--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আহমেদাবাদ টেষ্টক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। টীম ইণ্ডিয়াৰ তাৰকা বলাৰ মহম্মদ শ্বামীক উদ্দেশ্যি দৰ্শকৰ এটা অংশই গেলেৰীৰ পৰা ‘জয় শ্ৰী ৰাম’ ধ্বনিৰে উত্তাল কৰি তোলে। এই ঘটনাৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। তাৰপাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৰাজ্যৰ এই অভাৱনীয় ঘটনাত ক্ৰিকেট প্ৰেমীসকলে তীব্ৰ ক্ষোভ ব্যক্ত কৰিছে।

যোৱা বৃহস্পতিবাৰে আহমেদাবাদ টেষ্টৰ প্ৰথম দিনটোত সংঘটিত হৈছিল এই ঘটনা। ভাৰতীয় দলৰ ক্ৰিকেটাৰসকলে খেলপথাৰলৈ নামি অহাৰ পূৰ্বে বাউণ্ডেৰী লাইনৰ প্ৰান্তত থিয় হৈ আছিল। তেওঁলোকৰ লগত বংগৰ বলাৰ মহম্মদ ছামী। সেই সময়তে গেলেৰীৰ পৰা দুই এজন দৰ্শকে শ্বামীক উদ্দেশ্যি ‘জয় শ্ৰীৰাম’ ধ্বনি শুনা গৈছিল। 

দৰ্শকৰ এটা অংশই এনেদৰে বহু সময়লৈ ধ্বনি দিলে। অৱশ্যে শামী বা ভাৰতীয় দলৰ আন ক্ৰিকেটাৰসকলেও কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলে। কেৱল সূৰ্যকুমাৰ যাদৱেহে দৰ্শকক নিৰৱে থাকিবলৈ হাত দঙা দেখা যায়। মন কৰিবলগীয়া যে সেই সময়ত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত উপস্থিত আছিল।

ক্ৰিকেটপ্ৰেমীৰ এটা অংশই দৰ্শকৰ এই আচৰণক গৰিহণা দিয়ে। ভাৰতীয় দলৰ এজন ক্ৰিকেটাৰক কিয় খেল আৰম্ভ হোৱাৰ আগতেই এনেদৰে অস্বস্তিকৰ কৰি তোলা হৈছে বুলি বহুতে প্ৰশ্ন উত্থাপন কৰিছে। একাংশই অপ্ৰয়োজনীয়ভাৱে খেলখনত ৰাজনীতি অনাৰ অভিযোগ উত্থাপন কৰিছে। অৱশ্যে এই বিতৰ্কিত ঘটনা সন্দৰ্ভত ভাৰতীয় দলটোৱে মুখ খোলা নাই। কোনো মন্তব্য কৰা নাই ভাৰতীয় ক্ৰিকেট ব’ৰ্ডেও।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুম্বাইত উদ্ভাসিত হ'ল সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি
উপ-ৰাষ্ট্ৰপতি কোন? আজি নির্বাচন, ৰাধাকৃষ্ণণ বনাম সুদর্শন ৰেড্ডী
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
দলগাঁৱত ড্ৰেগন খেতি কৰি স্বাৱলম্বী জৰীপ আলী
বিজুলি চমকে কিন্তু নপৰে বজ্ৰপাত,মেঘে গৰ্জে কিন্তু বৰষুণ নহয় !
ভাৰতীয় অর্থনীতিক দিব ২০ লাখ কোটি লাভ, জি এছ টিৰ হাৰ সংশোধন
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন