--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আজিকালি বেছিভাগ মানুহেই মোজাবিহীন জোতা পিন্ধি ভালপায়। এই অভ্যাস যুৱক-যুৱতীসকলৰ মাজত অধিক দেখা যায়। মোজা নিপিন্ধাকৈ জোতা পিন্ধিলে ভৰিৰ গোন্ধ ওলোৱাই নহয়, স্বাস্থ্যৰো ক্ষতি হয়। ইয়াৰ বাবে জোতাটোও সোনকালে নষ্ট হয়। মোজা নিপিন্ধাকৈ জোতা পিন্ধিলে কি কি অসুবিধা হয় জানো আহক।

 ১. তেজৰ সঞ্চালনৰ সমস্যা-

মোজা নিপিন্ধাকৈ জোতা পিন্ধিলে ভৰিৰ ক্ষতিৰ আশংকা হোৱাই নহয়, শৰীৰত তেজ চলাচলৰ প্ৰক্ৰিয়াতো প্ৰভাৱ পেলাব পাৰে। আচলতে মোজা পিন্ধাকৈ জোতা পিন্ধিলে ভৰিৰ অংশত অধিক চাপ অনুভৱ হয় আৰু তেজৰ সঞ্চালনত প্ৰভাৱ পৰে।

 ২. এলাৰ্জীৰ সমস্যা-

মোজা পিন্ধাকৈ জোতা পিন্ধা লোকৰ ভৰিৰ এলাৰ্জীৰ সমস্যাও হ’ব পাৰে। আচলতে কিছুমান মানুহৰ ছাল অতি সংবেদনশীল আৰু চামৰাৰে তৈয়াৰী কৃত্ৰিম সামগ্ৰীৰ প্ৰত্যক্ষ সংস্পৰ্শৰ বাবে তেওঁলোকৰ পৰাও এলাৰ্জী আৰম্ভ হ’ব পাৰে। বহু লোকৰ ভৰিৰ ঘাম ওলোৱাটোৱেও সমস্যাৰ সৃষ্টি কৰিব পাৰে।

 ৩. ভেঁকুৰৰ সংক্ৰমণৰ আশংকা-

স্বাস্থ্যৰ একাংশ খবৰ অনুসৰি এজন সাধাৰণ মানুহৰ ভৰিৰ পৰা দৈনিক প্ৰায় ৩০০ মিলিলিটাৰ ঘাম ওলায়। যদিহে মোজা পিন্ধাকৈ জোতা পিন্ধা হয়, তেন্তে এই ঘামৰ ফলত আৰ্দ্ৰতা বৃদ্ধি হোৱাটো স্পষ্ট, যাৰ ফলত বহু ধৰণৰ বেক্টেৰিয়া বা আনকি ভেঁকুৰৰ সংক্ৰমণও হ’ব পাৰে।

 ৪. ভৰিত ফোহা ওলাব পাৰে-

প্ৰায়ে আপুনি নিশ্চয় শুনিছে যে জোতাৰ বাবে ভৰিত ফোহা ওলাইছে বা বহু ঠাইত জোতাৰ কামোৰা বুলিও কোৱা হয়। মোজা নিপিন্ধাকৈ জোতা পিন্ধিলে এই সমস্যাৰ সম্ভাৱনা বহু পৰিমাণে বৃদ্ধি পায়।

 এইবোৰৰ বিশেষ যত্ন লওক-

* সদায় উন্নত মানৰ জোতা পিন্ধিব।

* জোতা টান বা ঢিলা হ’ব নালাগে।

* উন্নত মানৰ মোজা ব্যৱহাৰ কৰিব।

* দৈনিক মোজা সলনি কৰা অভ্যাস গঢ়ি তুলিব।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক