--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃতালিবান শাসিত আফগানিস্তান পুনৰ কঁপি উঠিল ভয়ংকৰ বোমা বিস্ফোৰণত৷  দেশ খনৰ এটা মছজিদত নামাজৰ  সময়তে সংঘটিত প্ৰচণ্ড বোমা বিস্ফোৰণত এতিয়ালৈকে কমেও ২১ জন লোক নিহত হৈছে৷ নিহতৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে৷ 

প্ৰাপ্ত খবৰ অনুসৰি আফগানিস্তানৰ কাবুলৰ খাইৰ খানা অঞ্চলৰ এটা মছজিদত ভয়ংকৰ বিস্ফোৰণটো সংঘটিত হয়৷ আল জাজিৰাই এজন চৰকাৰী  বিষয়াৰ উদ্ধৃতি দি জনাইছে যে বিস্ফোৰণটোত কমেও ২১ জন লোক নিহত হৈছে। তালিবানৰ এজন চোৰাংচোৱা বিষয়াই সংবাদ সংস্থা ৰয়টাৰক কয় যে প্ৰায় ৩৫ জন লোক আহত বা নিহত হ'ব পাৰে,  এই সংখ্যা আৰু বৃদ্ধি পাব পাৰে। 

শক্তিশালী বিস্ফোৰণটোৰ ফলত মছজিদটোৰ  ওচৰৰে অট্টালিকাবোৰৰ খিৰিকীৰ আইনা থন থনকৈ ভাগি পৰে৷ বিস্ফোৰণৰ খবৰ পোৱাৰ পিছতে আৰক্ষীৰ এটা বৃহৎ দল গৈ ঘটনাস্থলীত উপস্থিত হয়৷ আহত লোকসকলক ততাতৈয়াকৈ এম্বুলেন্সেৰে চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰা হয়৷  

কাবুলত চৰকাৰী বিষয়াএগৰাকীয়ে প্ৰকাশ কৰা মতে বিস্ফোৰণটোত কিমান লোক হতাহত হৈছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই৷  কাবুল আৰক্ষীৰ মুখপাত্ৰ খালিদ জাদৰানে কয় যে বিস্ফোৰণটো কোনে সংঘটিত কৰিছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই৷ 

কোনো সংগঠনে এতিয়ালৈকে বিস্ফোৰণটোৰ দায়িত্ব স্বীকাৰ কৰা নাই৷ নিহতসকলৰ ভিতৰত মছজিদৰ ইমামগৰাকীও আছে বুলি জানিব পৰা গৈছে৷ চোৰাংচোৱা সংস্থাসমূহে  বিস্ফোৰণস্থলীত উপস্থিত হৈ  অনুসন্ধান আৰম্ভ কৰিছে।

উল্লেখ্য বিগত বৰ্ষৰ ২১ এপ্ৰিলত  আফগানিস্তানৰ মাজাৰ-ই-শ্বৰীফৰ এটা মছজিদত সংঘটিত বিস্ফোৰণত কমেও ১৬ লোক নিহত হৈছিল। ইছলামিক ষ্টেট গোটে বোমা বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছিল৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু