--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃতালিবান শাসিত আফগানিস্তান পুনৰ কঁপি উঠিল ভয়ংকৰ বোমা বিস্ফোৰণত৷  দেশ খনৰ এটা মছজিদত নামাজৰ  সময়তে সংঘটিত প্ৰচণ্ড বোমা বিস্ফোৰণত এতিয়ালৈকে কমেও ২১ জন লোক নিহত হৈছে৷ নিহতৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে৷ 

প্ৰাপ্ত খবৰ অনুসৰি আফগানিস্তানৰ কাবুলৰ খাইৰ খানা অঞ্চলৰ এটা মছজিদত ভয়ংকৰ বিস্ফোৰণটো সংঘটিত হয়৷ আল জাজিৰাই এজন চৰকাৰী  বিষয়াৰ উদ্ধৃতি দি জনাইছে যে বিস্ফোৰণটোত কমেও ২১ জন লোক নিহত হৈছে। তালিবানৰ এজন চোৰাংচোৱা বিষয়াই সংবাদ সংস্থা ৰয়টাৰক কয় যে প্ৰায় ৩৫ জন লোক আহত বা নিহত হ'ব পাৰে,  এই সংখ্যা আৰু বৃদ্ধি পাব পাৰে। 

শক্তিশালী বিস্ফোৰণটোৰ ফলত মছজিদটোৰ  ওচৰৰে অট্টালিকাবোৰৰ খিৰিকীৰ আইনা থন থনকৈ ভাগি পৰে৷ বিস্ফোৰণৰ খবৰ পোৱাৰ পিছতে আৰক্ষীৰ এটা বৃহৎ দল গৈ ঘটনাস্থলীত উপস্থিত হয়৷ আহত লোকসকলক ততাতৈয়াকৈ এম্বুলেন্সেৰে চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰা হয়৷  

কাবুলত চৰকাৰী বিষয়াএগৰাকীয়ে প্ৰকাশ কৰা মতে বিস্ফোৰণটোত কিমান লোক হতাহত হৈছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই৷  কাবুল আৰক্ষীৰ মুখপাত্ৰ খালিদ জাদৰানে কয় যে বিস্ফোৰণটো কোনে সংঘটিত কৰিছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই৷ 

কোনো সংগঠনে এতিয়ালৈকে বিস্ফোৰণটোৰ দায়িত্ব স্বীকাৰ কৰা নাই৷ নিহতসকলৰ ভিতৰত মছজিদৰ ইমামগৰাকীও আছে বুলি জানিব পৰা গৈছে৷ চোৰাংচোৱা সংস্থাসমূহে  বিস্ফোৰণস্থলীত উপস্থিত হৈ  অনুসন্ধান আৰম্ভ কৰিছে।

উল্লেখ্য বিগত বৰ্ষৰ ২১ এপ্ৰিলত  আফগানিস্তানৰ মাজাৰ-ই-শ্বৰীফৰ এটা মছজিদত সংঘটিত বিস্ফোৰণত কমেও ১৬ লোক নিহত হৈছিল। ইছলামিক ষ্টেট গোটে বোমা বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছিল৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ