--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছমাহ পূৰ্বে মৃত্যু হৈছিল স্বামীৰ। এই আকস্মিক ঘটনাত স্বাভাৱিকতে ভাঙি পৰিল পত্নী। কিন্তু লণ্ডনৰ বাসিন্দা ৫৪ বছৰীয়া জ’ মেথিউছ নামৰ মহিলাগৰাকীয়ে মৃত স্বামীৰ বন্ধুৰ মাজতে নিজৰ প্ৰিয়জনৰ ছাঁ বিচাৰি পালে।


গতিকে তেওঁ স্বামীৰ বন্ধুৰ স’তেই জীৱনৰ দ্বিতীয় অধ্যায় আৰম্ভ কৰিবলৈ ওলাইছে। নতুন সম্পৰ্কটোক লৈ জ’ মেথিউছে সমালোচনাও শুনিবলগীয়া হৈছিল। শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত মহিলাগৰাকীয়ে নিজৰ জীৱন কাহিনীৰ বিষয়ে স্পষ্টভাৱে প্ৰকাশ কৰিছে।

২০০৪ চনত জ’ই কিথ মেথিউছৰ সৈতে বিবাহপাশত আবদ্ধ হয়। দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্কৰ অন্তত দুয়োৰে বিয়া হ'ল। বৈবাহিক সম্পৰ্কটো বৰ ভালকৈয়ে চলি আছিল। বিবাহৰ ১২ বছৰ পিছত কিথৰ আন্ত্ৰিক কৰ্কট ৰোগ ধৰা পৰে। এনে হঠাৎ দুৰ্যোগ কেনেকৈ চম্ভালিব পাৰি দম্পতিহালে বুজি নাপালে। প্ৰেমত পৰি বিয়া কৰাইছিল বাবে নিজৰ নিজৰ পৰিয়াল দুটাৰ পৰাও কোনো  সহাৰি নাপালে। সেই সময়তে কিথৰ বন্ধু ষ্টিফেনে সহায় কৰিবলৈ হাত আগবঢ়াইছিল। চিকিৎসালয়ত ভৰ্তি হোৱাৰ পৰা অস্ত্ৰোপচাৰৰ বাবে ধন সংগ্ৰহ কৰালৈকে ষ্টিফেন দম্পতিহালৰ কাষত আছিল।

চিকিৎসকে কয় যে কিথে চিকিৎসাৰ প্ৰতি ভাল সঁহাৰি দিছিল। সোনকালে আৰোগ্য হোৱাৰ আশা কৰা হৈছিল। কিন্তু শেষত মৃত্যু হয় কিথৰ।

কিথৰ মৃত্যুৰ পিছত জ’ অকলশৰীয়া ৰৈ গ’ল। তেওঁলোক সন্তানহীন আছিল। ফলত আঁকোৱালি ল’ব পৰা আৰু জীয়াই থাকিবলৈ কোনো নাছিল। কিন্তু ষ্টিফেনে কিথক চিকিৎসাৰ সময়ত যিদৰে সহায় কৰিছিল, জ’য়ে স্বামীৰ মৃত্যুৰ পিছতো ষ্টিফেনক কাষত পাইছিল। লাহে লাহে দুয়োৰে মাজত বন্ধুত্ব গঢ় লৈ উঠিল।

ষ্টিফেনে কেতিয়াও বিয়া কৰা নাছিল। গতিকে তেওঁ প্ৰথমে বিয়াৰ প্ৰস্তাৱ দিছিল। জ’ও মান্তি হ’ল। কিথৰ মৃত্যুৰ পিছত ষ্টিফেনে তাইৰ যত্ন লোৱাৰ ধৰণটোৱে প্ৰায়ে জ’ক এনে অনুভৱ কৰাইছে যেন কিথ এতিয়াও তাইৰ লগত আছে। গতিকে ষ্টিফেনৰ প্ৰস্তাৱৰ সহাৰি দিয়ে। নতুন জীৱন আৰম্ভ কৰাৰ কথাও তেওঁ কটুক্তি শুনিবলগীয়া হোৱা নাছিল। কিন্তু সেইবোৰ একো গুৰুত্ব নিদিলে।

জ’ইৰ ভাষাত "মই জানো যে মই একো ভুল কৰা নাই। ষ্টিফেনৰ মাজত কিথৰ ছাঁ এটা দেখা পাওঁ। কিথে বিচাৰিছিল যাতে মই সুখী হওঁ। বৰ্তমান জীৱনৰ দ্বিতীয় ইনিংছৰ বাবে প্ৰস্তুতি চলাইছো।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
অসমৰ যুৱকৰ থাইলেণ্ডত ৰহস্যজনক মৃত্যু
খালী পেটত কেঁচা নহৰু খালে নানা উপকাৰ পোৱা যায়! জানি লওক সৱিশেষ
নিতৌ চুৰিকাণ্ডৰে ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চোৰৰ দলক গ্ৰেপ্তাৰ মঙলদৈ আৰক্ষীৰ
গোৱালপাৰা আৰক্ষীৰ সফলতা! তিনিটা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
চীন-ভাৰতে মিলি শক্তিশালী কৰিব এছিয়াক
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি