--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এজন জোঁৱাই ইমানেই দুৰ্ভগীয়া ওলাল যে তেওঁ শহুৰেকৰ ঘৰত নিৰ্মম প্ৰহাৰৰ সন্মুখীন হ'ল।

ডিজিটেল ডেস্কঃ এটা শহুৰেকৰ পৰিয়ালৰ নৃশংসতাৰ কাহিনী পোহৰলৈ আহিছে। আমাৰ ভাৰতীয় সমাজত জোঁৱাইৰ আদৰ-সাদৰ অতি বেছি। জোঁৱাই আহিছে বুলিলেই শহুৰেকৰ ঘৰৰ মানুহৰ গা সাতখন-আঠখন হয়। কিন্তু এজন জোঁৱাই ইমানেই দুৰ্ভগীয়া ওলাল যে তেওঁ শহুৰেকৰ ঘৰত নিৰ্মম প্ৰহাৰৰ সন্মুখীন হ'ল। 


এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ বাঘপাটত। অভিযোগ অনুসৰি, তেওঁ তেওঁৰ পত্নীক ‘অচিনাকি বন্ধু’ৰ সৈতে হলিগলি কৰাত বাধা দিছিল। সেই কথাতে তেওঁক নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল শহুৰৰ ঘৰে। জোঁৱাইক ইমানেই বেয়াকৈ কৰিলে প্ৰহাৰ কৰিছিল যে তেওঁৰ মুখখন তেজেৰে লুতুৰি-পুতুৰি হৈ পৰিছিল আৰু তেওঁৰ চিঞৰবোৰ গোটেই ৰাস্তাটোত প্ৰতিধ্বনিত হৈছিল। 


এই ঘটনাৰ চিচিটিভি ফুটেজো ওলাইছে, য’ত মাত্ৰ ২৫ ছেকেণ্ডত ৩৫টা ঘোচা মৰা দেখিবলৈ পোৱা গৈছে। এজন যুৱকে অবিৰতভাৱে জোঁৱাইৰ মুখত ঘোচা মাৰি থকাৰ বিপৰীতে আনজনে মাটিৰ পৰা শিল তুলি লৈ জোঁৱাইজনক প্ৰহাৰ কৰিছিল। প্ৰহাৰৰ বৰ্বৰতা এনেকুৱা আছিল যে তেওঁক বেৰত খুন্দা মাৰিও, যেতিয়া তেওঁলোকে সন্তুষ্ট নহ’ল, তেতিয়া জোঁৱাইৰ ভৰিত ধৰি মাটিত পেলাই দিলে।


ভুক্তভোগী ৰোহিত নামৰ জোঁৱাইজনে তেওঁৰ পত্নীৰ আচৰণ ভাল নহয় বুলি অভিযোগ উত্থাপন কৰে। শেহতীয়াকৈ এগৰাকী অচিনাকি যুৱক তেওঁৰ ঘৰলৈ আহিছিল, সেই লোকজনক ৰোহিতে খেদি পঠিয়াইছিল। এই কথা শহুৰেকৰ ঘৰে গম পোৱাত তেওঁলোকৰ খং উঠিল। নিশা শহুৰৰ ঘৰৰ ৭ জন লোক তেওঁৰ ঘৰত উপস্থিত হয় আৰু মাৰাত্মকভাৱে আক্ৰমণ কৰে।


সমগ্ৰ ঘটনাটো স্থানীয় অঞ্চলটোৰ চিচিটিভি কেমেৰাত বন্দী হৈছে। সম্প্ৰতি আৰক্ষীয়ে ভুক্তভোগীৰ অভিযোগ অনুসৰি তদন্ত অব্যাহত ৰাখিছে । এই তথ্য আৰক্ষীয়ে এক্স হেণ্ডেলৰ জৰিয়তে দিছে। গোচৰটোত ৰোহিতে (ভুক্তভোগী) কয়- ''মোৰ পত্নীৰ চৰিত্ৰ বেয়া, এজন অচিনাকি ব্যক্তিয়ে তেওঁক লগ কৰিবলৈ আহিছিল, মই বাধা দিয়া কাৰণে শহুৰৰ পৰিয়ালে মোক মাৰপিট কৰিছে।''


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক