--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাংলাদেশত শুভমন গীলে কেৰিয়াৰৰ প্ৰথমটো টেষ্ট শতক অৰ্জন কৰিছিল। কিন্তু ভাৰতীয় দলৰ অদ্ভুত যুক্তিৰ বাবে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ পাৰ হৈ যোৱা টেষ্টকেইখনত খেলপথাৰত অৱতীৰ্ণ হ’ব পৰা নাছিল৷ তাৰ পৰিৱৰ্তে দলত অন্তৰ্ভূক্ত হয় কে এল ৰাহুল৷ কিন্তু ব্যৰ্থ হোৱাৰ বাবে বাদ পৰে কে এল ৰাহুল।

এইবাৰ চতুৰ্থখন সুযোগ লাভ কৰি আহমেদাবাদত উজ্বলি উঠে শুভমন গিলে। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তেওঁ দ্বিতীয়টো টেষ্ট শতক অৰ্জন কৰে। ইয়াৰ পিছতে শুভমনক দুজন বেটছমেনে অভিনন্দন জনায়। শতক অৰ্জন কৰাৰ সময়ত চেতেশ্বৰ পূজাৰা ক্ৰিজতে আছিল। তেওঁ শুভমনক সাৱটি ধৰি অভিনন্দন জনালে। চাহ বিৰতিৰ বাবে ড্ৰেছিং ৰুমলৈ উভতি অহাৰ পূৰ্বে বিৰাট কোহলীয়েও অভিনন্দন জনায় শুভমনক।

মেচখনৰ প্ৰথম দিনাৰ পৰাই শুভমনে আক্ৰমণাত্মক ৰূপ লৈছিল৷ সমতল পিটচত আগবাঢ়ি আহি তেওঁ নাথান লায়নৰ বলত যিদৰে ছয় কোবাইছিল, তেতিয়াই বহুতে শুভমনৰ পৰা দীঘল ইনিংছ আশা কৰিছিল। টেষ্টখনৰ তৃতীয় দিনা তেওঁ শতক অৰ্জন কৰে। শতক অৰ্জনলৈ মাত্ৰ কেইটামান ৰাণ বাকী থকা অৱস্থাত শুভমনে কেমেৰন গ্ৰীনৰ একেটা অভাৰতে একেৰাহে দুটা ফোৰ মাৰে৷ এই প্ৰদৰ্শনে ক্ৰিকেট বিশেষজ্ঞৰ প্ৰশংসা লাভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুম্বাইত উদ্ভাসিত হ'ল সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি
উপ-ৰাষ্ট্ৰপতি কোন? আজি নির্বাচন, ৰাধাকৃষ্ণণ বনাম সুদর্শন ৰেড্ডী
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
দলগাঁৱত ড্ৰেগন খেতি কৰি স্বাৱলম্বী জৰীপ আলী
বিজুলি চমকে কিন্তু নপৰে বজ্ৰপাত,মেঘে গৰ্জে কিন্তু বৰষুণ নহয় !
ভাৰতীয় অর্থনীতিক দিব ২০ লাখ কোটি লাভ, জি এছ টিৰ হাৰ সংশোধন
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন