--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ ২০০০ টকীয়া নোট খন যেন এতিয়া বহুতৰে বাবে আতংকৰ কাৰণ হৈ পৰে। ৰিজাৰ্ভ বেংকে ২০০০ টকীয়া নোটৰ প্ৰচলন বজাৰত বন্ধ কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰাৰ সময়তে এতিয়া বহু ঠাইত ২০০০ টকীয়া নোট ল’বলৈ বহুতেই অস্বীকাৰ কৰিছে। ইয়াৰ ফলত বহু ঠাইত কেতবোৰ অপ্ৰত্যাশিত ঘটনাও ঘটিছে। 

শেহতীয়াকৈ গুজৰাটৰ মোদীনগৰত ২,০০০ টকাৰ নোট দিয়াৰ বাবে যাত্ৰী এজনক অটো চালকে  প্ৰহাৰ কৰাৰ ঘটনা ঘটিছে। অটোত যাত্ৰা কৰা যাত্ৰী জনে অটো চলাকক এখন ২০০০ টকীয়া নোট দিছিল।  ২০০০ টকীয়া নোট নিষিদ্ধ হোৱা বুলি শুনিবলৈ পোৱা অটো চালক জনৰ এই কথাতে খং উঠে আৰু খঙৰ ভমকত যাত্ৰী জনক প্ৰহাৰ কৰিবলৈ ধৰে। 

এই ঘটনাত যাত্ৰীজন গুৰুতৰভাবে  আহত হোৱাৰ খবৰ পোৱা গৈছে।  চালকজনে নোট খন  নিষিদ্ধ বুলি কৈ ইয়াক ল'বলৈ অস্বীকাৰ কৰিছিল। উল্লেখ্য ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে ২০০০ টকাৰ বেংকনোটৰ প্ৰচলন সম্পূৰ্ণৰূপে  নিষিদ্ধ কৰাৰ  সিদ্ধান্ত লৈছে ৷ সেইমৰ্মে ৰিজাৰ্ভ বেংকে  সকলোকে ৩০ ছেপ্টেম্বৰ, ২০২৩-ৰ ভিতৰত হাতত থকা ২০০০ টকাৰ নোট  সলনি কৰিবলৈ কৈছে।  

শুকুৰবাৰে প্ৰকাশ কৰা এক বিবৃতিত কেন্দ্ৰীয় বেংকটোৱে কয়: "ভাৰতীয় ৰিজাৰ্ভ বেংকৰ "পৰিষ্কাৰ নোট নীতি" অনুসৰি,২০০০ টকা  মূল্যৰ বেংকনোট প্ৰচলনৰ পৰা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত এই কাম সম্পূৰ্ণ কৰিবলৈ আৰু ৰাইজক  পৰ্যাপ্ত সময় প্ৰদান কৰিবলৈ, সকলো বেংকে ৩০ ছেপ্টেম্বৰ, ২০২৩  লৈ ২০০০ টকাৰ  বেংকনোট  জমা আৰু/বা বিনিময়ৰ সুবিধা প্ৰদান কৰিব।"এই পদক্ষেপৰ বিষয়ে ব্যাখ্যা কৰি আৰবিআইয়ে কৈছে: "২০০০ টকাৰ নোটৰ  প্ৰায় ৮৯% বেংকনোট মাৰ্চ ২০১৭ ৰ আগতে জাৰী কৰা হৈছিল । প্ৰচলিত এই বেংকনোটবোৰৰ মুঠ মূল্য ৩১  মাৰ্চ ২০১৮ তাৰিখলৈ (প্ৰচলিত নোটৰ ৩৭.৩%) ৬.৭৩  লাখ কোটিৰ পৰা ৩.৬২ লাখ কোটিলৈ হ্ৰাস পাইছে ৷ যি ৩১  মাৰ্চ ২০২৩ তাৰিখলৈ প্ৰচলিত নোটৰ মাত্ৰ ১০.৮ %  হৈ পৰিব। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ত্ৰিফলাৰ আছে আশ্বৰ্যকৰী গুণ! ই কেনেকৈ আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে জানো আহক
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী