--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশকে ধৰি আন চাৰিখন ৰাজ্যত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে জয়লাভ কৰাৰ পাছত প্ৰধানমন্ত্ৰী মোদীয়ে দুদিনীয়া কাৰ্যসূচী লৈ গুজৰাট ভ্ৰমণলৈ আহিছে। শুকুৰবাৰে নৰেন্দ্ৰ মোদীয়ে আহমেদাবাদত এটা ৰোডশ্ব’টো অংশগ্ৰহণ কৰিছিল আৰু সেইদিনাই তেওঁ গান্ধীনগৰত উপস্থিত হৈছিল। গান্ধীনগৰৰ বাসগৃহত মোদীয়ে তেওঁৰ মাতৃ হীৰাবেন মোদীক সাক্ষাৎ কৰিছিল। প্ৰধানমন্ত্ৰীয়ে মাতৃৰ সৈতে কটোৱা বহুটো ফটোৱে এতিয়া সামাজিক মাধ্যমত চৰ্চালাভ কৰিছে। প্ৰধানমন্ত্ৰীয়ে মাতৃৰ চৰণ স্পৰ্শ কৰা, আশীৰ্বাদ লোৱা, একেলগে বহি কথা পাতি থকা, আহাৰ খোৱা আৰু শেষত বিদায় লোৱাৰ ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। সামাজিক মাধ্যমত আটাইতকৈ ভাইৰেল হোৱা ছবিখন হৈছে প্ৰধানমন্ত্ৰী আৰু মাতৃয়ে একেলগে বহি আহাৰ গ্ৰহণ কৰা। সেই ছবিখনত, প্ৰধানমন্ত্ৰী আৰু মাতৃয়ে একেলগে বহি খিচিৰি খাই আছিল। ছবিখনত হীৰাবেন আৰু নৰেন্দ্ৰ মোদী দুয়োৰে সন্মুখত খিচিৰিৰ প্লেট ৰখা তৰকাৰীৰ বাটি আছিল কিন্তু টেবুলখনত মাত্ৰ এগিলাচহে পানী আছিল। ভাইৰেল ছবিখন দেখি বহুলোকে টিপ্পনী দি সুধিছে যে, ‘‘মোদীজীয়ে পানী নাখায় নেকি?’’ অৱশ্যে, পানীৰ গিলাচ হীৰাবেন আৰু মোদীৰ পৰা প্ৰায় সমান দূৰত্বত আছে। ফলস্বৰূপে, পানীৰ গিলাচটো প্ৰকৃততে কাৰ, তাক লৈ এতিয়াও যথেষ্ট বিভ্ৰান্তি আছে। বহুলোকে ইয়াকো কৈছে যে, মোদীয়ে হয়তো আহাৰ গ্ৰহণ কৰাৰ ঠিক আগতে বা পাছতহে পানী গ্ৰহণ কৰে বা অন্যতকৈ কিছু পৃথক পানী সেৱন কৰে! BFC-new-banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন