--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দেশৰ আটাইতকৈ শক্তিশালী ব্যক্তি হিচাপে পুনৰ চিহ্নিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দেশক শক্তিশালীভাৱে নেতৃত্ব দিয়া তথা বিজেপিক ইটোৰ পাছত সিটো জয়ৰ সোৱাদ দিবলৈ সক্ষম হোৱা মোদীক লৈ ভাৰতীয়সকলৰ লগতে বিশ্ব সম্প্ৰদায়ৰ আগ্ৰহ তথা আস্থাও সম্প্ৰতিক সময়ত বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে। এনে পৰিপ্ৰেক্ষিততে প্ৰধানমন্ত্ৰী মোদীক এই সময়ৰ দেশৰ আটাইতকৈ শক্তিশালী ব্যক্তি বুলি চিহ্নিত কৰা হৈছে।

‘ইণ্ডিয়ান এক্সপ্ৰেছ পাৱাৰ লিষ্ট ২০২২’ত নৰেন্দ্ৰ মোদীয়ে স্থান আটাইতকৈ শক্তিশালী নেতা হিচাপে আন এবছৰলৈ সুৰক্ষিত হৈ ৰৈছে। ১৩০ কোটি বাসিন্দাৰ এখন দেশ পৰিচালনা কৰা, দেশক ক’ভিডবিৰোধী যুঁজত নেতৃত্ব দিয়া, ক’ভিড প্ৰতিৰোধী লকডাউনৰ সফল বলৱৎ কৰা তথা ভাৰতত থলুৱা ক’ভিড-১৯ ভেকছিন বিকশিত আৰু বিতৰণৰ ব্যৱস্থা কৰাৰ দৰে বিষয়ত সফলতাই মোদীৰ কৃতিত্বক অধিক সমুজ্জ্বল কৰি তুলিছে। নৰেন্দ্ৰ মোদীয়ে আঠ বছৰ আগতে দায়িত্ব গ্ৰহণ কৰাৰ পাছৰে পৰা ভাৰতৰ ৰাজনৈতিক দৃশ্যপটত আগতকৈ অধিক প্ৰভাৱশালী আৰু কৰ্তৃত্ব বিস্তাৰ কৰিবলৈ সক্ষম হোৱাটো প্ৰমাণ হৈছে।। লগতে অতি শেহতীয়াকৈ, যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰা ২২,০০০ তকৈও অধিক যুৱ ভাৰতীয়ক দেশলৈ ঘূৰাই অনাৰ ক্ষেত্ৰত গ্ৰহণ কৰা ভূমিকাৰ বাবেও তেওঁ প্ৰশংসিত হৈছে।

প্ৰধানমন্ত্ৰী মোদীৰ পাছতে গৃহমন্ত্ৰী অমিত শ্বাহে স্থান লাভ কৰিছে। জে পি নাড্ডাৰ ৰূপত বিজেপিত এগৰাকী নতুন সভাপতি থকা স্বত্বেও শ্বাহে দলটোত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰি আছে। তৃতীয় স্থানত আছে আৰএছএছৰ মুৰব্বী মোহন ভাগৱত। জেপি নাড্ডা চতুৰ্থ স্থানত আছে। দেশৰ আটাইতকৈ ধনী পুঁজিপতি মুকেশ আম্বানী আছে পঞ্চন স্থানত।

ষষ্ঠ স্থানত আছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, যিয়ে শেহতীয়াকৈ ৰাজ্যখনত অনুষ্ঠিত বিধানসভা নিৰ্বাচনত ইতিহাস ৰচনা কৰি বিজেপিক একেৰাহে দ্বিতীয়বাৰৰ বাবে শাসনলৈ নেতৃত্ব দিবলৈ সক্ষম হৈছিল। যোগীৰ পিছত গৌতম আদানিৰ নাম সন্নিৱিষ্ট হৈছে। শেহতীয়াকৈ যিসকল উদ্যোগপতিয়ে দেশত ব্যাপক প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে সেইসকলৰ ভিতৰত আদানী হৈছে অগ্ৰণী। তেওঁ দেশৰ ব্যৱসায়িক ক্ষেত্ৰখনত বিশেষ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। ইফালে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে অষ্টম স্থান দখল কৰিছে। দেশৰ সুৰক্ষাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰি অহা ডোভালে এতিয়া দেশৰ নিৰাপত্তাৰ সৈতে জড়িত বিষয়বোৰত আটইতকৈ কাৰ্যকৰী ভূমিকা গ্ৰহণ কৰি আহিছে। আৰু তাৰ পাছতে অৰ্থাৎ নৱম আৰু দশম স্থানত আছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ।

ইফালে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই তালিকাৰ ৩২সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে, ২০২১ চনত তেওঁ এই তালিকাৰ ৬০সংখ্যক স্থানত আছিল। মুখ্যমন্ত্ৰীৰ আসনত বহিবলৈ সক্ষম হোৱাৰ পাছতে তেওঁ ক্ষমতাৰ পৰিসৰ আৰু শক্তি অধিক বৃদ্ধি হোৱাটো এই তালিকাত প্ৰতিপন্ন কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাত বিপদৰ সম্মুখীন হৈছে প্রায় ২০ হাজাৰ প্ৰব্ৰজিত শিশু; বিতাৰণৰ প্ৰবল সম্ভাৱনা
‘ষ্টাৰ চিমেণ্ট’ক ৯০লাখ টকাৰ লুণ্ঠন চাইবাৰ চক্ৰৰ; চিআইডিৰ তৎপৰতাত উদ্ধাৰ সমগ্ৰ ধন
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ