--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আহমেদাবাদ টেষ্টক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। টীম ইণ্ডিয়াৰ তাৰকা বলাৰ মহম্মদ শ্বামীক উদ্দেশ্যি দৰ্শকৰ এটা অংশই গেলেৰীৰ পৰা ‘জয় শ্ৰী ৰাম’ ধ্বনিৰে উত্তাল কৰি তোলে। এই ঘটনাৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। তাৰপাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৰাজ্যৰ এই অভাৱনীয় ঘটনাত ক্ৰিকেট প্ৰেমীসকলে তীব্ৰ ক্ষোভ ব্যক্ত কৰিছে।

যোৱা বৃহস্পতিবাৰে আহমেদাবাদ টেষ্টৰ প্ৰথম দিনটোত সংঘটিত হৈছিল এই ঘটনা। ভাৰতীয় দলৰ ক্ৰিকেটাৰসকলে খেলপথাৰলৈ নামি অহাৰ পূৰ্বে বাউণ্ডেৰী লাইনৰ প্ৰান্তত থিয় হৈ আছিল। তেওঁলোকৰ লগত বংগৰ বলাৰ মহম্মদ ছামী। সেই সময়তে গেলেৰীৰ পৰা দুই এজন দৰ্শকে শ্বামীক উদ্দেশ্যি ‘জয় শ্ৰীৰাম’ ধ্বনি শুনা গৈছিল। 

দৰ্শকৰ এটা অংশই এনেদৰে বহু সময়লৈ ধ্বনি দিলে। অৱশ্যে শামী বা ভাৰতীয় দলৰ আন ক্ৰিকেটাৰসকলেও কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলে। কেৱল সূৰ্যকুমাৰ যাদৱেহে দৰ্শকক নিৰৱে থাকিবলৈ হাত দঙা দেখা যায়। মন কৰিবলগীয়া যে সেই সময়ত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত উপস্থিত আছিল।

ক্ৰিকেটপ্ৰেমীৰ এটা অংশই দৰ্শকৰ এই আচৰণক গৰিহণা দিয়ে। ভাৰতীয় দলৰ এজন ক্ৰিকেটাৰক কিয় খেল আৰম্ভ হোৱাৰ আগতেই এনেদৰে অস্বস্তিকৰ কৰি তোলা হৈছে বুলি বহুতে প্ৰশ্ন উত্থাপন কৰিছে। একাংশই অপ্ৰয়োজনীয়ভাৱে খেলখনত ৰাজনীতি অনাৰ অভিযোগ উত্থাপন কৰিছে। অৱশ্যে এই বিতৰ্কিত ঘটনা সন্দৰ্ভত ভাৰতীয় দলটোৱে মুখ খোলা নাই। কোনো মন্তব্য কৰা নাই ভাৰতীয় ক্ৰিকেট ব’ৰ্ডেও।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক