--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দেশৰ ১৪ গৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ জীৱন আৰু কৃতিত্বৰ নিদৰ্শন আজিৰে পৰা একেলগে বিচাৰি পোৱা যাব একেটা স্থানতে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত উদ্বোধন কৰে প্ৰধানমন্ত্ৰী সংগ্ৰহালয়। স্বাধীনতাৰ পৰৱৰ্তী সময়ত দেশক নেতৃত্ব দিয়া ১৪ গৰাকী প্ৰধানমন্ত্ৰীৰ কৃতিত্বক একত্ৰিত ৰূপত সন্নিৱেশ ঘটোৱাৰ বাবে এই সংগ্ৰহালয় স্থাপন কৰা হৈছে।

এই কাৰ্যসূচীত ভাগ লৈ প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, প্ৰধানমন্ত্ৰী সংগ্ৰহালয়ত পূৰ্বৰ সকলো চৰকাৰৰ প্ৰচেষ্টাৰ প্ৰতিফলন দেখিবলৈ পোৱা যাব। তেওঁ কয়, ‘আমি আজি যি স্থানত উপনীত হৈছোঁ সেয়া স্বাধীনতাৰ পাছৰ সকলো প্ৰধানমন্ত্ৰীৰ অৱদানৰ ফল। প্ৰত্যেক প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ নিজা নিজা ধৰণে দেশলৈ অৱদান আগবঢ়াইছে।’

তেওঁ লগতে কয় যে, ‘স্বাধীনতাৰ পিছৰ পৰা সকলো প্ৰধানমন্ত্ৰীৰ অৱদানক মই স্বীকাৰ কৰিছোঁ। আমাৰ দেশৰ সংবিধান শক্তিশালী কৰাৰ বাবে সকলো প্ৰধানমন্ত্ৰীৰ অৱদান আমি মনত ৰাখিব লাগিব।’ 

প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ ১৪ গৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ নামত উৎসৰ্গিত সংগ্ৰহালয় উদ্বোধন কৰাৰ পাছত সংগ্ৰাহালয়টোত প্ৰৱেশ কৰাৰ বাবে প্ৰথমটো টিকট ক্ৰয় কৰে। এই সংগ্ৰহালয়টোত দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জীৱন আৰু অৱদান প্ৰযুক্তিগতভাৱে উন্নত প্ৰদৰ্শন কৰা হ'ব। তাৰ লগতে তেওঁ বিশ্বৰ বিভিন্ন স্থানৰ পৰা লাভ কৰা কেইবাটাও উপহাৰ প্ৰথমবাৰৰ বাবে প্ৰদৰ্শন কৰা হ'ব। এই বিষয়ে প্ৰকাশ কৰিছে সংগ্ৰহালয়টোৰ বিষয়াসকলে।

দেশক বিভিন্ন সময়ত দেশক নেতৃত্ব দিয়া ৰাজনীতিকসকলৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ সংগ্ৰহালয়টো গঢ় দিছে কেন্দ্ৰই। সকলো দল-মত নিৰ্বেশেষে আটাইকেইগৰাকী প্ৰধানমন্ত্ৰীৰ অৱদানক এই সংগ্ৰহালয়ৰ জৰিয়তে স্বীকৃতি দিয়াৰ পদক্ষেপ গ্ৰহণ কৰা বুলিও কৰ্তৃপক্ষই প্ৰকাশ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ