--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এক শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে একে পৰিয়ালৰ ৫ জন সদস্যই। শুকুৰবাৰে পুৱাই সংঘটিত হৈছে এই দুখজনক ঘটনা। পশ্চিমবংগৰ বৰ্ধমানত কামনাৰা অঞ্চলত সংঘটিত হৈছে এই মৰ্মান্তিক পথ দুৰ্ঘটনাটো। মৃতসকলৰ ভিতৰত দুটা শিশুসহ দুগৰাকী মহিলাও আছিল। পৰিয়ালৰ সূত্ৰই জনোৱা মতে বৰ্ধমানৰ পৰা এখন স্কৰপিঅ' গাড়ীৰে মুৰ্ছিদাবাদৰ ঘৰলৈ উভতি অহাৰ সময়তে দুৰ্ঘটনাটো সংঘটিত হয়।

স্কৰপিঅ' গাড়ীখন আৰু এখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ হয়। এই সংঘৰ্ষত স্কৰপিঅ'খনত থকা একে পৰিয়ালৰ পাঁচজন লোকৰ ঘটনাস্থলীতে মৃত্যু হয়। আৰক্ষী উপস্থিত হৈ মৃতদেহকেইটা উদ্ধাৰ কৰে। গাড়ীখনত মুঠ ১১ জন লোক আছিল। আহত সকলক হাস্পতালত ভৰ্তি কৰা হৈছে। আৰক্ষীয়ে দুৰ্ঘটনাটোৰ কাৰণ অনুসন্ধান কৰি আছে।

আৰু পঢ়কঃ বিয়াৰ দিনা মেগী খোৱাত ব্যস্ত কইনা! ক’লে, ‘দৰাই অপেক্ষা কৰক’!

নিয়ন্ত্ৰণ হেৰুওৱাৰ বাবে দুৰ্ঘটনাটো সংঘটিত হৈছিল নেকি সেয়াও অনুসন্ধান কৰা হৈছে। কুঁৱলীৰ বাবে পুৱাৰ ভাগত মাজে মাজে দুৰ্ঘটনা সংঘটিত হোৱাৰ বাতৰি পোহৰলৈ আহে। আৰক্ষীয়ে ঘটনাটোৰ তদন্ত কৰি আছে। গাড়ীখনত থকা আটাইকেইজন মুৰ্ছিদাবাদৰ বাসিন্দা বুলি জানিব পৰা গৈছে। একেটা পৰিয়ালৰ পাঁচজন সদস্যৰ মৃত্যু হোৱাত সমগ্ৰ অঞ্চলটোৱে গভীৰ শোক প্ৰকাশ কৰিছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন