--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এক শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে একে পৰিয়ালৰ ৫ জন সদস্যই। শুকুৰবাৰে পুৱাই সংঘটিত হৈছে এই দুখজনক ঘটনা। পশ্চিমবংগৰ বৰ্ধমানত কামনাৰা অঞ্চলত সংঘটিত হৈছে এই মৰ্মান্তিক পথ দুৰ্ঘটনাটো। মৃতসকলৰ ভিতৰত দুটা শিশুসহ দুগৰাকী মহিলাও আছিল। পৰিয়ালৰ সূত্ৰই জনোৱা মতে বৰ্ধমানৰ পৰা এখন স্কৰপিঅ' গাড়ীৰে মুৰ্ছিদাবাদৰ ঘৰলৈ উভতি অহাৰ সময়তে দুৰ্ঘটনাটো সংঘটিত হয়।

স্কৰপিঅ' গাড়ীখন আৰু এখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ হয়। এই সংঘৰ্ষত স্কৰপিঅ'খনত থকা একে পৰিয়ালৰ পাঁচজন লোকৰ ঘটনাস্থলীতে মৃত্যু হয়। আৰক্ষী উপস্থিত হৈ মৃতদেহকেইটা উদ্ধাৰ কৰে। গাড়ীখনত মুঠ ১১ জন লোক আছিল। আহত সকলক হাস্পতালত ভৰ্তি কৰা হৈছে। আৰক্ষীয়ে দুৰ্ঘটনাটোৰ কাৰণ অনুসন্ধান কৰি আছে।

আৰু পঢ়কঃ বিয়াৰ দিনা মেগী খোৱাত ব্যস্ত কইনা! ক’লে, ‘দৰাই অপেক্ষা কৰক’!

নিয়ন্ত্ৰণ হেৰুওৱাৰ বাবে দুৰ্ঘটনাটো সংঘটিত হৈছিল নেকি সেয়াও অনুসন্ধান কৰা হৈছে। কুঁৱলীৰ বাবে পুৱাৰ ভাগত মাজে মাজে দুৰ্ঘটনা সংঘটিত হোৱাৰ বাতৰি পোহৰলৈ আহে। আৰক্ষীয়ে ঘটনাটোৰ তদন্ত কৰি আছে। গাড়ীখনত থকা আটাইকেইজন মুৰ্ছিদাবাদৰ বাসিন্দা বুলি জানিব পৰা গৈছে। একেটা পৰিয়ালৰ পাঁচজন সদস্যৰ মৃত্যু হোৱাত সমগ্ৰ অঞ্চলটোৱে গভীৰ শোক প্ৰকাশ কৰিছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক