--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আজিকালি বেছিভাগ মানুহেই মোজাবিহীন জোতা পিন্ধি ভালপায়। এই অভ্যাস যুৱক-যুৱতীসকলৰ মাজত অধিক দেখা যায়। মোজা নিপিন্ধাকৈ জোতা পিন্ধিলে ভৰিৰ গোন্ধ ওলোৱাই নহয়, স্বাস্থ্যৰো ক্ষতি হয়। ইয়াৰ বাবে জোতাটোও সোনকালে নষ্ট হয়। মোজা নিপিন্ধাকৈ জোতা পিন্ধিলে কি কি অসুবিধা হয় জানো আহক।

 ১. তেজৰ সঞ্চালনৰ সমস্যা-

মোজা নিপিন্ধাকৈ জোতা পিন্ধিলে ভৰিৰ ক্ষতিৰ আশংকা হোৱাই নহয়, শৰীৰত তেজ চলাচলৰ প্ৰক্ৰিয়াতো প্ৰভাৱ পেলাব পাৰে। আচলতে মোজা পিন্ধাকৈ জোতা পিন্ধিলে ভৰিৰ অংশত অধিক চাপ অনুভৱ হয় আৰু তেজৰ সঞ্চালনত প্ৰভাৱ পৰে।

 ২. এলাৰ্জীৰ সমস্যা-

মোজা পিন্ধাকৈ জোতা পিন্ধা লোকৰ ভৰিৰ এলাৰ্জীৰ সমস্যাও হ’ব পাৰে। আচলতে কিছুমান মানুহৰ ছাল অতি সংবেদনশীল আৰু চামৰাৰে তৈয়াৰী কৃত্ৰিম সামগ্ৰীৰ প্ৰত্যক্ষ সংস্পৰ্শৰ বাবে তেওঁলোকৰ পৰাও এলাৰ্জী আৰম্ভ হ’ব পাৰে। বহু লোকৰ ভৰিৰ ঘাম ওলোৱাটোৱেও সমস্যাৰ সৃষ্টি কৰিব পাৰে।

 ৩. ভেঁকুৰৰ সংক্ৰমণৰ আশংকা-

স্বাস্থ্যৰ একাংশ খবৰ অনুসৰি এজন সাধাৰণ মানুহৰ ভৰিৰ পৰা দৈনিক প্ৰায় ৩০০ মিলিলিটাৰ ঘাম ওলায়। যদিহে মোজা পিন্ধাকৈ জোতা পিন্ধা হয়, তেন্তে এই ঘামৰ ফলত আৰ্দ্ৰতা বৃদ্ধি হোৱাটো স্পষ্ট, যাৰ ফলত বহু ধৰণৰ বেক্টেৰিয়া বা আনকি ভেঁকুৰৰ সংক্ৰমণও হ’ব পাৰে।

 ৪. ভৰিত ফোহা ওলাব পাৰে-

প্ৰায়ে আপুনি নিশ্চয় শুনিছে যে জোতাৰ বাবে ভৰিত ফোহা ওলাইছে বা বহু ঠাইত জোতাৰ কামোৰা বুলিও কোৱা হয়। মোজা নিপিন্ধাকৈ জোতা পিন্ধিলে এই সমস্যাৰ সম্ভাৱনা বহু পৰিমাণে বৃদ্ধি পায়।

 এইবোৰৰ বিশেষ যত্ন লওক-

* সদায় উন্নত মানৰ জোতা পিন্ধিব।

* জোতা টান বা ঢিলা হ’ব নালাগে।

* উন্নত মানৰ মোজা ব্যৱহাৰ কৰিব।

* দৈনিক মোজা সলনি কৰা অভ্যাস গঢ়ি তুলিব।









FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু