--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মৰি মৰি জী আছে অল ইণ্ডিয়া ৰেডিঅ' আৰু দূৰদৰ্শন৷ এটা সময়ত দূৰদৰ্শনেই আছিল টেভিছন চোৱাৰ একমাত্ৰ মাধ্যম৷ কিন্তু ব্যক্তিগত টিভি চেনেল আৰু এফএমৰ বাবে অল ইণ্ডিয়া ৰেডিঅ' আৰু দূৰদৰ্শনৰ এতিয়া মৃতপ্ৰায় অৱস্থা৷ শেহতীয়াকৈ অৰ্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটিয়ে  প্ৰসাৰ ভাৰতী অৰ্থাৎ অল ইণ্ডিয়া ৰেডিঅ' আৰু দূৰদৰ্শনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ২,৫৩৯.৬১ কোটি টকা ব্যয়েৰে কাৰ্যকৰী হ’বলগীয়া কেন্দ্ৰীয় খণ্ডৰ আঁচনি "সম্প্ৰচাৰ আন্তঃগাঁথনি আৰু নেটৱৰ্ক উন্নয়ন" চমুকৈ বিআইএনডি সন্দৰ্ভত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ প্ৰস্তাৱত অনুমোদন জনাইছে। 

মন্ত্ৰালয়ৰ এই "সম্প্ৰচাৰ আন্তঃগাঁথনি আৰু নেটৱৰ্ক উন্নয়ন" আঁচনি হৈছে সংগঠনটোৰ আন্তঃগাঁথনি সম্পৰ্কীয় ব্যয়, সমল সৃষ্টি আৰু সম্প্ৰসাৰণ তথা অসামৰিক কৰ্মীলৈ সম্প্ৰচাৰ উন্নীতকৰণৰ বাবে প্ৰসাৰ ভাৰতীক বিত্তীয় সাহায্য প্ৰদান কৰা এক অভিলাষী প্ৰকল্প।

উল্লেখ্য যে দেশৰ ৰাজহুৱা সম্প্ৰচাৰক হিচাপে প্ৰসাৰ ভাৰতী হৈছে দূৰদৰ্শন আৰু অল ইণ্ডিয়া ৰেডিঅ'ৰ জৰিয়তে দেশৰ দূৰৱৰ্তী অঞ্চলৰ লোকসকলৰ বাবে তথ্য, শিক্ষা, মনোৰঞ্জন আৰু ইয়াত অংশগ্ৰহণৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মাধ্যম। প্ৰসাৰ ভাৰতীয়ে জনস্বাস্থ্য বাৰ্তা প্ৰচাৰ কৰাত আৰু ক’ভিড মহামাৰীৰ সময়ত ৰাইজক সজাগ কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

এই বিআইএনডি আঁচনিয়ে ৰাজহুৱা সম্প্ৰচাৰক উন্নত আন্তঃগাঁথনিৰ সৈতে ইয়াৰ সুবিধাসমূহ ব্যাপকভাৱে উন্নীত কৰাত সক্ষম কৰি তুলিব। ইয়াৰ দ্বাৰা শ্ৰোতা আৰু দৰ্শকসকলক উচ্চ মানদণ্ডৰ সমল প্ৰদান কৰিব পৰা যাব আৰু সেইবোৰৰ প্ৰচাৰ-প্ৰসাৰ যথেষ্ট সম্প্ৰসাৰিত কৰিব। ইয়াৰ ভিতৰত থাকিব বাওঁপন্থী উগ্ৰবাদ প্ৰভাৱিত এলেকা, সীমান্ত আৰু বিভিন্ন কৌশলগত তথা স্পৰ্শকাতৰ এলেকা। এই আঁচনিখনৰ আন এক মুখ্য অগ্ৰাধিকাৰযোগ্য ক্ষেত্ৰ হ'ল ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় দৰ্শকৰ বাবে উচ্চ মানদণ্ডৰ সমল বিকশিত কৰি বিভিন্ন স্বাদৰ সমলৰ উপলব্ধতা নিশ্চিত কৰা আৰু অধিক চেনেল একেলগে ধৰি ৰখাৰ বাবে ডিটিএইচ প্লেটফৰ্মৰ ক্ষমতা উন্নীত কৰা। এইচডি পৰ্যায়ত দূৰদৰ্শন আৰু অল ইণ্ডিয়া ৰেডিঅ’ৰ ষ্টুডিঅ' নিৰ্মাণ, অ'বি ভান ক্ৰয় আৰু ডিজিটেল উন্নীতকৰণো প্ৰকল্পটোত অন্তৰ্ভুক্ত কৰা হ'ব।

উল্লেখ্য যে বৰ্তমান, দূৰদৰ্শনে ২৮ টা আঞ্চলিক চেনেলসহ ৩৬ টা টিভি চেনেল পৰিচালনা কৰে আৰু অল ইণ্ডিয়া ৰেডিঅ'ই ৫০০ ৰো অধিক সম্প্ৰচাৰ কেন্দ্ৰ পৰিচালনা কৰি আছে। এই আঁচনিয়ে ভৌগোলিক এলেকাৰ দ্বাৰা দেশত অল ইণ্ডিয়া ৰেডিঅ’ৰ এফএম ট্ৰেন্সমিটাৰসমূহে সামৰি লোৱা এলেকা ৫৯ শতাংশৰ পৰা ৬৬ শতাংশলৈ বৃদ্ধি কৰিব আৰু ইয়াৰ যোগেদি জনসংখ্যাৰ দিশেৰেও ৬৮ শতাংশৰ পৰা ৮০ শতাংশলৈ বৃদ্ধি কৰিব। এই আঁচনিখনত দূৰৱৰ্তী, জনজাতীয়, বাওঁপন্থী উগ্ৰবাদ প্ৰভাৱিত আৰু সীমান্ত অঞ্চলত বাস কৰা লোকসকলক ৮ লাখতকৈও অধিক ডিডি বিনামূলীয়া ডিশ্ব – STB বিনামূলীয়াকৈ বিতৰণ কৰাৰ পৰিকল্পনা কৰা হৈছে।

ৰাজহুৱা সম্প্ৰচাৰৰ পৰিসৰ বহল কৰাৰ উপৰিও, সম্প্ৰচাৰ সঁজুলিৰ যোগান আৰু স্থাপন সম্পৰ্কীয় নিৰ্মাণ আৰু সেৱাৰ জৰিয়তে পৰোক্ষ নিযুক্তি সৃষ্টি কৰাৰো সম্ভাৱনা আছে। টিভি/ৰেডিঅ'ৰ বিভিন্ন সমল প্ৰযোজনা, ট্ৰেন্সমিচন আৰু সহযোগী মিডিয়া সম্পৰ্কীয় সেৱাকে ধৰি বিভিন্ন সমল সৃষ্টিৰ ক্ষেত্ৰত অভিজ্ঞ ব্যক্তিসকলৰ বাবে আৰু বিভিন্ন ধৰণৰ সৃষ্টিশীল সমলৰ প্ৰস্তুত কৰিবৰ বাবে অল ইণ্ডিয়া ৰেডিঅ’ আৰু দূৰদৰ্শনত যথেষ্ট পৰোক্ষ নিযুক্তিৰো সুযোগ সৃষ্টি হ’ব। ইয়াৰ উপৰি, ডিডি ফ্ৰী ডিশ্বৰ প্ৰসাৰ সম্প্ৰসাৰিত কৰাৰ এই প্ৰকল্পটোৱে ডিডি ফ্ৰী ডিছ ডিটিএইচ ছেটটপ বক্স নিৰ্মাণৰ ক্ষেত্ৰতো নিযুক্তিৰ সুযোগ সৃষ্টি কৰিব বুলি ধাৰণা কৰা হৈছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমবাসীৰ অপৰিসীম আস্থা, বিশ্বাস আৰু আশীৰ্বাদ শিৰত লৈ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিলে ড° হিমন্ত বিশ্ব শৰ্মাই
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সুস্বাস্থ্য কামনা আৰু নতুন চৰকাৰৰ কুশলাৰ্থে পুৰণিগুদামৰ ঐতিহাসিক মছজিদত সমূহীয়া দোৱা
৩ দুৰ্ধৰ্ষ ডকাইত ইউচুফ আলী, চানোৱাৰ হুছেইন আৰু তাইবুৰ আলীক গ্ৰেপ্তাৰ বশিষ্ঠ আৰক্ষীৰ
আজি অসমত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান; দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড° হিমন্ত বিশ্ব শৰ্মাই
ঔষধি গুণেৰে ভৰপূৰ তিয়ঁহ; উপকাৰিতা জানিলে আচৰিত হ’ব
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
ঔষধি গুণেৰে ভৰপূৰ তিয়ঁহ; উপকাৰিতা জানিলে আচৰিত হ’ব
আজি অসমত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান; দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড° হিমন্ত বিশ্ব শৰ্মাই