--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ বিতৰ্কতযৰ চাকনৈয়াত সোমাই পৰিছে যোগ গুৰু ৰামদেৱৰ পতঞ্জলি । সংস্থাটোৰ নতুন প্ৰচাৰে ঔষধৰ নীতি উলংঘা কৰাৰ লগতে এলোপেথিক ঔষধক ভুল প্ৰতিপন্ন কৰিব বিচাৰিছে বুলি গুৰুতৰ অভিযোগ উঠিছে। ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনে (আইএমএ)-এই এইবাৰ ৰামদেৱৰ বিৰুদ্ধে আদালতৰ কাষ চাপিবলৈ সিদ্ধান্ত লৈছে।

শেহতীয়াকৈ ৰামদেৱৰ কোম্পানীটোৱে প্ৰচাৰ কৰা এক বিজ্ঞাপনটোত দাবী কৰা হৈছে যে উচ্চ ৰক্তচাপ, থাইৰইড, হাপানি আৰু আনকি হৃদযন্ত্ৰৰ সমস্যাৰ দৰে দুৰাৰোগ্য ৰোগযোগ আয়ুৰ্বেদ আৰু 'নেচাৰোপেথি'ৰ জৰিয়তে আৰোগ্য কৰিব পাৰি। ৰামদেৱৰ এনে দাবীৰ পিছতে চিকিৎসকৰ সংগঠনটোৱে  কয় যে এই বিজ্ঞাপন সম্পূৰ্ণৰূপে অবৈজ্ঞানিক। ইয়াৰ কোনো ভিত্তি নাই। 

এনে প্ৰচাৰে  চিকিৎসা বিজ্ঞানৰ বিষয়ে সমাজলৈ এটা ভুল বাৰ্তা প্ৰেৰণ কৰিব।সেয়েহে, আই.এম.এ.-য়ে পতঞ্জলিৰ বিৰুদ্ধে খাদ্য আৰু ঔষধ নিয়ন্ত্ৰকৰ  ওচৰত অভিযোগ দাখিল কৰিবলৈ সিদ্ধান্ত লৈছে। বাবা ৰামদেৱে  এইবাৰেই প্ৰথম এনে প্ৰচাৰ চলোৱা নাই। ৰামদেৱৰ  পতঞ্জলীয়ে পূৰ্বে  কেইবাবাৰো বিতৰ্কৰ সন্মুখীন হৈছিল। আনকি কোম্পানীটোৰ বিৰুদ্ধে আদালতত গোচৰো চলিছিল। 

কোভিড অতিমাৰীৰ মাজতে  ৰামদেৱে দাবী কৰিছিল যে তেওঁৰ কোম্পানীৰ আয়ুৰ্বেদিক ঔষধ 'কৰোনিল'  কোভিড ভাইৰাছৰ বিৰুদ্ধে মানুহক সম্পূৰ্ণৰূপে সুৰক্ষা দিবলৈ সক্ষম। কেৱল সেয়াই নহয় ৰামদেৱে কোভিড ভেকছিন আৰু ইয়াৰ কাৰ্যকৰীতাৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছিল। তেওঁ দাবী কৰিছিল যে দুটা কোভিড-১৯ ভেকছিন লাভ কৰাৰ পিছত ভাৰতত কেইবাজনো চিকিৎসকৰ মৃত্যু হৈছে। ইয়াৰ পিছত এলোপেথি চিকিৎসাক তেওঁ 'মূৰ্খ' বুলি  মন্তব্য কৰিছিল। 

ইয়াৰ পিছতে চিকিৎসক সংগঠনবোৰে ৰামদেৱৰ বিৰুদ্ধে মাত মাতিছিল। উচ্চতম ন্যায়ালয়ত ৰামদেৱৰ বিৰুদ্ধে গোচৰ তৰা হৈছিল। শীৰ্ষ ন্যায়ালয়ে এই গোচৰটোত ৰামদেৱ আৰু তেওঁৰ কোম্পানীক সতৰ্ক কৰি দিছিল আৰু কৈছিল যে কোম্পানীটোৱে কেৱল  আয়ুৰ্বেদৰ প্ৰচাৰহে  কৰিব পাৰে। কিন্তু তেওঁৰ বাবে আন চিকিৎসা বিজ্ঞান বা পদ্ধতিৰ সমালোচনা কৰিব নোৱাৰিব। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক