--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নৰেন্দ্ৰ মোদীয়ে দেওবাৰে একেৰাহে তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে। এন ডি এৰ নতুন মন্ত্ৰীসভাত মুঠ  ৭২গৰাকী মন্ত্ৰীক অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ ভিতৰত আছে বিভিন্ন ৰাজ্যৰ পাঁচগৰাকীকৈ প্ৰাক্তন মুখ্যমন্ত্ৰী। সেই পাঁচগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী হৈছে-

সৰ্বানন্দ সোণোৱাল
অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পুনৰ মোদী ৩.০ত মন্ত্ৰী হিচাপে সেৱা আগবঢ়োৱাৰ  সুযোগ লাভ কৰিছে। তেওঁ পূৰ্বৰ মন্ত্ৰীসভাত  বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী হৈ থকাৰ লগতে  আয়ুষৰ মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। সোণোৱালে ২০১৬-২০২১ বৰ্ষলৈ ভিতৰত অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

শিৱৰাজ সিং চৌহান
মোদী কেবিনেটৰ আন এটা উল্লেখযোগ্য নাম হৈছে  মধ্যপ্ৰদেশৰ চাৰিবাৰৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান। তিনি দশকৰো অধিক কালধৰি  ৰাজনৈতিক জীৱনত প্ৰথমবাৰৰ বাবে চৌহানে কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী পদত অধিষ্ঠিত হৈছে। ২০২০ চনৰ পৰা ২০২৩ চনলৈ আৰু ইয়াৰ পূৰ্বে ২০০৫ চনৰ পৰা ২০১৮ চনলৈ তেওঁ  মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

 এইচ ডি কুমাৰস্বামী
জে ডি (চেকুলাৰ) নেতা তথা কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এইচ ডি কুমাৰস্বামী প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱে গৌড়াৰ পুত্ৰ। কৰ্ণাটকৰ মাণ্ডিয়া সমষ্টিৰ পৰা কুমাৰস্বামীয়ে জয়লাভ কৰিছে। লোকসভা নিৰ্বাচনত জয়ী হোৱা জেডি(এছ)ৰ দুই প্ৰাৰ্থীৰ ভিতৰত তেওঁ অন্যতম। ২০০৬-২০০৭ আৰু তাৰ পিছত ২০১৮-১৯ চনলৈ কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা এইচ ডি কুমাৰস্বামী দুবাৰৰ মুখ্যমন্ত্ৰী।

জিতন ৰাম মাঝি
হিন্দুস্তান আৱাম মৰ্চাৰ নেতা তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জিতন ৰাম মাঝি ২০১৪-২০১৫ চনৰ ভিতৰত বিহাৰৰ মুখ্যমন্ত্ৰী আছিল। দলিত নেতাগৰাকী আছিল ৰাজ্যৰ মুছাহাৰ সম্প্ৰদায়ৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী। ১৯৮০ চনৰ পৰা বিধায়ক হৈ থকা মাঝি এইবাৰ বিহাৰৰ গয়াৰ পৰা লোকসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছে।

মনোহৰ লাল খট্টৰ
শেহতীয়াকৈ হাৰিয়ানাৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰা খট্টৰে কৰ্ণাল সমষ্টিৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছে। চলিত বৰ্ষৰ মাৰ্চ মাহলৈকে খট্টৰ হাৰিয়ানাৰ  মুখ্যমন্ত্ৰী আছিল। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ এজন প্ৰাক্তন প্ৰচাৰক খট্টৰে  ২০১৪ চনৰ অক্টোবৰৰ পৰা দুটা কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ