--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী স্মৃতি ইৰাণীয়ে টুইটাৰযোগে এটা সংবাদ সংস্থাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে। তেওঁ দাবী কৰে যে এটা প্ৰতিষ্ঠিত সংবাদ সংস্থাৰ নামত প্ৰচাৰিত এখন ফটো প্ৰকৃততে তেওঁ তুলিছিল আৰু সেই ফটো তেওঁলোকে প্ৰচাৰ কৰা পাছতো তেওঁক কোনো ক্ৰেডিট নিদিলে। কেন্দ্ৰীয় কেবিনেটৰ স্মৃতি ইৰাণীয়ে সামাজিক মাধ্যমত যথেষ্ট ‘সক্ৰিয়’। তেওঁৰ নিজা টুইটাৰ একাউণ্টত নিয়মীয়াকৈ পোষ্ট কৰে। অনুসৰণকাৰীসকলৰ সৈতে নিয়মীয়া ভাৰ্চুৱেলী কথোপকথনো কৰে। ঘটনাটোৰ সুত্ৰপাত হৈছে এখন ফটোক লৈ। ফটোখন এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ বাতৰি কাকতত প্ৰকাশিত হৈছিল। ফটো ক্ৰেডিট হিচাপে সংশ্লিষ্ট সংবাদ সংস্থাটোৰ নাম আছে। স্মৃতিয়ে বাতৰি কাকতখনৰ সেই অংশটোৰ এখন ফটো তেওঁৰ টুইটাৰ একাউণ্টত পোষ্ট কৰিছিল। তেওঁ ওপৰৰ শিৰোনামটোত লিখিছিল যে যদিও এই ছবিখন তেওঁলোকে ব্যৱহাৰ কৰিছে, তথাপি তেওঁক ক্ৰেডিট দিয়া হোৱা নাই। অৱশ্যে, মন্ত্ৰীজনে বিষয়টোত কোনো গুৰুতৰ অভিযোগ উত্থাপন কৰা নাছিল। বৰঞ্চ, তেওঁ এই সকলোবোৰ ধেমেলীয়া ধৰণে কৰিছিল। ইয়াকে লৈ তেওঁৰ অনুসৰণকাৰীসকলেও ধেমেলীয়া মন্তব্যও কৰিছে। যোগী আদিত্যনাথে শুকুৰবাৰে একেৰাহে দ্বিতীয়বাৰৰ বাবে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিছিল। অনুষ্ঠানটোত হাজাৰ হাজাৰ লোক উপস্থিত আছিল। কেন্দ্ৰীয় চৰকাৰৰ শীৰ্ষ বিজেপিৰ নেতা আৰু মন্ত্ৰীও অনুষ্ঠানত উপস্থিত আছিল। উক্ত ফটোখন স্মৃতিয়ে তেতিয়াই তুলিছিল। যদিও স্মৃতি ইৰাণীয়ে নিজেই বিষয় উত্থাপন কৰিছে, তেওঁ ইয়াক লৈ কোনো বিতৰ্ক বা বিবাদত জড়িত হোৱা নাই। অৱশ্যে, কিছুমান টুইটাৰ ব্যৱহাৰকাৰীয়ে ধেমেলীয়া সুৰত লিখিছে যে ‘এই ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ দিল্লীৰ যন্তৰ মন্তৰত বহি প্ৰতিবাদ কৰিলে কেনে হ’ব! স্মৃতি ইৰাণীয়েও ধেমেলীয়া সুৰতে ইয়াক সন্মতি দিছে। prag cine awards 2022

FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য