--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰিজাৰ্ভ বেংকে ২,০০০ টকাৰ নোটৰ বিমুদ্ৰাকৰণৰ সিদ্ধান্ত ঘোষণা কৰাৰ পিছৰে পৰা সাধাৰণ মানুহৰ মনত বহু প্ৰশ্নৰ উদ্ৰেক ঘটিছে। সাধাৰণ মানুহৰ চকুৰ সন্মুখত পুনৰ ভাঁহি উঠিছে মোদীয়ে প্ৰথমবাৰ ঘোষণা কৰা বিমুদ্ৰাকৰণৰ পিছত বেংকত শাৰী পাতি পুৰণি নোট সলনি কৰাৰ কষ্টৰ কথা।  

২,০০০ টকীয়া নোট সলনিৰ ক্ষেত্ৰতো একে ধৰণৰ ঘটনাই ঘটিব নেকি?  সাধাৰণ মানুহে বেংকলৈ গৈ কেনেকৈ ২,০০০ টকীয়া নোট সলনি কৰিব সেয়া এতিয়াও ভালদৰে বুজি উঠা নাই বুলি বহুতে মন্তব্য কৰিছে।   এনে পৰিস্থিতিত ভাৰতীয় ষ্টেট বেংকৰ ঘোষণাই সাধাৰণ মানুহক অলপ সকাহ কৰিছে। ভাৰতীয় ষ্টেট বেংকে (এছবিআই) কৈছে যে আধাৰ কাৰ্ডৰ দৰে কোনো পৰিচয় পত্ৰ অবিহনেই ২,০০০ টকাৰ নোট বেংকত জমা কৰিব পাৰি। নোট জমা কৰিবলৈ এইবাৰ আপুনি পৃথক প্ৰপত্ৰ পূৰণ কৰিবও নালাগে।

নোট জমা কৰাৰ প্ৰক্ৰিয়াটোকলৈ  ইণ্টাৰনেটত বহুতো ভুল তথ্যও বিয়পি পৰিছে। ভাৰতীয় ষ্টেট বেংকে সাধাৰণ মানুহক সেইবোৰৰ দ্বাৰা বিপথে পৰিচালিত নহ’বলৈ আহ্বান জনাইছে।  বেংকটোৱে এই বিষয়ত  বিশেষ নিৰ্দেশনা জাৰি কৰিছে। দেওবাৰৰ নতুন নিৰ্দেশনা অনুসৰি  কোনো দাবী স্লিপ অবিহনেই বেংকত ২,০০০ টকাৰ নোট জমা কৰিব পাৰিব। যদি আপুনি ২,০০০ টকীয়া নোট বেংকত ঘূৰাই দিব  বিচাৰে,তেন্তে  আপুনি বেঙ্কত কোনো ধৰণৰ পৰিচয় পত্ৰও প্ৰদৰ্শন কৰিব নালাগে। 
এয়াও জনা গৈছে  যে বেঙ্কত আপোনাৰ একাউণ্ট নাথাকিলেও আপুনি তেনে  বেঙ্কৰ শাখালৈ যাব পাৰে আৰু ২,০০০ টকাৰ নোট সলনি কৰিব পাৰে।

 মানুহে মুঠ ২০,০০০ টকাৰ নোট একেসময়তে  সলনি কৰিব পাৰিব। সূত্ৰ অনুসৰি, ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে (আৰবিআই) ৩০ ছেপ্টেম্বৰৰ পিছত এই নোট সলনিৰ   সময়সীমা বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। নোট সলনি কৰাৰ  বাবে কোনো বিশেষ মাচুল লোৱা নহ'ব। ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে (আৰবিআই) নিৰ্দেশ দিছে যে নোট সলনি কৰিবলৈ অহা জ্যেষ্ঠ নাগৰিকসকলৰ বাবে বিশেষ সুবিধা প্ৰদান কৰিব লাগিব। ৰিজাৰ্ভ বেংকে  সকলোকে ৩০ ছেপ্টেম্বৰ, ২০২৩-ৰ ভিতৰত হাতত থকা ২০০০ টকাৰ নোট  সলনি কৰিবলৈ কৈছে।  শুকুৰবাৰে প্ৰকাশ কৰা

 এক বিবৃতিত কেন্দ্ৰীয় বেংকটোৱে কয়: "ভাৰতীয় ৰিজাৰ্ভ বেংকৰ "পৰিষ্কাৰ নোট নীতি" অনুসৰি,২০০০ টকা  মূল্যৰ বেংকনোট প্ৰচলনৰ পৰা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত এই কাম সম্পূৰ্ণ কৰিবলৈ আৰু ৰাইজক  পৰ্যাপ্ত সময় প্ৰদান কৰিবলৈ, সকলো বেংকে ৩০ ছেপ্টেম্বৰ, ২০২৩  লৈ ২০০০ টকাৰ  বেংকনোট  জমা আৰু/বা বিনিময়ৰ সুবিধা প্ৰদান কৰিব।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
শিলচৰত মৰ্মান্তিক ঘটনা! পুত্ৰই কৰা অপৰাধ সহ্য কৰিব নোৱাৰি চৰম সিদ্ধান্ত পিতৃৰ
ত্ৰিফলাৰ আছে আশ্বৰ্যকৰী গুণ! ই কেনেকৈ আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে জানো আহক
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব