--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী স্মৃতি ইৰাণীয়ে টুইটাৰযোগে এটা সংবাদ সংস্থাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে। তেওঁ দাবী কৰে যে এটা প্ৰতিষ্ঠিত সংবাদ সংস্থাৰ নামত প্ৰচাৰিত এখন ফটো প্ৰকৃততে তেওঁ তুলিছিল আৰু সেই ফটো তেওঁলোকে প্ৰচাৰ কৰা পাছতো তেওঁক কোনো ক্ৰেডিট নিদিলে। কেন্দ্ৰীয় কেবিনেটৰ স্মৃতি ইৰাণীয়ে সামাজিক মাধ্যমত যথেষ্ট ‘সক্ৰিয়’। তেওঁৰ নিজা টুইটাৰ একাউণ্টত নিয়মীয়াকৈ পোষ্ট কৰে। অনুসৰণকাৰীসকলৰ সৈতে নিয়মীয়া ভাৰ্চুৱেলী কথোপকথনো কৰে। ঘটনাটোৰ সুত্ৰপাত হৈছে এখন ফটোক লৈ। ফটোখন এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ বাতৰি কাকতত প্ৰকাশিত হৈছিল। ফটো ক্ৰেডিট হিচাপে সংশ্লিষ্ট সংবাদ সংস্থাটোৰ নাম আছে। স্মৃতিয়ে বাতৰি কাকতখনৰ সেই অংশটোৰ এখন ফটো তেওঁৰ টুইটাৰ একাউণ্টত পোষ্ট কৰিছিল। তেওঁ ওপৰৰ শিৰোনামটোত লিখিছিল যে যদিও এই ছবিখন তেওঁলোকে ব্যৱহাৰ কৰিছে, তথাপি তেওঁক ক্ৰেডিট দিয়া হোৱা নাই। অৱশ্যে, মন্ত্ৰীজনে বিষয়টোত কোনো গুৰুতৰ অভিযোগ উত্থাপন কৰা নাছিল। বৰঞ্চ, তেওঁ এই সকলোবোৰ ধেমেলীয়া ধৰণে কৰিছিল। ইয়াকে লৈ তেওঁৰ অনুসৰণকাৰীসকলেও ধেমেলীয়া মন্তব্যও কৰিছে। যোগী আদিত্যনাথে শুকুৰবাৰে একেৰাহে দ্বিতীয়বাৰৰ বাবে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিছিল। অনুষ্ঠানটোত হাজাৰ হাজাৰ লোক উপস্থিত আছিল। কেন্দ্ৰীয় চৰকাৰৰ শীৰ্ষ বিজেপিৰ নেতা আৰু মন্ত্ৰীও অনুষ্ঠানত উপস্থিত আছিল। উক্ত ফটোখন স্মৃতিয়ে তেতিয়াই তুলিছিল। যদিও স্মৃতি ইৰাণীয়ে নিজেই বিষয় উত্থাপন কৰিছে, তেওঁ ইয়াক লৈ কোনো বিতৰ্ক বা বিবাদত জড়িত হোৱা নাই। অৱশ্যে, কিছুমান টুইটাৰ ব্যৱহাৰকাৰীয়ে ধেমেলীয়া সুৰত লিখিছে যে ‘এই ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ দিল্লীৰ যন্তৰ মন্তৰত বহি প্ৰতিবাদ কৰিলে কেনে হ’ব! স্মৃতি ইৰাণীয়েও ধেমেলীয়া সুৰতে ইয়াক সন্মতি দিছে। prag cine awards 2022

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ