--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দেশৰ ১৪ গৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ জীৱন আৰু কৃতিত্বৰ নিদৰ্শন আজিৰে পৰা একেলগে বিচাৰি পোৱা যাব একেটা স্থানতে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত উদ্বোধন কৰে প্ৰধানমন্ত্ৰী সংগ্ৰহালয়। স্বাধীনতাৰ পৰৱৰ্তী সময়ত দেশক নেতৃত্ব দিয়া ১৪ গৰাকী প্ৰধানমন্ত্ৰীৰ কৃতিত্বক একত্ৰিত ৰূপত সন্নিৱেশ ঘটোৱাৰ বাবে এই সংগ্ৰহালয় স্থাপন কৰা হৈছে।

এই কাৰ্যসূচীত ভাগ লৈ প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, প্ৰধানমন্ত্ৰী সংগ্ৰহালয়ত পূৰ্বৰ সকলো চৰকাৰৰ প্ৰচেষ্টাৰ প্ৰতিফলন দেখিবলৈ পোৱা যাব। তেওঁ কয়, ‘আমি আজি যি স্থানত উপনীত হৈছোঁ সেয়া স্বাধীনতাৰ পাছৰ সকলো প্ৰধানমন্ত্ৰীৰ অৱদানৰ ফল। প্ৰত্যেক প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ নিজা নিজা ধৰণে দেশলৈ অৱদান আগবঢ়াইছে।’

তেওঁ লগতে কয় যে, ‘স্বাধীনতাৰ পিছৰ পৰা সকলো প্ৰধানমন্ত্ৰীৰ অৱদানক মই স্বীকাৰ কৰিছোঁ। আমাৰ দেশৰ সংবিধান শক্তিশালী কৰাৰ বাবে সকলো প্ৰধানমন্ত্ৰীৰ অৱদান আমি মনত ৰাখিব লাগিব।’ 

প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ ১৪ গৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ নামত উৎসৰ্গিত সংগ্ৰহালয় উদ্বোধন কৰাৰ পাছত সংগ্ৰাহালয়টোত প্ৰৱেশ কৰাৰ বাবে প্ৰথমটো টিকট ক্ৰয় কৰে। এই সংগ্ৰহালয়টোত দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জীৱন আৰু অৱদান প্ৰযুক্তিগতভাৱে উন্নত প্ৰদৰ্শন কৰা হ'ব। তাৰ লগতে তেওঁ বিশ্বৰ বিভিন্ন স্থানৰ পৰা লাভ কৰা কেইবাটাও উপহাৰ প্ৰথমবাৰৰ বাবে প্ৰদৰ্শন কৰা হ'ব। এই বিষয়ে প্ৰকাশ কৰিছে সংগ্ৰহালয়টোৰ বিষয়াসকলে।

দেশক বিভিন্ন সময়ত দেশক নেতৃত্ব দিয়া ৰাজনীতিকসকলৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ সংগ্ৰহালয়টো গঢ় দিছে কেন্দ্ৰই। সকলো দল-মত নিৰ্বেশেষে আটাইকেইগৰাকী প্ৰধানমন্ত্ৰীৰ অৱদানক এই সংগ্ৰহালয়ৰ জৰিয়তে স্বীকৃতি দিয়াৰ পদক্ষেপ গ্ৰহণ কৰা বুলিও কৰ্তৃপক্ষই প্ৰকাশ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন