--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ পদত্যাগ যিমান আকস্মিক এক ঘটনা আছিল, সিমানেই অপ্ৰত্যাশিত বুলি চিহ্নিত হৈছে নতুন মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ নিযুক্তিও। মুখ্যমন্ত্ৰী পদৰ দাবীদাৰ নাছিল ভূপেন্দ্ৰ পেটেল।এই আসনৰ বাবে তেওঁৰ নাম অহা নাছিল চৰ্চালৈও। কিন্তু বিজেপিয়ে তেওঁলোকৰ চৰ্চিত নেতাসকলক আঁতৰাই ৰাখি প্ৰথমবাৰ বিধায়ক হোৱা ভূপেন্দ্ৰ পেটেলক মনোনীত কৰে মুখ্যমন্ত্ৰী হিচাপে। ২০১৭ চনৰ বিধানসভা নিৰ্বাচনত ঘাটলোদিয়া সমষ্টিৰ পৰা বিজয়ী হৈছিল ভূপেন্দ্ৰ পেটেল।

উল্লেখ্য যে, বিজয় ৰূপানীয়েই তেওঁৰ উত্তৰাধিকাৰী হিচাপে প্ৰক্ষেপ কৰিছিল ভূপেন্দ্ৰ পেটেলৰ নাম। দলৰ সকলো বিধায়কে তেওঁক সমৰ্থন জনাইছিল। পেটেল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ উভয়ৰে পচন্দৰ প্ৰাৰ্থী বুলি জানিব পৰা গৈছে। সোমবাৰে তেওঁ ৰাজ্যখনৰ সপ্তদশ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰে।

৫৯বছৰীয়া নেতাগৰাকীৰ শপতগ্ৰহণ অনুষ্ঠানত অমিত শ্বাহকে ধৰি বিজেপিৰ ভালেমান জ্যেষ্ঠ নেতা তথা কেইবাগৰাকীও মুখ্যমন্ত্ৰী উপস্থিত থাকে। শপত গ্ৰহণৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক অভিনন্দন জ্ঞাপন কৰে। টুইটযোগে মুখ্যমন্ত্ৰী পেটেলক শুভেচ্ছা জ্ঞাপন কৰি মোদীয়ে লিখিছে, ‘মই তেওঁ বহু বছৰৰ পৰাই জানো আৰু তেওঁৰ দৃষ্টান্তমূলক কামৰ নিদৰ্শন দেখা পাইছোঁ।’

আনহাতে প্ৰাক্তন মু্খ্যমন্ত্ৰী বিজয় ৰূপানীয়েও তেওঁক অভিনন্দন জ্ঞাপন কৰে। তেওঁ পেটেলৰ নেতৃত্বৰ ওপৰত সম্পূৰ্ণ বিশ্বাস থকা বুলি মন্তব্য কৰি তেওঁৰ নেতৃত্বত গুজৰাটে বিকাশৰ দিশত দেশৰ ভিতৰতে নতুন নজিৰ সৃষ্টি কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰে। আজিৰ এই শপতগ্ৰহণ অনুষ্ঠানত হাৰিয়ানৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰ, মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান, গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তকে ধৰি ভালেমান গুৰুত্বপূৰ্ণ নেতা উপস্থিত থাকে। মন কৰিবলগীয়া যে, বিধানসভা নিৰ্বাচনলৈ এবছৰতকৈ অলপহে বেছি সময় থকাৰ পৰিপ্ৰেক্ষিতত বিজয় ৰূপানীৰ আকস্মিক পদত্যাগক লৈ বিশেষ চৰ্চা চলিছে দেশৰ ৰাজনীতিত। তেওঁৰ লগতে তেওঁৰ কেবিনেটৰো প্ৰায় সম্পূৰ্ণ পুনৰ্গঠন হোৱাৰ সম্ভাৱনা আছে। ইজনৰ পাছত সিজন বিজেপিশাসিত ৰাজ্যৰ মু্খ্যমন্ত্ৰীৰ পদত্যাগ তথা নতুন নেতৃত্বৰ আগমন তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২৮ত বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতি হ'ব ভাৰত, মুম্বাইত ব্রিটিছ প্রধানমন্ত্ৰীৰ দাবী
বিহাৰৰ ভোজপুৰী চিনেমাৰ অভিনেতা পৱন সিঙলৈ 'ৱাই' কেটেগৰীৰ নিৰাপত্তা
বিশ্ব বেডমিন্টনৰ কোৱাৰ্টাৰত ভাৰত, শীর্ষস্থানৰ থাইলেণ্ডৰ বিদায়
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াত আক্ৰান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযূষ হাজৰিকাৰ
ভাৰতীয় ৰে’লৱে সুৰক্ষা অপাৰেচন চেণ্টাৰৰ বাবে এয়াৰটেল বিজনেছৰ বহু বছৰীয়া চুক্তি লাভ
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা