--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল‌ ডেস্ক : খৰাঙৰ কবলত পৰিছে ইউৰোপ। নদীবোৰ এফালৰ পৰা শুকাই গৈ আছে আৰু সেইবোৰৰ পৰা এনে বহুতো বস্তু ওলাই আহিছে যিবোৰ প্ৰাচীন কালত হেৰাই গৈছিল। এলবে নদীৰ পাৰত এনে কিছুমান শিল ওলাই আহিছে, য’ত আগন্তুক খৰাংৰ সতৰ্কবাণী খোদিত কৰা হৈছিল

ইউৰোপ বৰ্তমান এক ভয়াৱহ খৰাং পৰিস্থিতিৰ মাজেৰে পাৰ হৈ আছে, কিন্তু যুগ যুগ ধৰি আগতে এই কঠিন সময়খিনি সতৰ্ক কৰি দিয়া হৈছিল, যিটো এতিয়া নদীবোৰ শুকাই যোৱাৰ বাবে চৰ্চালৈ আহিছে। যুগ যুগ ধৰি এই কঠিন সময়ৰ বিষয়ে ভৱিষ্যত প্ৰজন্মক সতৰ্ক কৰি দিবলৈ শিলবোৰত সতৰ্কবাণী খোদিত কৰা হৈছিল। স্থানীয় লোকে কয় যে খৰাঙৰ ফলত নদীবোৰ শুকাই যোৱাৰ লগে লগে শেহতীয়াকৈহে ‘হাংগাৰ ষ্ট'ন’ নামেৰে জনাজাত শতিকা পুৰণি শিলবোৰ দৃশ্যমান হ’ল৷

২০১৮ চনতো এই শিলবোৰ নদীৰ পৰা ওলাই আহিবলৈ আৰম্ভ কৰে। তেনে এটা শিল এলবে নদীৰ পাৰত আছে। চেক গণৰাজ্যৰ পৰা আৰম্ভ হোৱা এলবে নদী জাৰ্মানীৰ মাজেৰে বৈ যায়। ইয়াৰ পৰা ওলোৱা শিলটো ১৬১৬ চনৰ আৰু ইয়াত জাৰ্মান ভাষাত এটা সতৰ্কবাণী খোদিত কৰা হৈছে। তাত লিখা আছে ‘ৱেন ডু মিচ চেহষ্ট, ডান ৱেইন’ মানে 'মোক দেখিলে কান্দিব!'

২০১৩ চনত কৰা এক গৱেষণাৰ মতে, এই শিলবোৰ কঠিন সময়ৰ বছৰবোৰত খোদিত কৰা হৈছিল, আৰু যিসকলে লিখিছিল তেওঁলোকে ইতিহাসৰ ক’ৰবাত হেৰাই গৈছে। এই শিলালিপিত খৰাং পৰিস্থিতিৰ পৰিণতিৰ বিষয়ে সতৰ্কবাণী দিয়া হৈছে।

গৱেষকসকলে লিখিছে যে এই শিলালিপিসমূহে কয়  খৰাঙৰ ফলত শস্যৰ বিকলতা, খাদ্যৰ নাটনি, মূল্য বৃদ্ধি আৰু দুখীয়া লোকসকল অনাহাৰে মৃত্যুমুখত পৰিছে। শিলালিপিত লিখা আছে যে ১৯০০ বছৰৰ পূৰ্বে, ১৪১৭, ১৬১৬, ১৭০৭, ১৭৪৬, ১৭৯০, ১৮০০, ১৮১১, ১৮৩০, ১৮৪২, ১৮৬৮, ১৮৯২ আৰু ১৮৯৩ এই বছৰবোৰত খৰাং পৰিস্থিতি হৈছিল।

এন পি আৰৰ মতে, ২০১৮ চনৰ খৰাং পৰিস্থিতিত শেষবাৰৰ বাবে এই জলবিজ্ঞানৰ ল্যাণ্ডমাৰ্কসমূহ উন্মোচিত হৈছিল। কিন্তু ইউৰোপীয় আয়োগৰ যুটীয়া গৱেষণা কেন্দ্ৰৰ জ্যেষ্ঠ গৱেষক আন্দ্ৰেয়া টৰেট্টিৰ মতে ইউৰোপে বৰ্তমান যি খৰাং পৰিস্থিতিৰ সন্মুখীন হৈছে, সেয়া ৫০০ বছৰৰ ভিতৰত আটাইতকৈ ভয়াৱহ খৰাং হ’ব পাৰে । অহা তিনিমাহত পৰিস্থিতি অধিক ভয়াৱহ হ’ব পাৰে বুলিও তেওঁ কয়৷

ইউৰোপীয় ড্ৰাফট অবজাৰ্ভেটৰীৰ তথ্য অনুসৰি ইউৰোপৰ ৪৭ শতাংশ অঞ্চল খৰাং পৰিস্থিতিত পৰিছে। ১৭ শতাংশ অঞ্চল সষ্টম হৈ আছে, অৰ্থাৎ মাটিত আৰ্দ্ৰতাৰ অভাৱ, শস্য আৰু গছ-গছনি ক্ষতিগ্ৰস্ত হৈছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
প্রবীণ অভিনেতা-প্রযোজক ধীৰাজ কুমাৰৰ মৃত্যু
ক্ৰিকেটেৰে আৰম্ভ হ'ব অলিম্পিক
শ্বাহৰূখৰ সৈতে বিবাহ, উদিতৰ সৈতে প্ৰেম...৬ বছৰীয়া কন্যা সন্তানক হত্যা কৰি প্ৰেমিকৰ সৈতে কৰিলে পাৰ্টী
ডিমা হাছাওত প্ৰচণ্ড ভূমিস্খলনত দুই জন লোকৰ মৃত্যু
পিতৃ-মাতৃ হ’ল সিদ্ধাৰ্থ-কিয়াৰা, অনুৰাগীৰ মাজত আনন্দৰ লহৰ
মণিপুৰত আৰক্ষী বৃহৎ তালাচীত ৮৬টা অস্ত্র, ৯৭৪টা গ্ৰেনেড-গোলা উদ্ধাৰ
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে