--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  সপোনতো নভবাকৈ আমেথিত কংগ্ৰেছ প্ৰাৰ্থীৰ হাতত  পৰাস্ত হোৱা স্মৃতি ইৰাণীয়ে হয়তো পুনৰ মোদী মন্ত্ৰীসভাত ঠাই পাব পাৰে। আপাততঃ তেনে ইংগিতেই দিছে বিশেষ সূত্ৰই। সূত্ৰটোৰ মতে   বিজেপিৰ ওচৰত  স্মৃতি ইৰাণীৰ গুৰুত্ব এতিয়াও কমি যোৱা নাই। সেয়ে তেওঁক তৃতীয়খন মোদী চৰকাৰতো মন্ত্ৰালয় দিয়া হ’ব পাৰে। ৰাজনৈতিক মহলত  ইয়াকে লৈ উত্তপ্ত আলোচনা হৈ থকা বুলিও সূত্ৰটোৱে প্ৰকাশ কৰে। কেৱল স্মৃতিয়েই নহয়, আন এজন পৰাজিত মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰকো কেবিনেটলৈ আনিব বিচৰা হৈছে বুলি সূত্ৰটোৱে সদৰী কৰে।

 মোদী  ৩.০ মন্ত্ৰীসভা গঠনৰ পূৰ্বে এইবোৰ জল্পনা-কল্পনা চলি আছে। অৱশ্যে বিজেপিৰ শীৰ্ষ নেতৃত্বই মুকলিকৈ এতিয়ালৈকে এই বিষয়ত একো ক’ব বিচৰা নাই।  স্মৃতি ইৰাণী আৰম্ভণিৰে পৰাই দলৰ এগৰাকী নিষ্ঠাবান যোদ্ধা হিচাবে পৰিগণিত হৈছিল। ২০১৪ চনত আমেথিত পৰাস্ত হোৱাৰ পিছতো তেওঁ পিছুৱাই যোৱা নাছিল। ২০১৯ চনত গান্ধী পৰিয়ালৰ  দখলৰ পৰা  তেওঁ আমেথিক মুক্ত কৰিছিল। মোডীৰ দ্বিতীয় মন্ত্ৰীসভাত (মোডী কেবিনেট ২.০) স্মৃতিয়ে একাধিক দায়িত্ব চম্ভালিছিল। তেওঁ আছিল আটাইতকৈ কম বয়সীয়া মন্ত্ৰী। তেতিয়াৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ দায়িত্বত থকাৰ সময়ত তেওঁৰ  শিক্ষাগত অৰ্হতাকলৈ  বিতৰ্কৰ সৃষ্টি হৈছিল। পিছত তেওঁক সেই দপ্তৰৰ  পৰা আঁতৰাই বস্ত্ৰ মন্ত্ৰালয় দিয়া হৈছিল।

  স্মৃতি মহিলা আৰু শিশু কল্যাণ বিভাগৰো মন্ত্ৰী আছিল। সংখ্যালঘু উন্নয়ন মন্ত্ৰালয়তো তেওঁক অধিষ্ঠিত কৰা হৈছিল। প্ৰতিটো ক্ষেত্ৰতে স্মৃতিয়ে নিজৰ দক্ষতাৰ চিন এৰি থৈ গৈছে,  যোগ্যতাৰ প্ৰমাণ দিছে বুলি বিজেপিৰ বহুতে দাবী কৰি আহিছে।
এতিয়া সেয়ে স্মৃতি ইৰাণীক  এৰিব বিচৰা নাই  মোডী-শ্বাহে। কেবিনেটত তেওঁক যিকোনো দায়িত্ব দিয়া হ’ব পাৰে বুলি  সূত্ৰটোৱে কৈছে। দি তেওঁক কেবিনেটত দায়িত্ব দিয়া হয় তেন্তে  নিয়ম অনুসৰি তেওঁ ৬ মাহৰ ভিতৰত কোনো এটা সমষ্টিৰ পৰা  জয়ী হৈ আহিব লাগিব।   অন্যথা ৰাজ্যসভাৰ সাংসদ হিচাবেও বিজেপিয়ে স্মৃতিক জিকাই আনিব পাৰে। কিন্তু ৰাজনৈতিক মহলৰ এটা অংশৰ মতে দ্বিতীয়টোৰ সম্ভাৱনা কম। স্মৃতি ইৰাণীৰ দৰে  কৰ্মীক এতিয়া ৰাজ্যসভালৈ পঠোৱাৰ  কথা ভবা নাই বিজেপিৰ শীৰ্ষ নেতৃত্বই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ