--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কথাতে আছে চৰণেহে জানে মৰণৰ ঠাই। কেতিয়া কাৰ বাবে ক’ত মৃত্যু ৰৈ থাকে সেয়া কোনেও ক’ব নোৱাৰে। ৰাস্তাৰে বন্ধুৰ সৈতে খোজকাঢ়ি গৈ থাকোঁতে এজন যুৱকে হঠাতে হাঁচি মাৰিলে। একেৰাহে দুবাৰ হাঁচি মৰাৰ পিছতে তেওঁ ৰাস্তাত বাগৰি পৰে। বন্ধুসকলে ভাবিছিল যে তেওঁলোকৰ সংগীয়ে উজুচি খাই   ৰাস্তাত পৰি গৈছে। কিন্তু যেতিয়া তেওঁলোকে যুৱক জনক তুলিবলৈ চেষ্টা কৰিলে তেতিয়াহে তেওঁলোকৰ হতবাক হোৱাৰ পাল।

বাকী বন্ধুসকলে পৰি যোৱা বন্ধুজনৰ হাত আৰু ভৰিৰ তলুৱা  ঘঁহি তেওঁক সুস্থ কৰি  তুলিবলৈ চেষ্টা কৰিছিল। কিন্তু তেওঁলোকে যুৱকজনৰ পৰা কোনো সঁহাৰি পোৱা নাছিল।  যুৱক কেইজনৰ বন্ধু কেইজনে উপাই নাপাই সহায় বিচাৰি   চিঞৰিবলৈ ধৰিলে ।চিঞৰি শুনি  চুবুৰীয়াৰ লোকসকল ঘটনাস্থলীলৈ দৌৰি আহিল। পৰি যোৱা যুৱকজনক লগে লগে চিকিৎসালয়লৈ লৈ যোৱা হ’ল। অৱশ্যে চিকিৎসকসকলে তেওঁক মৃত বুলি ঘোষণা কৰে। ঘটনাটো উত্তৰ প্ৰদেশৰ মিৰাটত সংঘটিত হৈছে। 

ঘটনাটোৰ এটা চিচিটিভিৰ ফুটেজ ইতিমধ্যে  ভাইৰেল হৈ পৰিছে। ফুটেজত  চাৰিজন যুৱকক ৰাস্তাত খোজকাঢ়ি থকা দেখা গৈছে। তেওঁলোকৰ এজনে হাঁচি মাৰিবলৈ দুয়োখন হাত নাকত হেঁচি ধৰিছিল। তাৰ পিছত তেওঁ ৰাস্তাত পৰি গৈছিল। 

স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি চাৰিজন বন্ধুৱে নিশা প্ৰায় ১১ বজাত ঘৰলৈ উভতিছিল। তেতিয়াই এই ঘটনা ঘটে। মৃতকৰ পৰিয়ালৰ মতে যুৱকজনৰ বুকুত মৃদু বিষ হৈ আছিল। তেওঁ এজন স্থানীয় চিকিৎসকৰ পৰা ঔষধো  আনি খাইছিল।চিকিৎসকৰ মতে যুৱকজনৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে। অৱশ্যে, মৰণোত্তৰ পৰীক্ষাৰ পিছত বিষয়টো স্পষ্ট হ’ব বুলি  আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু