--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কথাতে আছে চৰণেহে জানে মৰণৰ ঠাই। কেতিয়া কাৰ বাবে ক’ত মৃত্যু ৰৈ থাকে সেয়া কোনেও ক’ব নোৱাৰে। ৰাস্তাৰে বন্ধুৰ সৈতে খোজকাঢ়ি গৈ থাকোঁতে এজন যুৱকে হঠাতে হাঁচি মাৰিলে। একেৰাহে দুবাৰ হাঁচি মৰাৰ পিছতে তেওঁ ৰাস্তাত বাগৰি পৰে। বন্ধুসকলে ভাবিছিল যে তেওঁলোকৰ সংগীয়ে উজুচি খাই   ৰাস্তাত পৰি গৈছে। কিন্তু যেতিয়া তেওঁলোকে যুৱক জনক তুলিবলৈ চেষ্টা কৰিলে তেতিয়াহে তেওঁলোকৰ হতবাক হোৱাৰ পাল।

বাকী বন্ধুসকলে পৰি যোৱা বন্ধুজনৰ হাত আৰু ভৰিৰ তলুৱা  ঘঁহি তেওঁক সুস্থ কৰি  তুলিবলৈ চেষ্টা কৰিছিল। কিন্তু তেওঁলোকে যুৱকজনৰ পৰা কোনো সঁহাৰি পোৱা নাছিল।  যুৱক কেইজনৰ বন্ধু কেইজনে উপাই নাপাই সহায় বিচাৰি   চিঞৰিবলৈ ধৰিলে ।চিঞৰি শুনি  চুবুৰীয়াৰ লোকসকল ঘটনাস্থলীলৈ দৌৰি আহিল। পৰি যোৱা যুৱকজনক লগে লগে চিকিৎসালয়লৈ লৈ যোৱা হ’ল। অৱশ্যে চিকিৎসকসকলে তেওঁক মৃত বুলি ঘোষণা কৰে। ঘটনাটো উত্তৰ প্ৰদেশৰ মিৰাটত সংঘটিত হৈছে। 

ঘটনাটোৰ এটা চিচিটিভিৰ ফুটেজ ইতিমধ্যে  ভাইৰেল হৈ পৰিছে। ফুটেজত  চাৰিজন যুৱকক ৰাস্তাত খোজকাঢ়ি থকা দেখা গৈছে। তেওঁলোকৰ এজনে হাঁচি মাৰিবলৈ দুয়োখন হাত নাকত হেঁচি ধৰিছিল। তাৰ পিছত তেওঁ ৰাস্তাত পৰি গৈছিল। 

স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি চাৰিজন বন্ধুৱে নিশা প্ৰায় ১১ বজাত ঘৰলৈ উভতিছিল। তেতিয়াই এই ঘটনা ঘটে। মৃতকৰ পৰিয়ালৰ মতে যুৱকজনৰ বুকুত মৃদু বিষ হৈ আছিল। তেওঁ এজন স্থানীয় চিকিৎসকৰ পৰা ঔষধো  আনি খাইছিল।চিকিৎসকৰ মতে যুৱকজনৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে। অৱশ্যে, মৰণোত্তৰ পৰীক্ষাৰ পিছত বিষয়টো স্পষ্ট হ’ব বুলি  আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক