--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত প্ৰায় ডেৰ শতিকাৰ ‘ অভিশাপ’ শেষ হ’ল। ১৩৮ বছৰৰ পাছত আমেৰিকান পৰিয়ালত এগৰাকী কন্যা সন্তানৰ জন্ম হয়। দুসপ্তাহ পূৰ্বে আমেৰিকাৰ দম্পতী এণ্ড্ৰু আৰু কেৰ’লিন ক্লাৰ্কে এটি কন্যাসন্তানক আদৰণি জনাইছে। ছোৱালীজনীৰ নাম ৰখা হৈছে অড্ৰে।

কন্যা সন্তানৰ জন্মই ক্লাৰ্কৰ ঘৰখনত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে। ইয়াৰ পূৰ্বে ১৮৮৫ চনত ক্লাৰ্ক পৰিয়ালত এগৰাকী কন্যা সন্তানৰ জন্ম হৈছিল। তাৰপাছৰে পৰা কন্যাসন্তানৰ মুখ দেখা নাছিল পৰিয়ালটোৱে৷
 
সংবাদ মাধ্যমক এণ্ড্ৰুৱে কয় যে এগৰাকী কন্যা সন্তানৰ জন্ম গোটেই পৰিয়ালটোৰ বাবে এক আচৰিত কথা৷

ইয়াৰ উপৰিও কেৰ’লিন ক্লাৰ্কে কয়- ‘‘দহ বছৰ আগতে যেতিয়া এণ্ড্ৰুৰ লগত ডেটিং আৰম্ভ কৰিছিল তেতিয়া এণ্ড্ৰুৱে তেওঁক পৰিয়ালৰ এই ‘অভিশাপ’ৰ কথা কৈছিল। এণ্ড্ৰুৱে কেৰ’লিনক জনাইছিল যে ১৮৮৫ চনৰ পিছত তেওঁলোকৰ পৰিয়ালত কোনো কন্যা সন্তান জন্ম হোৱা নাই। এণ্ড্ৰুৱে যেতিয়া মোক এই কথা কৈছিল, তেতিয়া মই বিশ্বাস কৰিব পৰা নাছিলো। কিন্তু বিয়াৰ পিছত তাৰ পৰিয়ালৰ পৰাও একেই কথা শুনিবলৈ পাওঁ। মোৰ অন্তৰত কামনা কৰিলোঁ যে মোৰ গৰ্ভত কন্যা সন্তান জন্ম হওক।’’

এণ্ড্ৰু আৰু কেৰ’লিনৰ এটা পাঁচ বছৰীয়া পুত্ৰও আছে। ইয়াৰ পিছত ২০২১ চনত কেৰ’লিন গৰ্ভৱতী হয়। কিন্তু বিভিন্ন সমস্যাৰ বাবে ভ্ৰূণ ধ্বংস হয়। যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত কেৰ’লিন পুনৰ গৰ্ভৱতী হৈছিল। তাৰ পিছত আহিল ভাল খবৰ।

কেৰ’লিনে কয় যে তেওঁলোকৰ জীৱনত কন্যাৰ আগমন চন্দ্ৰৰ দৰে। সংবাদ মাধ্যমৰ আগত তেওঁ শিশুটি সুস্থ বুলিও কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস