--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ ২০০০ টকীয়া নোট খন যেন এতিয়া বহুতৰে বাবে আতংকৰ কাৰণ হৈ পৰে। ৰিজাৰ্ভ বেংকে ২০০০ টকীয়া নোটৰ প্ৰচলন বজাৰত বন্ধ কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰাৰ সময়তে এতিয়া বহু ঠাইত ২০০০ টকীয়া নোট ল’বলৈ বহুতেই অস্বীকাৰ কৰিছে। ইয়াৰ ফলত বহু ঠাইত কেতবোৰ অপ্ৰত্যাশিত ঘটনাও ঘটিছে। 

শেহতীয়াকৈ গুজৰাটৰ মোদীনগৰত ২,০০০ টকাৰ নোট দিয়াৰ বাবে যাত্ৰী এজনক অটো চালকে  প্ৰহাৰ কৰাৰ ঘটনা ঘটিছে। অটোত যাত্ৰা কৰা যাত্ৰী জনে অটো চলাকক এখন ২০০০ টকীয়া নোট দিছিল।  ২০০০ টকীয়া নোট নিষিদ্ধ হোৱা বুলি শুনিবলৈ পোৱা অটো চালক জনৰ এই কথাতে খং উঠে আৰু খঙৰ ভমকত যাত্ৰী জনক প্ৰহাৰ কৰিবলৈ ধৰে। 

এই ঘটনাত যাত্ৰীজন গুৰুতৰভাবে  আহত হোৱাৰ খবৰ পোৱা গৈছে।  চালকজনে নোট খন  নিষিদ্ধ বুলি কৈ ইয়াক ল'বলৈ অস্বীকাৰ কৰিছিল। উল্লেখ্য ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে ২০০০ টকাৰ বেংকনোটৰ প্ৰচলন সম্পূৰ্ণৰূপে  নিষিদ্ধ কৰাৰ  সিদ্ধান্ত লৈছে ৷ সেইমৰ্মে ৰিজাৰ্ভ বেংকে  সকলোকে ৩০ ছেপ্টেম্বৰ, ২০২৩-ৰ ভিতৰত হাতত থকা ২০০০ টকাৰ নোট  সলনি কৰিবলৈ কৈছে।  

শুকুৰবাৰে প্ৰকাশ কৰা এক বিবৃতিত কেন্দ্ৰীয় বেংকটোৱে কয়: "ভাৰতীয় ৰিজাৰ্ভ বেংকৰ "পৰিষ্কাৰ নোট নীতি" অনুসৰি,২০০০ টকা  মূল্যৰ বেংকনোট প্ৰচলনৰ পৰা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত এই কাম সম্পূৰ্ণ কৰিবলৈ আৰু ৰাইজক  পৰ্যাপ্ত সময় প্ৰদান কৰিবলৈ, সকলো বেংকে ৩০ ছেপ্টেম্বৰ, ২০২৩  লৈ ২০০০ টকাৰ  বেংকনোট  জমা আৰু/বা বিনিময়ৰ সুবিধা প্ৰদান কৰিব।"এই পদক্ষেপৰ বিষয়ে ব্যাখ্যা কৰি আৰবিআইয়ে কৈছে: "২০০০ টকাৰ নোটৰ  প্ৰায় ৮৯% বেংকনোট মাৰ্চ ২০১৭ ৰ আগতে জাৰী কৰা হৈছিল । প্ৰচলিত এই বেংকনোটবোৰৰ মুঠ মূল্য ৩১  মাৰ্চ ২০১৮ তাৰিখলৈ (প্ৰচলিত নোটৰ ৩৭.৩%) ৬.৭৩  লাখ কোটিৰ পৰা ৩.৬২ লাখ কোটিলৈ হ্ৰাস পাইছে ৷ যি ৩১  মাৰ্চ ২০২৩ তাৰিখলৈ প্ৰচলিত নোটৰ মাত্ৰ ১০.৮ %  হৈ পৰিব। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস