--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছমাহ পূৰ্বে মৃত্যু হৈছিল স্বামীৰ। এই আকস্মিক ঘটনাত স্বাভাৱিকতে ভাঙি পৰিল পত্নী। কিন্তু লণ্ডনৰ বাসিন্দা ৫৪ বছৰীয়া জ’ মেথিউছ নামৰ মহিলাগৰাকীয়ে মৃত স্বামীৰ বন্ধুৰ মাজতে নিজৰ প্ৰিয়জনৰ ছাঁ বিচাৰি পালে।


গতিকে তেওঁ স্বামীৰ বন্ধুৰ স’তেই জীৱনৰ দ্বিতীয় অধ্যায় আৰম্ভ কৰিবলৈ ওলাইছে। নতুন সম্পৰ্কটোক লৈ জ’ মেথিউছে সমালোচনাও শুনিবলগীয়া হৈছিল। শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত মহিলাগৰাকীয়ে নিজৰ জীৱন কাহিনীৰ বিষয়ে স্পষ্টভাৱে প্ৰকাশ কৰিছে।

২০০৪ চনত জ’ই কিথ মেথিউছৰ সৈতে বিবাহপাশত আবদ্ধ হয়। দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্কৰ অন্তত দুয়োৰে বিয়া হ'ল। বৈবাহিক সম্পৰ্কটো বৰ ভালকৈয়ে চলি আছিল। বিবাহৰ ১২ বছৰ পিছত কিথৰ আন্ত্ৰিক কৰ্কট ৰোগ ধৰা পৰে। এনে হঠাৎ দুৰ্যোগ কেনেকৈ চম্ভালিব পাৰি দম্পতিহালে বুজি নাপালে। প্ৰেমত পৰি বিয়া কৰাইছিল বাবে নিজৰ নিজৰ পৰিয়াল দুটাৰ পৰাও কোনো  সহাৰি নাপালে। সেই সময়তে কিথৰ বন্ধু ষ্টিফেনে সহায় কৰিবলৈ হাত আগবঢ়াইছিল। চিকিৎসালয়ত ভৰ্তি হোৱাৰ পৰা অস্ত্ৰোপচাৰৰ বাবে ধন সংগ্ৰহ কৰালৈকে ষ্টিফেন দম্পতিহালৰ কাষত আছিল।

চিকিৎসকে কয় যে কিথে চিকিৎসাৰ প্ৰতি ভাল সঁহাৰি দিছিল। সোনকালে আৰোগ্য হোৱাৰ আশা কৰা হৈছিল। কিন্তু শেষত মৃত্যু হয় কিথৰ।

কিথৰ মৃত্যুৰ পিছত জ’ অকলশৰীয়া ৰৈ গ’ল। তেওঁলোক সন্তানহীন আছিল। ফলত আঁকোৱালি ল’ব পৰা আৰু জীয়াই থাকিবলৈ কোনো নাছিল। কিন্তু ষ্টিফেনে কিথক চিকিৎসাৰ সময়ত যিদৰে সহায় কৰিছিল, জ’য়ে স্বামীৰ মৃত্যুৰ পিছতো ষ্টিফেনক কাষত পাইছিল। লাহে লাহে দুয়োৰে মাজত বন্ধুত্ব গঢ় লৈ উঠিল।

ষ্টিফেনে কেতিয়াও বিয়া কৰা নাছিল। গতিকে তেওঁ প্ৰথমে বিয়াৰ প্ৰস্তাৱ দিছিল। জ’ও মান্তি হ’ল। কিথৰ মৃত্যুৰ পিছত ষ্টিফেনে তাইৰ যত্ন লোৱাৰ ধৰণটোৱে প্ৰায়ে জ’ক এনে অনুভৱ কৰাইছে যেন কিথ এতিয়াও তাইৰ লগত আছে। গতিকে ষ্টিফেনৰ প্ৰস্তাৱৰ সহাৰি দিয়ে। নতুন জীৱন আৰম্ভ কৰাৰ কথাও তেওঁ কটুক্তি শুনিবলগীয়া হোৱা নাছিল। কিন্তু সেইবোৰ একো গুৰুত্ব নিদিলে।

জ’ইৰ ভাষাত "মই জানো যে মই একো ভুল কৰা নাই। ষ্টিফেনৰ মাজত কিথৰ ছাঁ এটা দেখা পাওঁ। কিথে বিচাৰিছিল যাতে মই সুখী হওঁ। বৰ্তমান জীৱনৰ দ্বিতীয় ইনিংছৰ বাবে প্ৰস্তুতি চলাইছো।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বৰ সৰ্ববৃহৎ অর্থনীতিসমূহৰ তালিকাত ষষ্ঠ স্থানলৈ অৱনমিত ভাৰত
আভ্যন্তৰীণ সংঘর্ষ-প্রতিবাদে চৰম পর্যায় পাইছে পাকিস্তানত
লোকসভাত শিক্ষা মন্ত্ৰ্যালয়ৰ তথ্যত প্ৰকাশ; এবছৰত দেশৰ ১০ হাজাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয় বন্ধ
মুকালমুৱাত শোকৰ বন্যা! নাগাৰা নামৰ পাঠিকা প্ৰতীক্ষা বৰ্মনৰ চৰম সিদ্ধান্ত
জৰ্জিনা ৰ’ড্ৰিগেজৰ সৈতে বিবাহপাশত আবদ্ধ ‘CR7’
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ