--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী প্ৰাক্তন শিৱসেনাৰ নেতা তথা প্ৰাক্তন বিধায়কৰ পুত্ৰক থানাৰ ভিতৰত গুলী কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। বৃহস্পতিবাৰে সংঘটিত হয় এই ঘটনা। গুলীয়াই হত্যা কৰা শিৱসেনাৰ প্ৰাক্তন নেতা অভিষেক ঘোষালকাৰক বৰিৱলীৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয়। তাতেই অভিষেকক মৃত ঘোষণা কৰা হয়। উলহাছনগৰত একনাথ সিন্দেৰ সমৰ্থিত নেতাক ৰাজহুৱাভাৱে গুলীয়াই হত্যা কৰাৰ কেইদিনমানৰ ভিতৰতে পুনৰ ৰাজহুৱা গুলীচালনাৰ বাবে মহাৰাষ্ট্ৰৰ আইনী ব্যৱস্থাক লৈ বিৰোধীয়ে প্ৰশ্ন উত্থাপন কৰিবলৈ আৰম্ভ কৰিছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি ব্যক্তিগত বিবাদৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হৈছে। এই ঘটনা সংঘটিত হৈছে মৰিচ ভাই নামেৰে পৰিচিত মৰিছ নৰোনহাৰ কাৰ্যালয়ত। অভিষেকৰ লগত তেওঁৰ দীৰ্ঘদিনীয়া শত্ৰুতা। তেওঁলোকৰ বিবাদৰ সমাধান হৈছিল। অলপ পাছতে অভিষেকক মৰিচৰ অফিচলৈ নিমন্ত্ৰণ কৰা হ’ল। অল ইণ্ডিয়া নিউজ এজেন্সি এএনআইয়ে তেওঁলোকৰ প্ৰতিবেদনত দাবী কৰিছে যে অভিষেকক গুলীয়াই হত্যা কৰি মৰিছ ভাইয়েও আত্মহত্যা কৰিছিল। এই সমগ্ৰ ঘটনা ফেচবুকতো লাইভ সম্প্ৰচাৰ কৰা হৈছে।

উদ্ধৱৰ দলৰ মুখপাত্ৰ আনন্দ ডুবেই কয়, ‘একনাথ সিন্দে আৰু দেৱেন্দ্ৰ ফাডনাবীছৰ মহাৰাষ্ট্ৰত কোনো লোক সুৰক্ষিত নহয়। যদি কোনো জনপ্ৰতিনিধিৰ ক্ষেত্ৰত এনেকুৱা হয় তেন্তে সাধাৰণ জনতাৰ কি হ’ব? চৰকাৰে ৰাজ্যত ভয়ৰ পৰিৱেশ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে নেকি?"অভিষেক আছিল উদ্ধৱৰ দলৰ পুৰণি নেতা আৰু বিনোদ ঘোছালকাৰৰ পুত্ৰ। তেওঁ মুম্বাই বিল্ডিং মেৰামতি আৰু পুনৰ নিৰ্মাণ ব’ৰ্ডৰ অধ্যক্ষ আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ