--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত প্ৰায় ডেৰ শতিকাৰ ‘ অভিশাপ’ শেষ হ’ল। ১৩৮ বছৰৰ পাছত আমেৰিকান পৰিয়ালত এগৰাকী কন্যা সন্তানৰ জন্ম হয়। দুসপ্তাহ পূৰ্বে আমেৰিকাৰ দম্পতী এণ্ড্ৰু আৰু কেৰ’লিন ক্লাৰ্কে এটি কন্যাসন্তানক আদৰণি জনাইছে। ছোৱালীজনীৰ নাম ৰখা হৈছে অড্ৰে।

কন্যা সন্তানৰ জন্মই ক্লাৰ্কৰ ঘৰখনত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে। ইয়াৰ পূৰ্বে ১৮৮৫ চনত ক্লাৰ্ক পৰিয়ালত এগৰাকী কন্যা সন্তানৰ জন্ম হৈছিল। তাৰপাছৰে পৰা কন্যাসন্তানৰ মুখ দেখা নাছিল পৰিয়ালটোৱে৷
 
সংবাদ মাধ্যমক এণ্ড্ৰুৱে কয় যে এগৰাকী কন্যা সন্তানৰ জন্ম গোটেই পৰিয়ালটোৰ বাবে এক আচৰিত কথা৷

ইয়াৰ উপৰিও কেৰ’লিন ক্লাৰ্কে কয়- ‘‘দহ বছৰ আগতে যেতিয়া এণ্ড্ৰুৰ লগত ডেটিং আৰম্ভ কৰিছিল তেতিয়া এণ্ড্ৰুৱে তেওঁক পৰিয়ালৰ এই ‘অভিশাপ’ৰ কথা কৈছিল। এণ্ড্ৰুৱে কেৰ’লিনক জনাইছিল যে ১৮৮৫ চনৰ পিছত তেওঁলোকৰ পৰিয়ালত কোনো কন্যা সন্তান জন্ম হোৱা নাই। এণ্ড্ৰুৱে যেতিয়া মোক এই কথা কৈছিল, তেতিয়া মই বিশ্বাস কৰিব পৰা নাছিলো। কিন্তু বিয়াৰ পিছত তাৰ পৰিয়ালৰ পৰাও একেই কথা শুনিবলৈ পাওঁ। মোৰ অন্তৰত কামনা কৰিলোঁ যে মোৰ গৰ্ভত কন্যা সন্তান জন্ম হওক।’’

এণ্ড্ৰু আৰু কেৰ’লিনৰ এটা পাঁচ বছৰীয়া পুত্ৰও আছে। ইয়াৰ পিছত ২০২১ চনত কেৰ’লিন গৰ্ভৱতী হয়। কিন্তু বিভিন্ন সমস্যাৰ বাবে ভ্ৰূণ ধ্বংস হয়। যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত কেৰ’লিন পুনৰ গৰ্ভৱতী হৈছিল। তাৰ পিছত আহিল ভাল খবৰ।

কেৰ’লিনে কয় যে তেওঁলোকৰ জীৱনত কন্যাৰ আগমন চন্দ্ৰৰ দৰে। সংবাদ মাধ্যমৰ আগত তেওঁ শিশুটি সুস্থ বুলিও কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ জোঁৱাই ৰখাৰ পৰিণতি! খুলশালীৰ পত্নীক পলুৱাই লৈ গ'ল ভিনিহিয়েকে
সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ১০০ বছৰীয়া জন্ম বাৰ্ষিকী! ৰাজ্যজুৰি সোঁৱৰণ বিশ্ববন্দিত শিল্পীগৰাকীক
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
গোৱালপাৰা আৰক্ষীৰ সফলতা! তিনিটা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
চীন-ভাৰতে মিলি শক্তিশালী কৰিব এছিয়াক
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব