--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেওবাৰে সন্ধিয়া ৬ বজাত তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাবে শপতগ্ৰণ কৰিব নৰেন্দ্ৰ মোদী আৰু তেওঁৰ মন্ত্ৰীসভাই। কাইলৈৰ শপতগ্ৰহণ অনুষ্ঠালৈ নম্ত্ৰণ জনোৱা হৈছে বিদেশৰ বহু নেতাক। ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ পিছত প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদী আৰু মন্ত্ৰী পৰিষদৰ শপতগ্ৰহণৰ দিন ৯ জুন  নিৰ্ধাৰণ কৰা হৈছে। কালি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে মোদীক প্ৰধানমন্ত্ৰী হিচাবে শপতগ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল।  

শপতগ্ৰহণ অনুষ্ঠানলৈ  ভাৰতৰ চুবুৰী আৰু ভাৰত মহাসাগৰ অঞ্চলৰ বহু কেইগৰাকী নেতাক  বিশিষ্ট অতিথি হিচাপে  আমন্ত্ৰণ জনোৱা হৈছে । ইতিমধ্যে শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব বুলি কথা দিছে শ্ৰীলংকাৰ  ৰাষ্ট্ৰপতি ৰানিল উইক্ৰেমসিংহ ; মালদ্বীপৰ ৰাষ্ট্ৰপতি ডাঃ মহম্মদ মুইজু; ছিচিলিৰ উপ- ৰাষ্ট্ৰপতি  আহমেদ আফিফ ; বাংলাদেশৰ প্ৰধানমন্ত্ৰী  শ্বেখ হাছিনা; মৰিচাছৰ প্ৰধানমন্ত্ৰী প্ৰবিন্দ কুমাৰ জুগনৌথ; নেপালৰ প্ৰধানমন্ত্ৰী   পুষ্প কমল দাহাল আৰু ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগে  উপস্থিত থাকিবলৈ আমন্ত্ৰণ গ্ৰহণ কৰিছে। দেওবাৰে সন্ধিয়াই ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি  দ্ৰৌপদী মুৰ্মুৱে আয়োজন কৰা নৈশ ভোজতো বিদেশৰ নেতাসকলে অংশগ্ৰহণ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু