--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ বিতৰ্কতযৰ চাকনৈয়াত সোমাই পৰিছে যোগ গুৰু ৰামদেৱৰ পতঞ্জলি । সংস্থাটোৰ নতুন প্ৰচাৰে ঔষধৰ নীতি উলংঘা কৰাৰ লগতে এলোপেথিক ঔষধক ভুল প্ৰতিপন্ন কৰিব বিচাৰিছে বুলি গুৰুতৰ অভিযোগ উঠিছে। ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনে (আইএমএ)-এই এইবাৰ ৰামদেৱৰ বিৰুদ্ধে আদালতৰ কাষ চাপিবলৈ সিদ্ধান্ত লৈছে।

শেহতীয়াকৈ ৰামদেৱৰ কোম্পানীটোৱে প্ৰচাৰ কৰা এক বিজ্ঞাপনটোত দাবী কৰা হৈছে যে উচ্চ ৰক্তচাপ, থাইৰইড, হাপানি আৰু আনকি হৃদযন্ত্ৰৰ সমস্যাৰ দৰে দুৰাৰোগ্য ৰোগযোগ আয়ুৰ্বেদ আৰু 'নেচাৰোপেথি'ৰ জৰিয়তে আৰোগ্য কৰিব পাৰি। ৰামদেৱৰ এনে দাবীৰ পিছতে চিকিৎসকৰ সংগঠনটোৱে  কয় যে এই বিজ্ঞাপন সম্পূৰ্ণৰূপে অবৈজ্ঞানিক। ইয়াৰ কোনো ভিত্তি নাই। 

এনে প্ৰচাৰে  চিকিৎসা বিজ্ঞানৰ বিষয়ে সমাজলৈ এটা ভুল বাৰ্তা প্ৰেৰণ কৰিব।সেয়েহে, আই.এম.এ.-য়ে পতঞ্জলিৰ বিৰুদ্ধে খাদ্য আৰু ঔষধ নিয়ন্ত্ৰকৰ  ওচৰত অভিযোগ দাখিল কৰিবলৈ সিদ্ধান্ত লৈছে। বাবা ৰামদেৱে  এইবাৰেই প্ৰথম এনে প্ৰচাৰ চলোৱা নাই। ৰামদেৱৰ  পতঞ্জলীয়ে পূৰ্বে  কেইবাবাৰো বিতৰ্কৰ সন্মুখীন হৈছিল। আনকি কোম্পানীটোৰ বিৰুদ্ধে আদালতত গোচৰো চলিছিল। 

কোভিড অতিমাৰীৰ মাজতে  ৰামদেৱে দাবী কৰিছিল যে তেওঁৰ কোম্পানীৰ আয়ুৰ্বেদিক ঔষধ 'কৰোনিল'  কোভিড ভাইৰাছৰ বিৰুদ্ধে মানুহক সম্পূৰ্ণৰূপে সুৰক্ষা দিবলৈ সক্ষম। কেৱল সেয়াই নহয় ৰামদেৱে কোভিড ভেকছিন আৰু ইয়াৰ কাৰ্যকৰীতাৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছিল। তেওঁ দাবী কৰিছিল যে দুটা কোভিড-১৯ ভেকছিন লাভ কৰাৰ পিছত ভাৰতত কেইবাজনো চিকিৎসকৰ মৃত্যু হৈছে। ইয়াৰ পিছত এলোপেথি চিকিৎসাক তেওঁ 'মূৰ্খ' বুলি  মন্তব্য কৰিছিল। 

ইয়াৰ পিছতে চিকিৎসক সংগঠনবোৰে ৰামদেৱৰ বিৰুদ্ধে মাত মাতিছিল। উচ্চতম ন্যায়ালয়ত ৰামদেৱৰ বিৰুদ্ধে গোচৰ তৰা হৈছিল। শীৰ্ষ ন্যায়ালয়ে এই গোচৰটোত ৰামদেৱ আৰু তেওঁৰ কোম্পানীক সতৰ্ক কৰি দিছিল আৰু কৈছিল যে কোম্পানীটোৱে কেৱল  আয়ুৰ্বেদৰ প্ৰচাৰহে  কৰিব পাৰে। কিন্তু তেওঁৰ বাবে আন চিকিৎসা বিজ্ঞান বা পদ্ধতিৰ সমালোচনা কৰিব নোৱাৰিব। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু