ৰশেখৰ, ক্ৰমে তামিলনাডু আৰু কেৰালাৰ নীলগিৰিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী এল মুৰুগান আৰু ভি মুৰলীধৰণে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ