--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশকে ধৰি আন চাৰিখন ৰাজ্যত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে জয়লাভ কৰাৰ পাছত প্ৰধানমন্ত্ৰী মোদীয়ে দুদিনীয়া কাৰ্যসূচী লৈ গুজৰাট ভ্ৰমণলৈ আহিছে। শুকুৰবাৰে নৰেন্দ্ৰ মোদীয়ে আহমেদাবাদত এটা ৰোডশ্ব’টো অংশগ্ৰহণ কৰিছিল আৰু সেইদিনাই তেওঁ গান্ধীনগৰত উপস্থিত হৈছিল। গান্ধীনগৰৰ বাসগৃহত মোদীয়ে তেওঁৰ মাতৃ হীৰাবেন মোদীক সাক্ষাৎ কৰিছিল। প্ৰধানমন্ত্ৰীয়ে মাতৃৰ সৈতে কটোৱা বহুটো ফটোৱে এতিয়া সামাজিক মাধ্যমত চৰ্চালাভ কৰিছে। প্ৰধানমন্ত্ৰীয়ে মাতৃৰ চৰণ স্পৰ্শ কৰা, আশীৰ্বাদ লোৱা, একেলগে বহি কথা পাতি থকা, আহাৰ খোৱা আৰু শেষত বিদায় লোৱাৰ ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। সামাজিক মাধ্যমত আটাইতকৈ ভাইৰেল হোৱা ছবিখন হৈছে প্ৰধানমন্ত্ৰী আৰু মাতৃয়ে একেলগে বহি আহাৰ গ্ৰহণ কৰা। সেই ছবিখনত, প্ৰধানমন্ত্ৰী আৰু মাতৃয়ে একেলগে বহি খিচিৰি খাই আছিল। ছবিখনত হীৰাবেন আৰু নৰেন্দ্ৰ মোদী দুয়োৰে সন্মুখত খিচিৰিৰ প্লেট ৰখা তৰকাৰীৰ বাটি আছিল কিন্তু টেবুলখনত মাত্ৰ এগিলাচহে পানী আছিল। ভাইৰেল ছবিখন দেখি বহুলোকে টিপ্পনী দি সুধিছে যে, ‘‘মোদীজীয়ে পানী নাখায় নেকি?’’ অৱশ্যে, পানীৰ গিলাচ হীৰাবেন আৰু মোদীৰ পৰা প্ৰায় সমান দূৰত্বত আছে। ফলস্বৰূপে, পানীৰ গিলাচটো প্ৰকৃততে কাৰ, তাক লৈ এতিয়াও যথেষ্ট বিভ্ৰান্তি আছে। বহুলোকে ইয়াকো কৈছে যে, মোদীয়ে হয়তো আহাৰ গ্ৰহণ কৰাৰ ঠিক আগতে বা পাছতহে পানী গ্ৰহণ কৰে বা অন্যতকৈ কিছু পৃথক পানী সেৱন কৰে! BFC-new-banner
FOLLOW US F
POPULAR
FEATURE
TRENDY
দৰভংগা আদালতত গ্ৰেপ্তাৰ বিখ্যাত অধিবক্তা অম্বাৰ ইমাম হাছমী
কানাডাৰ পৰা ভাৰত জ্বলোৱাৰ পৰিকল্পনা খালিস্তানীৰ
মণিপুৰৰ ফুটবল ফৰ চেইঞ্জ ছেমি ফাইনেলত
ৰাজ্যত কঠোৰভাৱে বলৱৎ হ'ব গো-সুৰক্ষা আইন
যুদ্ধত জড়িত হ'ব নে নহয় দুসপ্তাহত সিদ্ধান্ত ল'ব ট্রাম্পে
১০০০ ভাৰতীয়ক উদ্ধাৰৰ বাবে ইৰানে খুলি দিলে বন্ধ হৈ থকা আকাশমার্গ
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত