--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ পদত্যাগ যিমান আকস্মিক এক ঘটনা আছিল, সিমানেই অপ্ৰত্যাশিত বুলি চিহ্নিত হৈছে নতুন মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ নিযুক্তিও। মুখ্যমন্ত্ৰী পদৰ দাবীদাৰ নাছিল ভূপেন্দ্ৰ পেটেল।এই আসনৰ বাবে তেওঁৰ নাম অহা নাছিল চৰ্চালৈও। কিন্তু বিজেপিয়ে তেওঁলোকৰ চৰ্চিত নেতাসকলক আঁতৰাই ৰাখি প্ৰথমবাৰ বিধায়ক হোৱা ভূপেন্দ্ৰ পেটেলক মনোনীত কৰে মুখ্যমন্ত্ৰী হিচাপে। ২০১৭ চনৰ বিধানসভা নিৰ্বাচনত ঘাটলোদিয়া সমষ্টিৰ পৰা বিজয়ী হৈছিল ভূপেন্দ্ৰ পেটেল।

উল্লেখ্য যে, বিজয় ৰূপানীয়েই তেওঁৰ উত্তৰাধিকাৰী হিচাপে প্ৰক্ষেপ কৰিছিল ভূপেন্দ্ৰ পেটেলৰ নাম। দলৰ সকলো বিধায়কে তেওঁক সমৰ্থন জনাইছিল। পেটেল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ উভয়ৰে পচন্দৰ প্ৰাৰ্থী বুলি জানিব পৰা গৈছে। সোমবাৰে তেওঁ ৰাজ্যখনৰ সপ্তদশ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰে।

৫৯বছৰীয়া নেতাগৰাকীৰ শপতগ্ৰহণ অনুষ্ঠানত অমিত শ্বাহকে ধৰি বিজেপিৰ ভালেমান জ্যেষ্ঠ নেতা তথা কেইবাগৰাকীও মুখ্যমন্ত্ৰী উপস্থিত থাকে। শপত গ্ৰহণৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক অভিনন্দন জ্ঞাপন কৰে। টুইটযোগে মুখ্যমন্ত্ৰী পেটেলক শুভেচ্ছা জ্ঞাপন কৰি মোদীয়ে লিখিছে, ‘মই তেওঁ বহু বছৰৰ পৰাই জানো আৰু তেওঁৰ দৃষ্টান্তমূলক কামৰ নিদৰ্শন দেখা পাইছোঁ।’

আনহাতে প্ৰাক্তন মু্খ্যমন্ত্ৰী বিজয় ৰূপানীয়েও তেওঁক অভিনন্দন জ্ঞাপন কৰে। তেওঁ পেটেলৰ নেতৃত্বৰ ওপৰত সম্পূৰ্ণ বিশ্বাস থকা বুলি মন্তব্য কৰি তেওঁৰ নেতৃত্বত গুজৰাটে বিকাশৰ দিশত দেশৰ ভিতৰতে নতুন নজিৰ সৃষ্টি কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰে। আজিৰ এই শপতগ্ৰহণ অনুষ্ঠানত হাৰিয়ানৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰ, মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান, গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তকে ধৰি ভালেমান গুৰুত্বপূৰ্ণ নেতা উপস্থিত থাকে। মন কৰিবলগীয়া যে, বিধানসভা নিৰ্বাচনলৈ এবছৰতকৈ অলপহে বেছি সময় থকাৰ পৰিপ্ৰেক্ষিতত বিজয় ৰূপানীৰ আকস্মিক পদত্যাগক লৈ বিশেষ চৰ্চা চলিছে দেশৰ ৰাজনীতিত। তেওঁৰ লগতে তেওঁৰ কেবিনেটৰো প্ৰায় সম্পূৰ্ণ পুনৰ্গঠন হোৱাৰ সম্ভাৱনা আছে। ইজনৰ পাছত সিজন বিজেপিশাসিত ৰাজ্যৰ মু্খ্যমন্ত্ৰীৰ পদত্যাগ তথা নতুন নেতৃত্বৰ আগমন তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ