--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী প্ৰাক্তন শিৱসেনাৰ নেতা তথা প্ৰাক্তন বিধায়কৰ পুত্ৰক থানাৰ ভিতৰত গুলী কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। বৃহস্পতিবাৰে সংঘটিত হয় এই ঘটনা। গুলীয়াই হত্যা কৰা শিৱসেনাৰ প্ৰাক্তন নেতা অভিষেক ঘোষালকাৰক বৰিৱলীৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয়। তাতেই অভিষেকক মৃত ঘোষণা কৰা হয়। উলহাছনগৰত একনাথ সিন্দেৰ সমৰ্থিত নেতাক ৰাজহুৱাভাৱে গুলীয়াই হত্যা কৰাৰ কেইদিনমানৰ ভিতৰতে পুনৰ ৰাজহুৱা গুলীচালনাৰ বাবে মহাৰাষ্ট্ৰৰ আইনী ব্যৱস্থাক লৈ বিৰোধীয়ে প্ৰশ্ন উত্থাপন কৰিবলৈ আৰম্ভ কৰিছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি ব্যক্তিগত বিবাদৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হৈছে। এই ঘটনা সংঘটিত হৈছে মৰিচ ভাই নামেৰে পৰিচিত মৰিছ নৰোনহাৰ কাৰ্যালয়ত। অভিষেকৰ লগত তেওঁৰ দীৰ্ঘদিনীয়া শত্ৰুতা। তেওঁলোকৰ বিবাদৰ সমাধান হৈছিল। অলপ পাছতে অভিষেকক মৰিচৰ অফিচলৈ নিমন্ত্ৰণ কৰা হ’ল। অল ইণ্ডিয়া নিউজ এজেন্সি এএনআইয়ে তেওঁলোকৰ প্ৰতিবেদনত দাবী কৰিছে যে অভিষেকক গুলীয়াই হত্যা কৰি মৰিছ ভাইয়েও আত্মহত্যা কৰিছিল। এই সমগ্ৰ ঘটনা ফেচবুকতো লাইভ সম্প্ৰচাৰ কৰা হৈছে।

উদ্ধৱৰ দলৰ মুখপাত্ৰ আনন্দ ডুবেই কয়, ‘একনাথ সিন্দে আৰু দেৱেন্দ্ৰ ফাডনাবীছৰ মহাৰাষ্ট্ৰত কোনো লোক সুৰক্ষিত নহয়। যদি কোনো জনপ্ৰতিনিধিৰ ক্ষেত্ৰত এনেকুৱা হয় তেন্তে সাধাৰণ জনতাৰ কি হ’ব? চৰকাৰে ৰাজ্যত ভয়ৰ পৰিৱেশ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে নেকি?"অভিষেক আছিল উদ্ধৱৰ দলৰ পুৰণি নেতা আৰু বিনোদ ঘোছালকাৰৰ পুত্ৰ। তেওঁ মুম্বাই বিল্ডিং মেৰামতি আৰু পুনৰ নিৰ্মাণ ব’ৰ্ডৰ অধ্যক্ষ আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২৮ত বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতি হ'ব ভাৰত, মুম্বাইত ব্রিটিছ প্রধানমন্ত্ৰীৰ দাবী
বিহাৰৰ ভোজপুৰী চিনেমাৰ অভিনেতা পৱন সিঙলৈ 'ৱাই' কেটেগৰীৰ নিৰাপত্তা
বিশ্ব বেডমিন্টনৰ কোৱাৰ্টাৰত ভাৰত, শীর্ষস্থানৰ থাইলেণ্ডৰ বিদায়
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াত আক্ৰান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযূষ হাজৰিকাৰ
ভাৰতীয় ৰে’লৱে সুৰক্ষা অপাৰেচন চেণ্টাৰৰ বাবে এয়াৰটেল বিজনেছৰ বহু বছৰীয়া চুক্তি লাভ
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা