--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল‌ ডেস্ক : খৰাঙৰ কবলত পৰিছে ইউৰোপ। নদীবোৰ এফালৰ পৰা শুকাই গৈ আছে আৰু সেইবোৰৰ পৰা এনে বহুতো বস্তু ওলাই আহিছে যিবোৰ প্ৰাচীন কালত হেৰাই গৈছিল। এলবে নদীৰ পাৰত এনে কিছুমান শিল ওলাই আহিছে, য’ত আগন্তুক খৰাংৰ সতৰ্কবাণী খোদিত কৰা হৈছিল

ইউৰোপ বৰ্তমান এক ভয়াৱহ খৰাং পৰিস্থিতিৰ মাজেৰে পাৰ হৈ আছে, কিন্তু যুগ যুগ ধৰি আগতে এই কঠিন সময়খিনি সতৰ্ক কৰি দিয়া হৈছিল, যিটো এতিয়া নদীবোৰ শুকাই যোৱাৰ বাবে চৰ্চালৈ আহিছে। যুগ যুগ ধৰি এই কঠিন সময়ৰ বিষয়ে ভৱিষ্যত প্ৰজন্মক সতৰ্ক কৰি দিবলৈ শিলবোৰত সতৰ্কবাণী খোদিত কৰা হৈছিল। স্থানীয় লোকে কয় যে খৰাঙৰ ফলত নদীবোৰ শুকাই যোৱাৰ লগে লগে শেহতীয়াকৈহে ‘হাংগাৰ ষ্ট'ন’ নামেৰে জনাজাত শতিকা পুৰণি শিলবোৰ দৃশ্যমান হ’ল৷

২০১৮ চনতো এই শিলবোৰ নদীৰ পৰা ওলাই আহিবলৈ আৰম্ভ কৰে। তেনে এটা শিল এলবে নদীৰ পাৰত আছে। চেক গণৰাজ্যৰ পৰা আৰম্ভ হোৱা এলবে নদী জাৰ্মানীৰ মাজেৰে বৈ যায়। ইয়াৰ পৰা ওলোৱা শিলটো ১৬১৬ চনৰ আৰু ইয়াত জাৰ্মান ভাষাত এটা সতৰ্কবাণী খোদিত কৰা হৈছে। তাত লিখা আছে ‘ৱেন ডু মিচ চেহষ্ট, ডান ৱেইন’ মানে 'মোক দেখিলে কান্দিব!'

২০১৩ চনত কৰা এক গৱেষণাৰ মতে, এই শিলবোৰ কঠিন সময়ৰ বছৰবোৰত খোদিত কৰা হৈছিল, আৰু যিসকলে লিখিছিল তেওঁলোকে ইতিহাসৰ ক’ৰবাত হেৰাই গৈছে। এই শিলালিপিত খৰাং পৰিস্থিতিৰ পৰিণতিৰ বিষয়ে সতৰ্কবাণী দিয়া হৈছে।

গৱেষকসকলে লিখিছে যে এই শিলালিপিসমূহে কয়  খৰাঙৰ ফলত শস্যৰ বিকলতা, খাদ্যৰ নাটনি, মূল্য বৃদ্ধি আৰু দুখীয়া লোকসকল অনাহাৰে মৃত্যুমুখত পৰিছে। শিলালিপিত লিখা আছে যে ১৯০০ বছৰৰ পূৰ্বে, ১৪১৭, ১৬১৬, ১৭০৭, ১৭৪৬, ১৭৯০, ১৮০০, ১৮১১, ১৮৩০, ১৮৪২, ১৮৬৮, ১৮৯২ আৰু ১৮৯৩ এই বছৰবোৰত খৰাং পৰিস্থিতি হৈছিল।

এন পি আৰৰ মতে, ২০১৮ চনৰ খৰাং পৰিস্থিতিত শেষবাৰৰ বাবে এই জলবিজ্ঞানৰ ল্যাণ্ডমাৰ্কসমূহ উন্মোচিত হৈছিল। কিন্তু ইউৰোপীয় আয়োগৰ যুটীয়া গৱেষণা কেন্দ্ৰৰ জ্যেষ্ঠ গৱেষক আন্দ্ৰেয়া টৰেট্টিৰ মতে ইউৰোপে বৰ্তমান যি খৰাং পৰিস্থিতিৰ সন্মুখীন হৈছে, সেয়া ৫০০ বছৰৰ ভিতৰত আটাইতকৈ ভয়াৱহ খৰাং হ’ব পাৰে । অহা তিনিমাহত পৰিস্থিতি অধিক ভয়াৱহ হ’ব পাৰে বুলিও তেওঁ কয়৷

ইউৰোপীয় ড্ৰাফট অবজাৰ্ভেটৰীৰ তথ্য অনুসৰি ইউৰোপৰ ৪৭ শতাংশ অঞ্চল খৰাং পৰিস্থিতিত পৰিছে। ১৭ শতাংশ অঞ্চল সষ্টম হৈ আছে, অৰ্থাৎ মাটিত আৰ্দ্ৰতাৰ অভাৱ, শস্য আৰু গছ-গছনি ক্ষতিগ্ৰস্ত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু