--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এজন জোঁৱাই ইমানেই দুৰ্ভগীয়া ওলাল যে তেওঁ শহুৰেকৰ ঘৰত নিৰ্মম প্ৰহাৰৰ সন্মুখীন হ'ল।

ডিজিটেল ডেস্কঃ এটা শহুৰেকৰ পৰিয়ালৰ নৃশংসতাৰ কাহিনী পোহৰলৈ আহিছে। আমাৰ ভাৰতীয় সমাজত জোঁৱাইৰ আদৰ-সাদৰ অতি বেছি। জোঁৱাই আহিছে বুলিলেই শহুৰেকৰ ঘৰৰ মানুহৰ গা সাতখন-আঠখন হয়। কিন্তু এজন জোঁৱাই ইমানেই দুৰ্ভগীয়া ওলাল যে তেওঁ শহুৰেকৰ ঘৰত নিৰ্মম প্ৰহাৰৰ সন্মুখীন হ'ল। 


এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ বাঘপাটত। অভিযোগ অনুসৰি, তেওঁ তেওঁৰ পত্নীক ‘অচিনাকি বন্ধু’ৰ সৈতে হলিগলি কৰাত বাধা দিছিল। সেই কথাতে তেওঁক নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল শহুৰৰ ঘৰে। জোঁৱাইক ইমানেই বেয়াকৈ কৰিলে প্ৰহাৰ কৰিছিল যে তেওঁৰ মুখখন তেজেৰে লুতুৰি-পুতুৰি হৈ পৰিছিল আৰু তেওঁৰ চিঞৰবোৰ গোটেই ৰাস্তাটোত প্ৰতিধ্বনিত হৈছিল। 


এই ঘটনাৰ চিচিটিভি ফুটেজো ওলাইছে, য’ত মাত্ৰ ২৫ ছেকেণ্ডত ৩৫টা ঘোচা মৰা দেখিবলৈ পোৱা গৈছে। এজন যুৱকে অবিৰতভাৱে জোঁৱাইৰ মুখত ঘোচা মাৰি থকাৰ বিপৰীতে আনজনে মাটিৰ পৰা শিল তুলি লৈ জোঁৱাইজনক প্ৰহাৰ কৰিছিল। প্ৰহাৰৰ বৰ্বৰতা এনেকুৱা আছিল যে তেওঁক বেৰত খুন্দা মাৰিও, যেতিয়া তেওঁলোকে সন্তুষ্ট নহ’ল, তেতিয়া জোঁৱাইৰ ভৰিত ধৰি মাটিত পেলাই দিলে।


ভুক্তভোগী ৰোহিত নামৰ জোঁৱাইজনে তেওঁৰ পত্নীৰ আচৰণ ভাল নহয় বুলি অভিযোগ উত্থাপন কৰে। শেহতীয়াকৈ এগৰাকী অচিনাকি যুৱক তেওঁৰ ঘৰলৈ আহিছিল, সেই লোকজনক ৰোহিতে খেদি পঠিয়াইছিল। এই কথা শহুৰেকৰ ঘৰে গম পোৱাত তেওঁলোকৰ খং উঠিল। নিশা শহুৰৰ ঘৰৰ ৭ জন লোক তেওঁৰ ঘৰত উপস্থিত হয় আৰু মাৰাত্মকভাৱে আক্ৰমণ কৰে।


সমগ্ৰ ঘটনাটো স্থানীয় অঞ্চলটোৰ চিচিটিভি কেমেৰাত বন্দী হৈছে। সম্প্ৰতি আৰক্ষীয়ে ভুক্তভোগীৰ অভিযোগ অনুসৰি তদন্ত অব্যাহত ৰাখিছে । এই তথ্য আৰক্ষীয়ে এক্স হেণ্ডেলৰ জৰিয়তে দিছে। গোচৰটোত ৰোহিতে (ভুক্তভোগী) কয়- ''মোৰ পত্নীৰ চৰিত্ৰ বেয়া, এজন অচিনাকি ব্যক্তিয়ে তেওঁক লগ কৰিবলৈ আহিছিল, মই বাধা দিয়া কাৰণে শহুৰৰ পৰিয়ালে মোক মাৰপিট কৰিছে।''


FOLLOW US F
POPULAR
FEATURE
TRENDY
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ